শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
China Dam: চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ ‘মেডগ বান্ধ’, শংকা প্ৰকাশ পেমা খাণ্ডুৰ

China Dam: চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ ‘মেডগ বান্ধ’, শংকা প্ৰকাশ পেমা খাণ্ডুৰ

Manas Borah
Manas Borah | Published: 12 Jul 2025 20:29 PM

৬০ হাজাৰ মেগাৱাটৰ এই জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ গোপনে ৰাখিছে চীনে। চীনৰ এই সৰ্ববৃহৎ নদী বান্ধটোৱে ভাৰতৰ নিৰাপত্তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। একে সময়তে এই নদী বান্ধটোত লৈ শংকা প্ৰকাশ কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

অৰুণাচল প্ৰদেশৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত ! বেইজিঙে নিৰ্মাণ কৰিছে বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ মেডগ নদী বান্ধ। এই বান্ধ নিৰ্মাণৰ বাবে বেইজিঙে ব্যয় কৰিব ১৩৭ বিলিয়ন ডলাৰ। এই বান্ধটো তিব্বতৰ য়াৰলুং চাংপোৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ৬০ হাজাৰ মেগাৱাটৰ এই জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ গোপনে ৰাখিছে চীনে। চীনৰ এই সৰ্ববৃহৎ নদী বান্ধটোৱে ভাৰতৰ নিৰাপত্তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। একে সময়তে এই নদী বান্ধটোত লৈ শংকা প্ৰকাশ কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

পেমা খাণ্ডুৱে এই বান্ধটোক ‘জল বোমা’ৰ সৈতে তুলনা কৰিছে। চাংপো নদী ভাৰতৰ হৈ বাংলাদেশলৈকে বৈ গৈছে। এই নদীখনক অৰুণাচলত ছিয়াং আৰু অসমত ব্ৰহ্মপুত্ৰ নামেৰে পৰিচিত। গতিকে এই বান্ধ নিৰ্মাণৰ ফলত ছিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ নিয়ন্ত্ৰণ বহুলাংশে চীনৰ হাতলৈ যাব বুলি আশংকা প্ৰকাশ কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে।