শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কলকাতা কাণ্ডঃঘটনাৰ ১৪ ঘন্টা পাছত হৈছিল গোচৰ ৰুজু, উচ্চতম ন্যায়ালয়ত তথ্য দাখিল

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছত জাৰি কৰা চালান পশ্চিম বংগ চৰকাৰে প্ৰদান কৰা নাছিল। ইয়াৰোপৰি ৪ ডিগ্ৰী চেলছিয়াছত যোনিৰ স্বাৱ সংৰক্ষণ কৰিব লাগে , কিন্তু এই নিয়ম অনুসৰণ কৰা হোৱা নাছিল।

কলকাতা কাণ্ডঃঘটনাৰ ১৪ ঘন্টা পাছত হৈছিল গোচৰ ৰুজু, উচ্চতম ন্যায়ালয়ত তথ্য দাখিল
কলকাতা কাণ্ড
Barasha Sarma
Barasha Sarma | Published: 09 Sep 2024 12:45 PM

কলকাতা আৰ জি কৰ হাস্পাতালৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয়। এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়়, ন্যায়াধীশ জেবি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰাৰ বিচাৰপীঠে। চিবিআই আৰু পশ্চিম বংগ চৰকাৰে ন্যায়ালয়ত গোচৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে।  বন্ধ খামৰ ভিতৰত চিবিআইয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতে মুখ্য ন্যয়াধীশে প্ৰশ্ন কৰে যে হাস্পতালৰ পৰা প্ৰাক্তন অধ্যক্ষগৰাকীৰ ঘৰ কিমান দূৰত?  এই প্ৰশ্নত ছেলিচিটৰ জেনেৰেলে উত্তৰ দিয়ে যে অধ্যক্ষগৰাকীৰ ঘৰ ১৫-২০ কিলোমিটাৰ দূৰত।

শুনানিৰ সময়ত পশ্চিম বংগ চৰকাৰে কয় যে হাস্পাতালত হোৱা আক্ৰমণৰ ঘটনাৰ ষ্টেটাছ ৰিপোৰ্ট দাখিল কৰা হৈছে। ইয়াৰ বিপৰীতে চিবিআইৰ অধিবক্তা তুষাৰ মেহতাই অভিযোগ উত্থাপন কৰি প্ৰশ্ন কৰে যে পশ্চিম বংগ চৰকাৰে চিবিআইৰ পৰা কি লুকুৱাব বিচাৰিছে। কিয়নো পশ্চিম বংগ চৰকাৰৰ পৰা দাখিল কৰা উত্তৰ প্ৰতিবেদন এতিয়ালৈকে লাভ কৰা নাই।

এই সন্দৰ্ভত পশ্চিম বংগ চৰকাৰৰ অধিবক্তা কপিল ছিব্বলে জনাই যে তেওঁলোকে এই প্ৰতিবেদন চিবিআইক নহয়, আদালতহে দাখিল কৰিছে। তেওঁ লগতে কয় যে, প্ৰতিবাদৰ বাবে চিকিৎসকসকলে কাম কৰা নাছিল, যাৰ বাবে প্ৰায় ২৩ গৰাকী লোকৰ মৃত্যু হৈছে।

ন্যায়ালয়ে ধৰ্ষণ আৰু হত্যাৰ FIR কেতিয়া হৈছিল বুলি প্ৰশ্ন কৰাৰ লগতে অস্বাভাৱিক মৃত্যুৰ স্পষ্টীকৰণো বিচাৰিছে। ইয়াৰ উত্তৰত পশ্চিম বংগ চৰকাৰে কয় যে এজাহাৰ দাখিল 02.55 PM ত আৰু 01.47pm ত মৃত্যুৰ প্ৰমাণ পত্ৰ তৈয়াৰ হৈছিল।  মুখ্য ন্যায়াধীশে কয় যে, ঘটনাৰ ক’মেও ১৪ ঘন্টা পাছতহে গোচৰ ৰুজু কৰা হৈছিল। মুখ্য ন্যায়াধীশগৰাকীয়ে ভুক্তভোগীগৰাকীৰ ফটো ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰ কৰাৰো নিৰ্দেশ দিছে।

ন্যায়াধীশে কয় যে,অভিযুক্ত কিমান বজাত ভিতৰলৈ গৈছিল আৰু কেতিয়া বাহিৰত আহিছিল ইয়াক লৈ চিচিটিভি ফুটেজ আছেনে? চিবিআইক চিচিটিভিৰ সকলো ফুটেজ গতাই দিয়া হৈছে নে? এই সন্দৰ্ভত এছ জিয়ে কয় যে ৪টা ক্লিপিং আছে, মুঠ সময় ২৭ মিনিট। ভিডিঅ’টো হাৰ্ড ডিস্কত কেইবাটাও অংশত দিয়া হৈছে, কাৰিকৰী গ্লিচৰ বাবে ফুটেজটো একত্ৰিত কৰা হৈছে। এয়া সম্পূৰ্ণকৈ দিয়া হৈছে।

এছ জিয়ে কয়, আমাৰ হাতত ফৰেন্সিকৰ ৰিপোৰ্ট আছে। সেই অনুসৰি এটা কথা ক’ব পাৰি যে ৯.৩০ বজাত যেতিয়া যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল তেতিয়া তেওঁৰ মৃতদেহ অৰ্ধনগ্ন অৱস্থাত আছিল আৰু শৰীৰত আঘাতৰ চিন আছিল।  যুৱতীগৰাকীক হত্যা কৰাৰ প্ৰমাণো ইতিমধ্যে পোৱা গৈছে। চিবিআইয়ে নমুনা সংগ্ৰহ কৰি চি এছ এফ এললৈ প্ৰেৰণ কৰিছে। চিবিআইয়ে এইমছ আৰু অন্যান্য চিএফএছএললৈ এই নমুনা প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। এই নমুনাৰ পৰীক্ষণ পশ্চিম বংগৰ চি এছ এফ এলতো কৰা হৈছিল।

ইয়াৰোপৰি আৰু বিভিন্ন দিশত পশ্চিম বংগৰ চৰকাৰক আঙুলি টোৱাই চিবিআইয়ে। এছ জিয়ে কয় যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছত জাৰি কৰা চালান পশ্চিম বংগ চৰকাৰে প্ৰদান কৰা নাছিল। ইয়াৰোপৰি ৪ ডিগ্ৰী চেলছিয়াছত যোনিৰ স্বাৱ সংৰক্ষণ কৰিব লাগে , কিন্তু এই নিয়ম অনুসৰণ কৰা হোৱা নাছিল।এই ঘটনাৰ অধিক তদন্তৰ বাবে ন্যায়ালয়ে চিবিআইক পুনৰ এসপ্তাহৰ সময় দিছে।