আপোনাৰ পেটত থাকিব পাৰে মুখৰ শালমনৰ কাৰণ! বিশেষজ্ঞই ক’লে এইদৰে…
গৰমৰ দিনত আমাৰ ছালৰ সৈতে জড়িত বহু সমস্যা হয়। এনে সমস্যাৰ ভিতৰত শালমনৰ সমস্যা অতি সাধাৰণ। ছালৰ এই সমস্যাৰ বহু কাৰণ থাকিব পাৰে। কিন্তু আপুনি জানেনে, আপোনাৰ পেটতো থাকিব পাৰে শালমনৰ কাৰণ। জানো আহক এই বিষয়ে।

ৰাজ্যত এতিয়া প্ৰচণ্ড গৰম। সূৰ্যৰ প্ৰখৰ তাপে সকলোকে ব্যতিব্যস্ত কৰি তুলিছে। সাধাৰণতে গৰমৰ দিনত আমাৰ ছালৰ সৈতে জড়িত বহু সমস্যা হয়। এনে সমস্যাৰ ভিতৰত শালমনৰ সমস্যা অতি সাধাৰণ। হৰম’নৰ পৰিৱৰ্তন, বতৰ, ধূলি, ছালত অতিৰিক্ত তেল, বেক্টেৰিয়া বা সংক্ৰমণ ইত্যাদি ভিন্ন দিশক শালমনৰ কাৰণ হিচাপে ধৰা হয়। কিন্তু এই কাৰণসমূহৰ বাহিৰেও শালমনৰ আন বহুতো কাৰণ থাকিব পাৰে। শালমনৰ সমস্যা হ্ৰাস কৰাৰ বাবে সাধাৰণতে মানুহে বিভিন্ন ধৰণৰ ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰে বা ঘৰুৱা উপায়ো গ্ৰহণ কৰে। ইয়াৰ ফলত সাময়িক সকাহ হয়তো লাভ কৰিব পাৰি।
কিন্তু এনে উপায় অৱলম্বনৰ পিছতো কিছুদিন পিছত আকৌ শালমন ওলাবলৈ আৰম্ভ কৰে। অৰ্থাৎ বহু ধৰণৰ ছালৰ যত্ন লোৱা সামগ্ৰী আৰু প্ৰতিকাৰ গ্ৰহণ কৰাৰ পিছতো শালমনৰ সমস্যা সম্পূৰ্ণৰূপে উপশম নহয়। এনে পৰিস্থিতিত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে ইয়াৰ কাৰণ জানিব লাগিব। আপুনি হয়তো জানি কিছু আচৰিত হ’ব পাৰে যে পেটৰ সমস্যাৰ বাবেও শালমন হ’ব পাৰে। বিশেষজ্ঞৰ পৰা জানো আহক এই বিষয়ে-
এপ’ল’ স্পেকট্ৰা হাস্পতালৰ গেষ্ট্ৰ’এণ্টেৰ’লজী আৰু জেনেৰেল চাৰ্জাৰী বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ সাদ আনোৱাৰে কয় যে কোষ্ঠকাঠিন্য কেৱল পেটৰ সমস্যাই নহয়, ই ছালতো প্ৰভাৱ পেলাব পাৰে। কোষ্ঠকাঠিন্যৰ ফলত ব্ৰণ আৰু শালমনৰ সমস্যা হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰিছে। কোষ্ঠকাঠিন্য হ’লে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে আৰু এই বিষাক্ত পদাৰ্থবোৰ তেজৰ জৰিয়তে ছালত আহিব পাৰে।
ইয়াৰ ফলত ছালত ফোঁহা উঠা, ব্ৰণ, খজুৱতি, শালমন আদিৰ লগতে ছাল শুকান হৈ পৰা আৰু ৰং সলনি হোৱা আদি সমস্যা দেখা যায় বুলিও বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে। কোষ্ঠকাঠিন্যৰ বাবে হজম শক্তিয়ে সঠিকভাৱে কাম নকৰে। ইয়াৰ ফলত শৰীৰৰ বিষাক্ত পদাৰ্থ ওলাই আহিব নোৱাৰে আৰু ই ছালৰ ক্ষতি কৰে। এনে পৰিস্থিতিত শালমন আৰু ছালৰ লগত জড়িত সমস্যা দূৰ কৰিবলৈ কোষ্ঠকাঠিন্য নিৰাময় কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যৰ কিছু পৰিৱৰ্তন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে কয় যে ইয়াৰ বাবে ফাইবাৰযুক্ত খাদ্য যেনে ফল-মূল, শাক-পাচলি আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। দৈনিক প্ৰচুৰ পৰিমাণে পানী খোৱাটোও অতি প্ৰয়োজনীয়, কিয়নো পানীয়ে হজম শক্তি সঠিক কৰি ৰাখে আৰু মল কোমল কৰে। ইয়াৰ লগতে দৈনিক ব্যায়াম কৰিব লাগে।
শাৰীৰিক ব্যায়ামে পাচনতন্ত্ৰ সক্ৰিয় কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও হ্ৰাস কৰিব পাৰে। উপযুক্ত খাদ্য, পানী আৰু জীৱনশৈলীয়ে কোষ্ঠকাঠিন্য তথা ইয়াৰ লগত জড়িত ছালৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। অৱশ্যে যদি কোষ্ঠকাঠিন্যৰ সমস্যা যদি দীৰ্ঘদিন ধৰি থাকে, তেতিয়া নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।