শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপাৰেশ্যন সেন্দূৰৰ পাছত আদমপুৰ বিমান ঘাটিত প্ৰধানমন্ত্ৰী মোদী, সেনা জোৱানক কৰিলে সাক্ষাৎ

মোদীয়ে এক্সত লিখে যে- আজি পুৱা এ এফ এছ আদমপুৰ ভ্ৰমণ কৰি আমাৰ সাহসী এয়াৰ ৱাৰিয়ৰ আৰু জোৱানসকলক লগ পালো। সাহস, দৃঢ়তা আৰু নিৰ্ভীকতাৰ সাৰ্থক জোৱানসকলৰ লগত থকাটো আছিল এক বিশেষ অভিজ্ঞতা।

অপাৰেশ্যন সেন্দূৰৰ পাছত আদমপুৰ বিমান ঘাটিত প্ৰধানমন্ত্ৰী মোদী, সেনা জোৱানক কৰিলে সাক্ষাৎ
নৰেন্দ্ৰ মোদীImage Credit source: X (Narendra modi)
barasha-sarma
Barasha Sarma | Updated On: 13 May 2025 13:16 PM

ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ পাছত ১২ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিছিল। এই সময়চোৱাত তেওঁ ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ কথা উল্লেখ কৰে। লগতে কয় যে, অপাৰেশ্যন সেন্দূৰ আছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযান। সেনাবাহিনীক প্ৰশংসা কৰি তেওঁ কৈছিল যে আমাৰ সেনাই পাকিস্তান আৰু সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিছে। দেশবাসীক সম্বোধন কৰাৰ পাছতেই আজি অৰ্থাৎ ১৩ মে’ৰ পুৱা মোদীয়ে আদমপুৰ এয়াৰবেছত উপস্থিত হয়। ইয়াত তেওঁ সেনা জোৱানসকলক সাক্ষাৎ কৰাৰ লগতে অভিযানৰ বিষয়েও আলোচনা কৰে।

মোদীৰ এই কাৰ্যসূচী অতি বিশেষ বুলি গন্য কৰা হৈছে। কাৰণ এই বিমানঘাটিটোক লৈ পাকিস্তানে বিশেষ দাবী কৰিছিল। পাকিস্তানে দাবী কৰিছিল যে তেওঁলোকে এই বিমান ঘাটিটো উৰুৱাই দিছে। তেনে স্থলত দেশবাসীক সম্বোধন কৰাৰ পাছতে মোদীয়ে আজি এই স্থানত উপস্থিত হৈ সেনা জোৱানসকলক সাক্ষাৎ কৰে। এই সময়ছোৱাত তেওঁ জোৱানসকলৰ সৈতে ফটোও তোলে। মোদীৰ উপস্থিত স্পষ্ট হৈ পৰিল যে এই বিমান ঘাটিটোৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই।

 

এই সন্দৰ্ভত মোদীয়ে এক্সত লিখে যে- আজি পুৱা এ এফ এছ আদমপুৰ ভ্ৰমণ কৰি আমাৰ সাহসী এয়াৰ ৱাৰিয়ৰ আৰু জোৱানসকলক লগ পালো। সাহস, দৃঢ়তা আৰু নিৰ্ভীকতাৰ সাৰ্থক জোৱানসকলৰ লগত থকাটো আছিল এক বিশেষ অভিজ্ঞতা। আমাৰ সশস্ত্ৰ বাহিনীয়ে আমাৰ জাতিৰ বাবে কৰা সকলো কামৰ বাবে ভাৰত চিৰ কৃতজ্ঞ৷

উল্লেখ্য যে, অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধমূলক এই কাৰ্যত ১০০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল। পাছত পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘন কৰি ভাৰতত আক্ৰমণ কৰিছিল। পাকিস্তানৰ এনে আচৰনৰ ফলত ১৬ জন ভাৰতীয় নাগৰিক নিহত হৈছিল।

পাকিস্তানৰ এনে আক্ৰমণৰ প্ৰত্যুত্তৰ দিছিল ভাৰতে আৰু ধ্বংস কৰিছিল পাকিস্তানৰ সামিৰক ঘাটি। আনকি পাকিস্তান বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও ধ্বংস কৰিছিল।  আক্ৰমণ-প্ৰত্যাক্ৰমৰ পাছতে ১০ মে’ত ভাৰত-পাকিস্তানে যুদ্ধ বিৰতি কৰিবলৈ মান্তি হয়। কিন্তু তাৰ পাছতো পাকিস্তানে বাৰে বাৰে যুদ্ধ বিৰতি উলংঘা কৰাৰ তথ্য পোহৰলৈ আহিছে।

ইয়াৰ মাজতে কালি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি পাকিস্তানত কঠোৰ বাৰ্তা প্ৰেৰণ কৰে। মোদীয়ে কয় যে, পাকিস্তানৰ পাৰমাণৱিক শক্তিৰ ভাবুকিক লৈ ভয় নাখাই ভাৰতে। পাকিস্তানে পুনৰ এনে কাণ্ড সংঘটিত কৰিলে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিব।

 

 

 

অন্য খবৰ পঢ়কঃ সত্য পোহৰলৈ! একে শাৰীতে কুখ্যাত সন্ত্ৰাসবাদী আৰু পাকিস্তানী সেনা, জনাজাত ল’লে অংশ