মই নিজৰ ইচ্ছামতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছো…নিৰুদ্দেশ হৈ থকা হিন্দু যুৱতীৰ ভিডিঅ’ ভাইৰেল…
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এজন যুৱক আৰু এগৰাকী যুৱতীৰ ভিডিঅ'। য'ত যুৱতীগৰাকীয়ে কৈছে যে, তেওঁ নিজৰ ইচ্ছামতে পলাই গৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে।

আজিকালি প্ৰেমৰ লগত জড়িত বিভিন্ন ধৰণ ঘটনা পোহৰলৈ আছে। এনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। এহাল প্ৰেমিক প্ৰেমিকাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভিডিঅ’টোত যুৱতীগৰাকীয়ে স্পষ্টকৈ কৈছে যে, তেওঁ নিজৰ ইচ্ছামতে নাছিম নামৰ এজন যুৱকৰ সৈতে পলাই গৈছে আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, তেওঁৰ পৰিয়ালে বলপূৰ্বকভাৱে এজন আদ-বয়সীয়া লোকৰ সৈতে বিয়া দিব বিচৰিছিল। কিন্তু তাত মান্তি হোৱা নাছিল তেওঁ। লগতে ভিডিঅ’টোত যুৱতীগৰাকীয়ে নাছিম বা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আহ্বান জনায়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাত।
এই যুৱতীগৰাকীয়ে মুৰাদাবাদৰ মুস্তাফাপুৰ বদেদা গাঁৱৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’টোত তেওঁ নিজৰ নাম তনিষা কুমাৰী, পিতৃৰ নাম ব্ৰহ্মপাল সিং, আৰু মাতৃৰ নাম নীলা দেৱী বুলি উল্লেখ কৰিছে। তেওঁ কৈছে যে, সম্পূৰ্ণ নিজৰ ইচ্ছাত তেওঁ একে গাঁৱৰে নাছিমৰ সৈতে পলাই গৈ বিয়া পাতিছে । ইয়াৰোপৰি কয় যে,তেওঁক কোনো ধৰণৰ হেঁচা, অত্যাচাৰ বা অপহৰণ কৰা হোৱা নাই। সম্পূৰ্ণ নিজৰ ইচ্ছামতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে।
ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰ লোক অভিযোগ উত্থাপন কৰে যে, যুৱতীগৰাকীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। এই সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে। য’ত উল্লেখ কৰিছে যে ২২ বছৰীয়া যুৱতীগৰাকীক বিভিন্ন প্ৰলোভন দি যুৱকজনে লৈ গৈছে। এই সমগ্ৰ বিষয় পোহৰলৈ অহাৰ পাছত বজৰং দলৰ কৰ্মীসকলে থানাত উপস্থিত হৈ হুলস্থুলৰ সৃষ্টি কৰি এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক আকাশ সিঙে কয় যে বিষয়টোৰ তদন্ত চলি আছে। ভিডিঅ’টোৰ সত্যতা আৰু কিশোৰীগৰাকীৰ স্থান সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিষয়টো স্পৰ্শকাতৰ, গতিকে গুৰুত্ব সহকাৰে লোৱা হৈছে। তেওঁ কয় যে, কিছুদিন পূৰ্বে এগৰাকী ২২ বছৰীয়া যুৱতীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল। য’ত উল্লেখ কৰিছিল, তেওঁলোকৰ কন্যা মুৰাদাবাদৰ পৰা নিৰুদ্দেশ হৈছে। বৰ্তমান যুৱতীগৰাকীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। গতিকে যুৱতীগৰাকী উদ্ধাৰৰ পাছত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ আলফা(স্বা)ৰ শিবিৰত কৰা আক্ৰমণত জড়িত আছে নেকি অসম আৰক্ষী? স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই…