শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰথমে হাতত ধৰিলে, ইজনে সিজনক সাৱতি কান্দিলে আৰু তাৰ পাছত…প্ৰেমিক-প্ৰেমিকাৰ মৰ্মান্তিক কাহিনী…

এক মৰ্মান্তিক ঘটনা! ৰে'লখন অহাৰ আগত দুয়ো ইজনে সিজনৰ হাতত ধৰি ৰৈ আছিল। যেতিয়া ৰে'লখন আহিছিল তেতিয়া দুয়ো দুয়োকে সাৱতি ধৰি কান্দিছিল।

প্ৰথমে হাতত ধৰিলে, ইজনে সিজনক সাৱতি কান্দিলে আৰু তাৰ পাছত…প্ৰেমিক-প্ৰেমিকাৰ মৰ্মান্তিক কাহিনী…
যুৱক-যুৱতীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 19 Jun 2025 18:55 PM

প্ৰেম! কোৱা হয়, প্ৰেমৰ কোনো সংজ্ঞা নাথাকে। প্ৰেমত নাথাকে কোনো বাধা। প্ৰেম কেৱল মুক্ত, এক অনবিল সুখ। কিন্তু প্ৰেম মানে জানো মৃত্যু হ’ব পাৰে? বিগত সময়চোৱাত প্ৰেমৰ লগত জড়িত বিভিন্ন ধৰণৰ আজৱ খবৰ পোহৰলৈ আহিছে। প্ৰেমৰ বাবে হত্যা, প্ৰেমৰ বাবে বিশ্বাসঘাটকতা। কিন্তু শেহতীয়াকৈ প্ৰেমৰ লগত জড়িত এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। য’ত এহাল দম্পতীয়ে ৰে’লৰ আগত পৰি নিজৰ জীৱন দিয়ে।

জানিব পৰা মতে, এহাল প্ৰেমিক-প্ৰেমিকাই ৰে’লৰ আগত জঁপিয়াই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। এই সময়চোৱাত দুয়োকে ৰখাবলৈ সেই স্থানত উপস্থিত থকা বিভিন্নজনে চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কাৰো কথা নুশুনিলে আৰু ৰে’লৰ আগত জঁপিয়াই পৰে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদত। দুই প্ৰেমিক প্ৰেমিকাৰ অকাল মৃত্যুৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

মুৰাদাবাদৰ বিলাৰী থানা এলেকাত প্ৰেমৰ প্ৰেমৰ বাবে মালবাহী ৰে’লৰ সন্মুখত জঁপিয়াই এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে দুয়ো। স্থানীয় লোকে জনোৱা মতে, ৰে’লখন অহাৰ আগত দুয়ো ইজনে সিজনৰ হাতত ধৰি ৰৈ আছিল। যেতিয়া ৰে’লখন আহিছিল তেতিয়া দুয়ো দুয়োকে সাৱতি ধৰি কান্দিছিল। সেই সময়তে দুয়োকে প্ৰত্যক্ষ কৰে তীব্ৰবেগত আহি থকা মালবাহী ৰে’লখনৰ লোক পাইলটে। লোকো পাইলটে দুয়োকে সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাৰে বাৰে ইংগিত দিয়ে কিন্তু দুয়ো তাতেই থাকে। অৱশেষত ৰে’লৰ চেপাত দুয়োৰে মৃত্যু হয়।

নিহত দুজন বিলাৰী থানা এলেকাৰ ছৈফপুৰ জাগান গাঁৱৰ বাসিন্দা সুশান্ত (২০) আৰু তেওঁৰ ১৭ বছৰীয়া প্ৰেমিকা বুলি চিনাক্ত হৈছে। সুশান্তই মুৰাবাদত জ্যেষ্ঠ ভাতৃৰ সৈতে বাস কৰা যুৱকজনে এটা কোম্পানীত কাম কৰিছিল। কিছুদিন পূৰ্বে তেওঁ গাঁৱলৈ আহিছিল। তেওঁৰ প্ৰেয়সী এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছিল। কিন্তু বুধবাৰে নিশা প্ৰায় এক বজাত ঘৰৰ কাকো নোকোৱাকৈ দুয়ো মুৰাদাবাদ চন্দাউছি ৰে’ল লাইনৰ ওচৰলৈ যায়, য’ত দুয়োজনে একেলগে জীৱন দিয়ে ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই ক্ষেত্ৰত দুয়োৰে পৰিয়ালক সোধা পোছা কৰিছে। এতিয়ালৈকে এই কাণ্ডৰ কাৰণ জানিব পৰা নাই। গতিকে আৰক্ষীৰ তদন্তৰ অন্তত জানিব পৰা যাব কি কাৰণে দুয়ো এই সিদ্ধান্ত গ্ৰহণ কৰে।

 

অন্য খবৰ পঢ়কঃ কংগ্ৰেছক চাফা কৰিবলৈ সবাতোকৈ লেতেৰা গান্ধী পৰিয়ালক দলৰ পৰা আঁতৰ কৰিব লাগিবঃ মুখ্যমন্ত্ৰী