শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজা ৰঘুবংশী কাণ্ডত এইবাৰ যুৱতীৰ এন্ট্ৰি! সোণমৰ সৈতে আছে নেকি বিশেষ সম্পৰ্ক…

ৰাজা ৰঘুবংশী কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। ৫ অভিযুক্তৰ আজি শেষ হৈছে আৰক্ষীৰ জিম্মাৰ দিন। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্তৰ অধিক দিনৰ জিম্মা দাবী কৰিব পাৰে।

ৰাজা ৰঘুবংশী কাণ্ডত এইবাৰ যুৱতীৰ এন্ট্ৰি! সোণমৰ সৈতে আছে নেকি বিশেষ সম্পৰ্ক…
ৰাজা-সোণমImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 19 Jun 2025 15:28 PM

ইন্দোৰৰ পৰিবহন ব্যৱসায়ী ৰাজা ৰঘুবংশী হত্যাকাণ্ডই প্ৰায় ২৭ টা দিন অতিক্ৰম কৰিলে। ৰাজাৰ পৰিয়ালক এতিয়াও এই কাণ্ডই স্তম্ভিত কৰি ৰাখিছে। পুত্ৰৰ ন্যায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে মাতৃয়ে। এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষীয়ে ৰাজাৰ পত্নী সোণমসহ ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এই আটাইকেইজন অভিযুক্ত এতিয়াও আৰক্ষীৰ জিম্মাত। এই ঘটনাৰ তদন্ত চলাই থকাৰ সময়ত আৰক্ষীয়ে বহু ন ন তথ্য উন্মোচন কৰিছে। আজি শেষ হৈছে আৰক্ষীৰ জিম্মাৰ দিন। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্তৰ অধিক দিনৰ জিম্মা দাবী কৰিব পাৰে।

ইয়াৰ মাজতে ৰাজাৰ মাতৃয়ে এক বিশেষ দাবী কৰিছে। সংবাদ মাধ্যমৰ আগত ৰাজাৰ মাতৃয়ে কয় যে, “২৪ ঘন্টাই সোণমৰ সৈতে এগৰাকী যুৱতী আছিল। মোৰ সন্দেহ হয়, এই যুৱতীগৰাকীও ৰাজৰ হত্যাৰ লগত জড়িত আছিল। আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত কৰা প্ৰয়োজন”।

উমা ৰঘুবংশীয়ে কয় যে, ”সোণমৰ চাৰিগৰাকী বান্ধৱী আছিল। তাৰে এগৰাকী বিশেষ আছিল। তাইৰ নামটো মনত নাই যদিও তাইক ভোপালত লগ পাইছো। উমা ৰঘুবংশীয়ে কয় যে,সেই যুৱতীগৰাকী ২৪ ঘন্টাই সোণমৰ সৈতে আছিল। গতিকে সেই যুৱতীগৰাকীও এই হত্যাকাণ্ডত জড়িত হ’ব পাৰে বা তেওঁৰ হাতত গুৰুত্বপূৰ্ণ তথ্য থাকিব পাৰে। গতিকে যুৱতীগৰাকীৰ তদন্ত কৰাৰ প্ৰয়োজন আছে”।

ৰাজাৰ মাক উমাই কয় যে, ”গোটেই দিনটো সোণমে সেইগৰাকী যুৱতীৰ সৈতে আছিল। তাইৰ নামটো মনত নাই। সেই ছোৱালীবোৰক প্ৰশ্ন কৰা উচিত যে তেওঁলোকৰ কোনজন সেই ছোৱালীজনী আৰু কিমানখিনিলৈ জড়িত আছে। ইয়াৰ দ্বাৰা সমগ্ৰ বিষয়টোৰ নতুন তথ্য উন্মোচন হ’ব”।

অৱশ্যে এই যুৱতীগৰাকী সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই। কিন্তু এতিয়া আৰক্ষীৰ সন্মুখত বহু প্ৰশ্নৰ উত্থাপন হৈছে। প্ৰশ্ন হয়, এই যুৱতীগৰাকী ৰাজাৰ হত্যাকাণ্ডত জড়িত আছিল নেকি? তেওঁৰ হাতত কি তথ্য আছে? কেনেধৰণে সহায় কৰিছিল? আদি।

উল্লেখ্য যে, বিগত মে’ মাহৰ ১১ তাৰিখে ৰাজা আৰু সোণমৰ বিয়া হৈছিল। তাৰ পাছতো দুয়ো হানিমুনৰ বাবে শ্বিলঙলৈ আহিছিল, য’ত সোণমে পৰিকল্পিতভাবে ৰাজাক হত্যা কৰিছিল।  ২ জুনত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ। প্ৰথম অৱস্থাত সোণম নিৰুদ্দেশ হৈ আছিল যদিও ৮ জুনত উত্তৰ প্ৰদেশৰ গাজিপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল। ইয়াৰ লগতে গ্ৰেপ্তাৰ হৈছিল হত্যাকাণ্ডৰ আন ৪ অভিযুক্ত। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ ৰাজাক দিছিল ১০ মিনিট, বিট্টুৰ সৈতে কথা পাতিছিল ঘন্টাৰ পাছত ঘন্টা! সোণম কাণ্ডৰ নতুন তথ্য…