শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অনিল আম্বানীৰ ওচৰত সবাতোকৈ মূল্যবান সামগ্ৰী কি আছে? জানক ইয়াৰ দাম…

অনিল আম্বানীৰ ভুল সিদ্ধান্তৰ বাবে তেওঁ যেন আকাশৰ পৰা মাটিত আহি পৰে। কেৱল এয়াই নহয়, তেওঁ এটাৰ পাছত আনটো কোম্পানী বিক্ৰী কৰিবলৈ ধৰে আৰু শ্বেয়াৰ কমিবলৈ আৰম্ভ কৰে।

অনিল আম্বানীৰ ওচৰত সবাতোকৈ মূল্যবান সামগ্ৰী কি আছে? জানক ইয়াৰ দাম…
অনিল আম্বানীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 19 Jun 2025 18:28 PM

এটা সময়ত বিশ্বৰ ধনী ব্যক্তিৰ ভিতৰত অন্যতম আছিল অনিল আম্বানী। ২০০০ চনৰ শেষলৈকে অনিল আম্বানীৰ ওচৰত প্ৰায় ৪২ আৰৱ ডলাৰৰ সম্পত্তি আছিল। ভাগ-বতৰা কৰাৰ পাছত অনিলে ডাঙৰ কোম্পানী লাভ কৰিছিল। অনিল আম্বানীয়ে ৰিলায়েন্স টেলিকম, ৰিলায়েন্স কেপিটেল, ৰিলায়েন্স নিউ এনাৰ্জী, ৰিলায়েন্স পাৱাৰৰ দৰে নতুন যুগৰ ব্যৱসায় লাভ কৰিছিল।

কিন্তু ভুল সিদ্ধান্তই তেওঁৰ সকলো শেষ কৰি দিছিল। সেই সিদ্ধান্তৰ ফলতে তেওঁ যেন আকাশৰ পৰা মাটিত আহি পৰে। কেৱল এয়াই নহয়, তেওঁ এটাৰ পাছত আনটো কোম্পানী বিক্ৰী কৰিবলৈ ধৰে আৰু শ্বেয়াৰ কমিবলৈ আৰম্ভ কৰে। যাৰ বাবে অনিল আম্বানীয়ে নিজেই কয় যে, মই এতিয়া শূন্য হৈ পৰিছো।

কিন্তু এতিয়া অনিল আম্বানীৰ দিন পুনৰ সলনি হ’বলৈ আৰম্ভ কৰিছিল। তেওঁৰ কোম্পানীসমূহত বিনিয়োগ বৃদ্ধিৰ লগে লগে লাভ বাঢ়িবলৈ আৰম্ভ কৰে। ঋণ কমি আহিছে আৰু নতুন অৰ্ডাৰ লাভ কৰিছে। অনিল আম্বানীয়ে যি গতিৰে আগবাঢ়িছে সেয়া যদি অব্যাহত থাকে, তেন্তে তেওঁ পুনৰ উন্নতিৰ শিখৰলৈ গতি কৰিব। কিন্তু এতিয়া প্ৰশ্ন হয়, আজিও তেওঁৰ হাতত কি আছে যিটো আটাইতকৈ মূল্যৱান আৰু ব্যয়বহুল?

সবাতোকৈ মূল্যবান

মুম্বাইৰ পালি পাহাৰত অৱস্থিত অনিল আম্বানীৰ ১৭ মহলীয়া ব্যক্তিগত বাংলোটো ধন-সম্পত্তি আৰু বিলাসীতাৰ প্ৰতীক। এসময়ত ভাৰতৰ ধনী ব্যৱসায়ী বুলি গন্য কৰা অনিল আম্বানীৰ ওচৰত আজিও এনে সম্পত্তি আছে যাৰ বাবে তেওঁক আজিও ধনী পৰিয়ালৰ তালিকাত স্থান লাভ কৰে। ইয়াৰ ভিতৰত আটাইতকৈ বিশেষ আৰু দামী সম্পত্তিটো হ’ল তেওঁৰ ব্যক্তিগত বাংলো।

দাম

খবৰ অনুসৰি এই বাংলোটোৰ আনুমানিক ব্যয় প্ৰায় ৫,০০০ কোটি টকা। ১৭ মহলীয়া এই অট্টালিকাটো পঞ্চতাৰকাযুক্ত হোটেলতকৈ কম নহয়। এই ঘৰটো বিলাসীতাৰে ভৰা।  এটাৰ পাছত আনটো অত্যাধুনিক ব্যৱস্থা এই বাংলোত আছে।

সুবিধা

অনিল আম্বানীৰ এই বাংলোটোৰ নাম ‘আবোদ’। ইয়াত বহুতো বিলাসী সা-সুবিধা আছে। ইয়াত ১৬,০০০ বৰ্গফুটৰ বিশাল এলেকা, হেলিপেড, চুইমিং পুল, জিম, আৰু এটা বৃহৎ গেৰেজ আদি আছে। ইয়াত দামী গাড়ীও আছে।  ইয়াৰোপৰি ইয়াত এটা লাউঞ্জ এৰিয়াও আছে য’ৰ পৰা সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ সুন্দৰ দৃশ্য দেখা যায়।

পত্নী টিনা আম্বানী, দুই পুত্ৰ জয় আনমোল আম্বানী আৰু জয় অংশুল আম্বানীৰ সৈতে এই বাংলোত বাস কৰে অনিল আম্বানীয়ে। বিশ্বৰ মূল্যবান সামগ্ৰীৰ কথা ক’বলৈ হ’লে মুকেশ আম্বানীৰ এন্টিলিয়াৰ নামো আহে। কিন্তু অনিল আম্বানীৰ এই বাংলো কোনো গুণে কম নহয়। ভাৰতৰ অন্যতম ব্যয়বহুল ব্যক্তিগত বাসগৃহ আৰু ই তেওঁৰ আটাইতকৈ মূল্যৱান সম্পত্তি।

 

অন্য খবৰ পঢ়কঃ কংগ্ৰেছক চাফা কৰিবলৈ সবাতোকৈ লেতেৰা গান্ধী পৰিয়ালক দলৰ পৰা আঁতৰ কৰিব লাগিবঃ মুখ্যমন্ত্ৰী