শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফোনত কথা পাতিছিল ২৩৪ বাৰ! ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে…

বৰ্তমান শ্বিলং আৰক্ষীয়ে তদন্ত চলাই আছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ। এই কাণ্ডত এতিয়া সঞ্জয় বৰ্মা নামৰ এজন লোকৰ নাম পোহৰলৈ আহিছে। ইয়ে তদন্ত অন্য এক দিশলৈ লৈ যোৱাৰ সম্ভাৱনা আছে।

ফোনত কথা পাতিছিল ২৩৪ বাৰ! ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে…
ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 18 Jun 2025 19:39 PM

বৰ্তমান দেশত চৰ্চিত এটি বিষয় ৰাজা ৰঘুবংশী হত্যাকাণ্ড। এই কাণ্ডত আৰক্ষীয়ে ৰাজাৰ পত্নী সোণম, তেওঁৰ কথিত প্ৰেমিক ৰাজ কুছৱাহাসহ মুঠ ৫ জনক গ্ৰেপ্তাৰ কৰিছে। এই আটাইকেইজনক বৰ্তমান আৰক্ষীয়ে জেৰা চলাই আছে। তদন্তৰ খাতিৰত শ্বিলং আৰক্ষীৰ দল যোৱা দুদিন ধৰি ইন্দোৰত আছে। আজি আৰক্ষীয়ে সোণমৰ পৰিয়ালৰ সদস্যক সোধা-পোছা কৰে। এই সমগ্ৰ ঘটনাত এতিয়া সঞ্জয় বৰ্মা নামৰ এজন ব্যক্তিৰ নামো পোহৰলৈ আহিছে। জানিব পৰা মতে, সোণমে এইজন সঞ্জয় বৰ্মাৰ লগত কেইবাবাৰো কথা পাতিছিল। কিন্তু এই সঞ্জয় বৰ্মা কোন সেয়া সোণমৰ পৰিয়ালৰ লোকেও নাজানে।

ৰাজা ৰঘুবংশী কাণ্ডত এতিয়া এই নতুন লোকজনৰ নাম পোহৰলৈ আহিছে যদিও এই ক্ষেত্ৰত এতিয়ালৈকে আৰক্ষীয়ে কোনো তথ্য নিশ্চিত কৰা নাই। তথ্য অনুসৰি, সোণমে তেওঁৰ ফোনত সঞ্জয়ৰ নম্বৰ ‘হোটেল’ নামেৰে চেভ কৰিছিল। ১ মাৰ্চৰ পৰা ৮ এপ্ৰিলৰ ভিতৰত এই নম্বৰটোত ২৩৪ বাৰ কথা পাতিছিল। ৰাজা হত্যাকাণ্ডৰ পাছতে সঞ্জয়ৰ ফোন নম্বৰ অফ হৈ আছে। গতিকে সঞ্জয় সন্দৰ্ভত নতুন তথ্য প্ৰকাশ পোৱাৰ পাছত এই কাণ্ডই নতুন মোৰ ল’ব পাৰে বুলি ক’ব পাৰি।

আৰক্ষীৰ মতে, সোণম আৰু ৰাজ কুছবাহাই ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। গতিকে সঞ্জয় বৰ্মাৰ নামত তেওঁলোকে এই ফোনটো লৈছিল বুলি সন্দেহ কৰা হৈছে। তেওঁলোকে সম্ভৱতঃ পৰিকল্পনা কৰিছিল যে যদি তেওঁলোকে এই নম্বৰৰ সৈতে হত্যাৰ পৰিকল্পনা কৰে তেন্তে তেওঁলোকৰ বিষয়ে আৰক্ষীয়ে গম নাপাব। আৰক্ষীয়ে সঞ্জয়ক বিচাৰি অভিযান চলাব আৰু তেতিয়া তেওঁলোকে পলায়ন কৰিব।

এই পৰ্যন্ত তদন্তত প্ৰকাশ পাইছে যে ৰাজাক হত্যা কৰিবলৈ শ্বিলঙলৈ অহা বিশাল, আকাশ আৰু আনন্দই নতুন চিমকাৰ্ড লৈছিল। ৰাজাক হত্যা কৰাৰ পাছতে তেওঁলোকে নম্বৰ বন্ধ কৰি চিমখন পেলাই দিছিল।

উল্লেখ্য যে, বিয়াৰ মাত্ৰ কেইদিনমান পাছতে সোণমে ৰাজাক হত্যা কৰিছিল। যোৱা ১১ মে’ত ৰাজা আৰু সোণমৰ বিয়া হৈছিল আৰু তাৰপাছত তেওঁলোক হানিমুনৰ বাবে শ্বিলঙলৈ আহিছিল।  ২৩ মে’ত ৰাজাক পৰিকল্পিতভাবে হত্যা কৰিছিল। যোৱা ২ জুনত উদ্ধাৰ হৈছিল ৰাজাৰ ক্ষত-বিক্ষত মৃতদেহ, কিন্তু সন্ধান নাছিল সোণমৰ। পৰৱৰ্তী সময়ত ৮ জুনত গ্ৰেপ্তাৰ হৈছিল সোণম আৰু তেওঁৰ অন্য সহযোগীসকল।

এতিয়ালৈকে অনুমান কৰা হৈছিল যে এই হত্যাকাণ্ডত ৫ জন লোক জড়িত হৈ আছে। কিন্তু এতিয়া সঞ্জয় বৰ্মাৰ নাম পোহৰলৈ আহিছে।  গতিকে এই সঞ্জয় বৰ্মা কোন, কেনেকৈ জড়িত সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ সোণমে দিছিল নিৰ্দেশ, বিশালে কৰিছিল প্ৰথম প্ৰহাৰ! ন-পত্নীৰ বৰ্বৰতাৰ ভয়ংকৰ তথ্য…