শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কলকাতা কাণ্ডঃ মমতাই কিয় ক’লে এয়া ‘নাটক আৰু অপপ্ৰচাৰ’ বুলি? ভুক্তভোগীৰ পৰিয়ালক প্ৰত্যাহ্বান

যিমানেই তদন্ত আগবাঢ়িছে সিমানেই এই ঘটনা ৰহস্যঘন হৈ পৰিছে।  সূত্ৰ অনুসৰি জানিব পৰা মতে চিবিআইয়ে সন্দেহ কৰিছে যে হত্যা সম্ভৱত অন্য স্থানত হৈছিল আৰু পাছত চেমিনাৰ হললৈ মৃতদেহ অনা হৈছিল। প্ৰমাণ নষ্ট কৰাৰো সম্পূৰ্ণ সম্ভাৱণা আছে।

কলকাতা কাণ্ডঃ মমতাই কিয় ক’লে এয়া ‘নাটক আৰু অপপ্ৰচাৰ’ বুলি? ভুক্তভোগীৰ পৰিয়ালক প্ৰত্যাহ্বান
কলকাতা কাণ্ড
Barasha Sarma
Barasha Sarma | Published: 09 Sep 2024 16:49 PM

কলকাতা আৰ জি কৰ হাস্পাতালৰ ধৰ্ষণ আৰ হত্যাকাণ্ড সন্দৰ্ভত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। ইয়াৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভুক্তভোগীৰ পৰিয়ালক এক ডাঙৰ প্ৰত্যাহ্বান জনায়। ভুক্তভোগীৰ পৰিয়ালক প্ৰত্যাহ্বান জনাই বেনাৰ্জীয়ে কয় যে, তেওঁলোকে প্ৰমাণ দিয়ক ক’ত আৰু কেতিয়া  টকা দিব বিচাৰা হৈছিল। মমতাই কয়, মই ক’ত টকাৰ কথা কৈছিলো ভুক্তভোগীয়ে প্ৰমাণ কৰক। এয়া কেৱল নাটক আৰু অপপ্ৰচাৰ।’ উল্লেখ কৰা প্ৰয়োজন যে, কনিষ্ঠ চিকিৎসকগৰাকীৰ পৰিয়ালে অভিযোগ তুলিছিল যে তেওঁলোকৰ কন্যাৰ মৃতদেহ সন্মুখত থাকোতে এজন আৰক্ষী বিষয়াই তেওঁলোকক ধনৰ প্ৰস্তাৱ আগবঢ়াইছিল।

ভুক্তভোগীৰ পিতৃ- মাতৃয়ে কয় যে, তেওঁলোকে মৃতদেহটো সুৰক্ষিত কৰি ৰাখিব বিচাৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। মৃতদেহটো নিয়াৰ সময়ত শ শ আৰক্ষী উপস্থিত আছিল। আৰক্ষীয়ে বহু খৰখেদাকৈ মৃতদেহটো দাহ কৰাৰ দিহা কৰিছিল আৰু উপাই নাপাই পৰিয়ালকলোকেও সকলো ৰীতি নীতি সম্পন্ন কৰিছিল। কিছুমান আৰক্ষীয়ে তেওঁলোকৰ দ্বাৰা উকা কাগজত চহী কৰিব বিচাৰিছিল যদিও তেওঁলোকে চহী কৰা নাছিল।

এই সন্দৰ্ভত মমতা বেনাৰ্জীৰ চৰকাৰক তীব্ৰ কটাক্ষ কৰিছে বিজেপি চৰকাৰে।  বিজেপিয়ে কৈছে যে এয়া সংবিধানৰ ৰক্ষক আৰু ভক্ষকৰ মাজৰ যুঁজ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো পলিগ্ৰাফ টেষ্ট কৰিবলৈ দাবী জনাইছে বিজেপিয়ে।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতা আৰ জি কৰ হাস্পাতালত এগৰাকী চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল। চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় ৰয় নামৰ এজনক। বৰ্তমান এই গোচৰৰ তদন্ত চিবিআইয়ে চলাই থকাৰ লগতে উচ্চতম ন্যায়ালয়তো শুনানি অনুষ্ঠিত হৈছে।

এই ধৰ্ষণ কাণ্ডত বহুলোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে যদিও এতিয়ালৈকে মাত্ৰ এজন অভিযুক্তহে গ্ৰেপ্তাৰ কৰিছে।  চিবিআইয়ে মূল অভিযুক্তৰ লগতে প্ৰায় ১০ গৰাকীলোকৰ পলিগ্ৰাফী টেষ্ট সম্পন্ন কৰিছে। কিন্তু  আজি পৰ্যন্ত চিবিআইয়ে এই কাণ্ডৰ বিশেষ তথ্য প্ৰকাশ কৰা নাই।

মন কৰিবলগীয়া যে, এই ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা দিনৰ পৰাই মমতা বেনাৰ্জীৰ চৰকাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে।  আনকি কলকাতা আৰক্ষীৰ গাফিলতিৰ কথাও পোহৰলৈ আহিছে। একাংশই অভিযোগ কৰিছে যে এই হত্যাকাণ্ড আৰু ধৰ্ষণৰ প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰা হৈছিল। আৰক্ষীয়ে পলমকৈ আৰম্ভ কৰিছিল তদন্তৰ। হাস্পতালৰ কৰ্তৃপক্ষইও প্ৰথম অৱস্থাত এই ধৰ্ষণ আৰু হত্যাকাণ্ড আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল বুলি অভিযোগ তুলিছে ভুক্তভোগীৰ পৰিয়ালৰলোকে।

কলকাতা আৰক্ষীৰ গাফিলতিক কথা উচ্চতম ন্যায়ালয়েও উল্লেখ কৰিছে। ন্যায়ালয়ে এয়াও কৈছে যে এয়া এক ভয়ংকৰ ঘটনা আৰু এই ঘটনা সংঘটিত হোৱাৰ ১৪ ঘন্টা পাছত এজাহাৰ দাখিল কৰা হৈছিল।সোমবাৰেও এই বিষয়টোৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়, য’ত ন্যায়ালয়ে অস্বাভাৱিক মৃত্যুৰ স্পষ্টীকৰণ বিচাৰিছে।

যিমানেই তদন্ত আগবাঢ়িছে সিমানেই এই ঘটনা ৰহস্যঘন হৈ পৰিছে।  সূত্ৰ অনুসৰি জানিব পৰা মতে চিবিআইয়ে সন্দেহ কৰিছে যে হত্যা সম্ভৱত অন্য স্থানত হৈছিল আৰু পাছত চেমিনাৰ হললৈ মৃতদেহ অনা হৈছিল। প্ৰমাণ নষ্ট কৰাৰো সম্পূৰ্ণ সম্ভাৱণা আছে। এই ভয়ংকৰ কাণ্ডত বহুলোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে যদিও এই ক্ষেত্ৰত বিশেষ তদন্ত আগবঢ়াব পৰা নাই চিবিআইয়ে। পিতৃ- মাতৃৰ লগতে একাংশই অহৰহ প্ৰতিবাদ সাব্যস্ত কৰি ভুক্তভোগীৰ বাবে  ন্যায়ৰ দাবী কৰি আহিছে। গতিকে ভুক্তভোগীয়ে ন্যায় লাভ কৰে নে নাই সেয়া সময়ে ক’ব।