কলকাতা কাণ্ডঃ মৃত্যুদণ্ড বিধেয়কৰ আঁৰত কি ৰাজনীতি মমতাৰ? ভুক্তভোগীয়ে পাবনে ন্যায়?
কলকাতা কাণ্ডক লৈ মমতাই কৰিছে নেকি ৰাজনীতি? কিয়নো "এই আইনখন কাৰ্যকৰী হ’লেও আৰ জি কৰ গোচৰ বা পূৰ্বৰ কোনো ঘটনা এই আইনৰ অধীনত নাহিব। কিয়নো আইনখন গৃহীত হোৱাৰ পিছত পৰৱৰ্তী গোচৰৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য।"

কলকাতা আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসকগৰাকীৰ লগত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ দেশত এতিয়াও চাঞ্চল্য অব্যাহত আছে। ৯ আগষ্টত সংঘটিত হোৱা এই বৰ্বৰ কাণ্ডৰ বাবে কলকাতা আৰক্ষী, মমতা বেনাৰ্জীৰ চৰকাৰ যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছিল যে ধৰ্ষণৰ দোষীক ১০ দিনৰ ভিতৰত শাস্তি প্ৰদান কৰিবলৈ পশ্চিম বংগ চৰকাৰে এখন বিধেয়ক আনিব আৰু বিধানসভাৰ বিশেষ অধিবেশনত এই আইন উত্থাপন কৰিব।
সোমবাৰৰ পৰা আৰম্ভ হৈছে পশ্চিম বংগ বিধানসভাৰ বিশেষ অধিবেশন। মৃতকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত আজি স্থগিত ৰখা হ’ব বিধানসভাৰ কাৰ্যবিধি। তাৰ পাছতে মঙলবাৰে মমতা বেনাৰ্জীৰ চৰকাৰে ধৰ্ষণৰ অভিযুক্তক ১০ দিনৰ পাছত মৃত্যুদণ্ডৰ ব্যৱস্থাৰ বিধেয়ক আনিব। কিন্তু এই বিধেয়কখনক লৈ এতিয়া সমালোচনাৰ সন্মুখীন হৈছে মমতা বেনাৰ্জী। ইয়াৰ আঁৰত মমতাৰ ৰাজনীতি থকা বুলি বিজেপিয়ে দাবী কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ধৰ্ষণক লৈ কেন্দ্ৰীয় চৰকাৰৰ এখন আইন আছে। তেন্তে ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ আইন আনিব পাৰে নেকি এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অশোক কুমাৰ গংগোপাধ্যায়ে কয় যে ৰাজ্যখনে ইচ্ছা কৰিলে আইন আনিব পাৰে। ভাৰতীয় সংবিধানৰ সমান্তৰাল তালিকাৰ আইটেম-Iত ফৌজদাৰী আইনৰ কথা উল্লেখ আছে। এনে পৰিস্থিতিত ৰাজ্যৰ বিধানসভাত আইন অনাত কোনো বাধা নাই।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীয়ে কয় যে বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ পিছত ৰাজ্যপালৰ ওচৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব লাগে। তাৰ পিছত ৰাষ্ট্ৰপতিৰ হাতলৈ যাব। এই আইনখন ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছতহে ৰাজ্যত কাৰ্যকৰী হ’ব। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অশোক কুমাৰ গংগোপাধ্যায়ে কয় যে এই আইনখন কাৰ্যকৰী হ’লেও আৰ জি কৰ গোচৰ বা পূৰ্বৰ কোনো ঘটনা এই আইনৰ অধীনত নাহিব। কিয়নো গৃহীত হোৱাৰ পিছত পৰৱৰ্তী গোচৰৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য।
জ্যেষ্ঠ অধিবক্তা অৰুণাভ ঘোষে কয় যে এনে আইন কাৰ্যকৰী কৰাটো কাৰ্যতঃ অসম্ভৱ। ধৰ্ষণৰ ক্ষেত্ৰত বংগত মৃত্যুদণ্ড আৰু আন এখন ৰাজ্যত সেয়া সম্ভৱ নহয়। কেন্দ্ৰীয় আইন আৰু ৰাজ্যিক আইনৰ মাজত সংঘাতৰ সৃষ্টি হ’লে কেন্দ্ৰীয় আইনে প্ৰধান্য লাভ কৰিব। ভাৰতীয় সংবিধানতো এই কথা উল্লেখ আছে।
এনেবোৰ কাৰণতে কলকাতা কাণ্ডক লৈ মমতাৰ স্থিতিৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হৈছে। যি আইন কাৰ্যকৰী কৰা সম্ভৱ নহয়, বা যি আইন কাৰ্যকৰী হ’লেও কলকাতা কাণ্ডৰ অভিযুক্তই শাস্তি নাপাই তেন্তে এই আইন আনি মমতাই ৰাজনীতিত কি নতুন ৰং সানিব বিচাৰিছে? নে ৰাজ্যৰ শাসন ব্যৱস্থাৰ ফোপোলা স্বৰূপ ঢাকি ৰখাৰ চেষ্টা কৰিছে মমতাই?
ইয়াৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ চৰকাৰে এনে দুখন বিধেয়ক ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল, যি এতিয়াও ৰাষ্ট্ৰপতিৰ ওচৰতে আছে। গতিকে প্ৰশ্ন হয় ৩ ছেপ্টেম্বৰত পশ্চিম বংগ বিধানসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাছত ইয়াত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিবনে ? নে অন্য ৰাজ্যৰ বিধেয়ক কেইখনৰ দৰে ৰাষ্ট্ৰপতিৰ ওচৰতে থাকি যাব? হয়তো এনে ধৰণৰ ঘটনাক্ৰমৰ মাজতে এদিন কলকাতা কাণ্ডৰ ভুক্তভোগীৰ ন্যায় ছটফটাই থাকিব আৰু অভিযুক্ত সাৰি যাব!