কলকাতা কাণ্ড! প’লিগ্ৰাফ টেষ্টত কি কৈছিল সঞ্জয়ে? পোহৰলৈ নতুন তথ্য…
ওপৰৰ মহলাত অপাৰেচন থিয়েটাৰ (অ’টি) আছে, য’ত অস্থিৰোগকে ধৰি বিভিন্ন বিভাগৰ অ’টি অনুষ্ঠিত হয়। এই কোঠাটো সন্ধিয়া ৫ বজাৰ পিছত খোলা নহয়। ইয়াৰোপৰি এটা বাথৰুমতো চিবিআইৰ চকু আছে। কিয়নো...
কলকাতাৰ আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই লৈছে নতুন মোৰ। এই কাণ্ডৰ অভিযোগত বৰ্তমানলৈকে চিভিক ভলেন্টিয়াৰ সঞ্জয় ৰয় গ্ৰেপ্তাৰ হোৱাৰ লগতে অধিক তদন্তৰ বাবে চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে। এই ধৰ্ষণ আৰু হত্যাকাণ্ড আৰম্ভণিৰ পৰাই কিছু ৰহস্যঘন। ভুক্তভোগী চিকিৎসকগৰাকীৰ পিতৃ- মাতৃৰ লগতে একাংশ দাবী কৰিছে যে এই কাণ্ডত সম্পূৰ্ণ বিভাগটো জড়িত আছে। এয়া কোনো এজন মানুহৰ কাম নহয়।
কিন্তু চিবিআইয়ে আজিলৈ এয়া স্পষ্টকৈ কোৱা নাই যে ভুক্তভোগীৰ লগত ধৰ্ষণ নে দলবদ্ধ ধৰ্ষণ হৈছিল? হত্যাৰ পূৰ্বে নে হত্যাৰ পাছত ধৰ্ষণ হৈছিল? এনে বহু প্ৰশ্ন উত্থাপন হৈ আহিযে যদিও চিবিআইয়ে আজিলৈ স্পষ্টকৈ একোৱে কোৱা নাই। অভিযুক্ত সঞ্জয় ৰয়ে এই হত্যা আৰু ধৰ্ষণৰ কথা প্ৰথম অৱস্থাত স্বীকাৰ কৰিছিল যদিও প’লিগ্ৰাফ টেষ্টৰ অন্তত ই অন্য এক ৰূপ লয়।
প’লিগ্ৰাফ টেষ্টৰ সময়ত সঞ্জয়ে কৈছিল যে যেতিয়া তেওঁ চেমিনাৰ হলত উপস্থিত হৈছিল তেতিয়া তাত চিকিৎসকগৰাকীৰ মৃতদেহ পৰি আছিল। ইয়াৰ পিছত চিবিআইয়ে এই দিশটোৰ তদন্ত কৰি আছে যে চিকিৎসকজনক আন ক’ৰবাত হত্যা কৰি মৃতদেহ চেমিনাৰ হলত ৰখা হৈছিল ? উল্লেখ কৰা প্ৰয়োজন যে, কলকাতা ধৰ্ষণ গোচৰৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰিব । এই গোচৰ আৰু তদন্তৰ প্ৰতিবেদন আদালতত দাখিল কৰিব চিবিআইয়ে।
সূত্ৰ অনুসৰি জানিব পৰা মতে, চিবিআইৰ নিৰীক্ষণত চিকিৎসা মহাবিদ্যালয়খনৰ অস্থিৰোগ ৱাৰ্ডৰ ফ্ল’ৰ মেপো আছে। চিকিৎসা মহাবিদ্যালয়খনৰ অষ্টম মহলাত থকা বিশেষ অস্ত্ৰোপচাৰ বিভাগৰ অপাৰেচন থিয়েটাৰটোও চিবিআইৰ তদন্তৰ আওতাত। মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বে ঘটনাস্থলীৰ এখন ফটো পোহৰলৈ আহিছিল য’ত অস্থিৰোগ বিভাগৰ এজন লোককো দেখা গৈছিল।
ধৰ্ষণ চেমিনাৰ হলত হৈছিল নে অন্য কোনো ঠাইত সেই সন্দৰ্ভত এতিয়া চিবিআইয়ে তদন্ত চলাই আছে। কিয়নো চেমিনাৰ হলৰ পৰা পোহৰলৈ অহা ফটোত মৃতদেহত জোতা, লেপটপ, মূৰত হাত, বিচনা চাদৰৰ আদি দেখা গৈছে। এনে পৰিস্থিতিত ভুক্তোভোগীক অন্য কৰবাত হত্যা কৰি চেমিনাৰ হলত ৰখা হৈছিল বুলি চিবিআইয়ে সন্দেহ কৰিছে।
চেমিনাৰ হলৰ বাহিৰত বন্ধ লিফ্টৰ ওপৰতো চকু ৰাখিছে চিবিআইয়ে। লিফ্টখন অস্থিৰোগ বিভাগৰ সৈতেও সংযোগ কৰা হৈছে। ওপৰৰ মহলাত অপাৰেচন থিয়েটাৰ (অ’টি) আছে, য’ত অস্থিৰোগকে ধৰি বিভিন্ন বিভাগৰ অ’টি অনুষ্ঠিত হয়। এই কোঠাটো সন্ধিয়া ৫ বজাৰ পিছত খোলা নহয়। ইয়াৰোপৰি এটা বাথৰুমতো চিবিআইৰ চকু আছে। কিয়নো সেই ভঙা বাথৰুমটোত ভুক্তভোগীগৰাকীয়ে গা ধুইছিল বুলি চিবিআইয়ে জানিব পাৰিছে।
গতিকে এতিয়া চিবিআইৰ সন্মুখত একাধিক প্ৰশ্ন। কিন্তু চিবিআইয়ে এই ঘটনাৰ সঠিক তদন্ত কৰিব পাৰিবনে নাই সেয়া সময়েহে কব।পূৰ্বৰে পৰা অভিযোগ উত্থাপন হৈ আহিছে যে এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে। আনকি কলকাতা আৰক্ষীৰ প্ৰতিও সন্দেহৰ আঙুলি উঠিছিল। এনে পৰিস্থিতিত প্ৰশ্ন হয়, সঁচাকৈ নষ্ট কৰা হ’ল নেকি সকলো প্ৰমাণ? ভুক্তভোগীৰ হত্যা কোনো অন্য স্থানত হৈছিল নেকি।?এই কাণ্ডত আৰু অইন লোক জড়িত আছে নেকি? এতিয়া আছে মাঁথো প্ৰশ্ন। চিবিআইৰ তদন্ত এই ঘটনাৰ সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।