Indian Railway: চিন্তিত ব্যৱহাৰকাৰী! শীঘ্ৰে বন্ধ হৈ পৰিব UTS, এতিয়া কি কৰিব?
Indian Railway Shifting to RailOne: RailOne নামৰ এই মোবাইল এপটোত কেৱল টিকট লাভ কৰাৰ বাবেই নহয়। ইয়াৰ উপৰিও ৰে’লৰ সময়সূচী, পিএনআৰ সন্ধান আৰু সৰ্বোপৰি অনলাইন খাদ্যৰ অৰ্ডাৰ আদি সুবিধা পাব। অৰ্থাৎ ৰে’লৱেৰ অধীনত থকা সকলো সেৱা এই নতুন এপটোত উপলব্ধ।
পৰিশোধ হোৱা নাই মাহেকীয়া ধন! চিন্তিত হৈ পৰিছে UTS ব্যৱহাৰকাৰীসকল। বছৰ বছৰ ধৰি সেই এপটোৰ জৰিয়তে দৈনিক যাতায়ত কৰা লোকসকলে গোটেই মাহটো টিকট ক্ৰয় কৰি আহিছে। এতিয়া সেই এপটোৱে কাম প্ৰায় বন্ধ কৰি দিছে। যাৰ বাবে বিপদত পৰিছে একাংশ যাত্ৰী। কিন্তু কিয় এনেকুৱা হৈছে?
ৰে’লৱেৰ সূত্ৰ অনুসৰি সকলো অনলাইন গ্ৰাহকক ইউটিএছৰ পৰা ‘ৰে’লৱান’(RailOne) নামৰ নতুন এপলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় ৰে’লৱেই। যাৰ বাবে ইউটিএছত মাহিলী ধন পৰিশোধ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় ৰে’লৱে কৰ্তৃপক্ষই এই সন্দৰ্ভত বছৰৰ প্ৰথম দিনটোত এক বিবৃতি প্ৰকাশ কৰে। তেওঁলোকে কয় যে, কেনেকৈ এটা এপৰ জৰিয়তে প্লেটফৰ্মৰ টিকট, সংৰক্ষিত টিকট আৰু অসংৰক্ষিত টিকট একত্ৰিত কৰা হৈছে। অতি সহজ ভাষাত ক’বলৈ গ’লে সকলো সুবিধা এটা এপতে উপলব্ধ হ’ব ।
RailOne নামৰ এই মোবাইল এপটোত কেৱল টিকট লাভ কৰাৰ বাবেই নহয়। ইয়াৰ উপৰিও ৰে’লৰ সময়সূচী, পিএনআৰ সন্ধান আৰু সৰ্বোপৰি অনলাইন খাদ্যৰ অৰ্ডাৰ আদি সুবিধা পাব। অৰ্থাৎ ৰে’লৱেৰ অধীনত থকা সকলো সেৱা এই নতুন এপটোত উপলব্ধ। তাৰ আধাৰত ৰে’ল মন্ত্ৰালয়ে এই এপটোৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে।
RailOne মুকলি হোৱাৰ পিছত UTS এপৰ পৰা মাহেকীয়া টিকট ক্ৰয় কৰিব পৰা নাই। অসংৰক্ষিত দৈনিক টিকটৰ সুবিধা এতিয়াও উপলব্ধ যদিও সেয়াও বন্ধ হোৱাৰ সময় আহি পৰিছে। ৰে’ল মন্ত্ৰালয়ে জনাইছে যে ১ মাৰ্চৰ পৰা ইউটিএছতো অসংৰক্ষিত ৰে’লৰ টিকট বন্ধ কৰা হ’ব। তেতিয়া দৈনিক টিকটৰ বাবে গ্ৰাহকে এপটো সলনি কৰিব লাগিব।