শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সত্য পোহৰলৈ! একে শাৰীতে কুখ্যাত সন্ত্ৰাসবাদী আৰু পাকিস্তানী সেনা, জনাজাত ল’লে অংশ

এজন সন্ত্ৰাসবাদীক সাধাৰণ নাগৰিকৰ পৰিচয় দিয়াৰ চেষ্টা অথ'লে গ'ল পাকিস্তানৰ। শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক কু-কাণ্ড। পাকিস্তানী সেনাৰ সৈতে একেশাৰীতে থিয় হৈ জনাজাত অংশ ল'লে সন্ত্ৰাসবাদীয়ে।

সত্য পোহৰলৈ! একে শাৰীতে কুখ্যাত সন্ত্ৰাসবাদী আৰু পাকিস্তানী সেনা, জনাজাত ল’লে অংশ
পাকিস্তান Image Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 13 May 2025 11:58 AM

এজন সন্ত্ৰাসবাদীক সাধাৰণ মানুহৰ ৰূপ দিয়াৰ চেষ্টা অথলে গ’ল পাকিস্তানৰ। শেহতীয়াকৈ পোহৰলৈ আহিছে পাকিস্তানৰ আন এক কুকৰ্ম। যোৱা ৭ মে’ত ভাৰতে ‘অপাৰেশ্যন সেন্দূৰ’ৰ জৰিয়তে পাকিস্তানত থকা ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। ভাৰতৰ প্ৰতিশোধমূলক এই কাৰ্যত ১০০ জনৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। এই ঘটনাই সমগ্ৰ পাকিস্তানক জোকাৰি গৈছিল। 

য়াৰ পিছদিনাই পাকিস্তানে অনুষ্ঠিত কৰিছিল জনাজা। কিন্তু আচৰিতভাৱে ৮ মে’ত সন্ত্ৰাসবাদীৰ শেষকৃত্যৰ সময়ত পাকিস্তানী সেনাৰ সৈতে উপস্থিত আছিল এজন সন্ত্ৰাসবাদী। তেওঁৰ নাম আছিল হাফিজ আব্দুৰ ৰৌফ। পাকিস্তানী সেনাৰ সৈতে একেটা শাৰীতে থিয় হৈ সন্ত্ৰাসবাদীটোৱে নিহত সন্ত্ৰাসবাদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। আচৰিত কথা এয়াই যে এই নিহত সন্ত্ৰাসবাদী কেইটাক ৰাষ্ট্ৰীয় সন্মান দিয়া হৈছিল।

 

পাকিস্তানে দাবী কৰিছিলি ৰৌফ এজন সাধাৰণ নাগৰিক। কিন্তু সঁচা কথা জানো অন্ধকাৰত ৰাখিব পাৰি? হাজাৰ হাজাৰ মিছাৰ সন্মুখত এটা সত্যই সঁচা কাহিনীটো উদঙাই দিয়ে পাকিস্তানৰ ক্ষেত্ৰতো এনেকুৱাই হ’ল। এই মিছা কথাৰ বিৰুদ্ধে এতিয়া মাত মাতিছে পিআইবিয় (PIB)য়ে। কেন্দ্ৰীয় চৰকাৰে নিজৰ Fact Check ব্যৱস্থাৰ জৰিয়তে পাকিস্তানৰ স্বৰূপ উদঙাই দিছে। পিআইবিয়ে এটা ভিডিঅ’ পোষ্ট কৰি কয় যে পাকিস্তানী সেনা বিষয়াৰ মাজত থিয় হৈ থকা হাফিজ কোনো সাধাৰণ নাগৰিক নহয়। বৰঞ্চ এজন দাগী অপৰাধী, সন্ত্ৰাসবাদী। 

ফটো আৰু প্ৰাসংগিক প্ৰমাণৰ উদ্ধৃতি দি পিআইবিয়ে কয় যে হাফিজ আব্দুৰ ৰৌফ হল লস্কৰতৈবা নামৰ সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বী হাফিজ ছাইদৰ ঘনিষ্ঠ। ১৯৯৯ চনৰ পৰা লস্কৰতৈবাৰ সৈতে জড়িত ৰৌফে এতিয়াও সক্ৰিয় হৈ আছে। বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত বহু সন্ত্ৰাসবাদী ঘটনাৰ সৈতে জড়িত হৈ আছে ৰৌফ। । সেই দাগী অপৰাধী, কুখ্যাত সন্ত্ৰাসবাদীজনকে এইবাৰ দেখা গ’ল পাকিস্তানী সেনাৰ সৈতে। যিয়ে পাকিস্তানৰ স্বৰূপ আকৌ এবাৰ উদঙাই তুলিছে।

উল্লেখ্য যে, ভাৰতৰ প্ৰতিশোধমূলক কাৰ্যত নিহত সন্ত্ৰাসবাদীসকলৰ ভিতৰত লস্কৰ-ই-তৈবা,  জৈইচ-ই-মহম্মদ আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যও আছিল। ভাৰতে ধ্বংস কৰিছিল লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়, আৰু এই কাৰ্যালয়তে নিহত সন্ত্ৰাসবাদীক শ্ৰদ্ধা জনাবলৈ ৰৌফ সেই স্থানত উপস্থিত আছিল। পাকিস্তানৰ এনে কাৰ্যই পুনৰ এবাৰ উদঙাই দিছে যে দেশখনে আশ্ৰয় দি আহিছে সন্ত্ৰাসবাদীক। ইয়াৰোপৰি কিছুদিন পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে স্বীকাৰ কৰিছিল সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ কথা। গতিকে বাৰে বাৰে মুখা খুলি যোৱাৰ পাছতো সঠিক পথলৈ অহা নাই পাকিস্তান।

 

অন্য খবৰ পঢ়কঃ সাম্ভাব্য পাৰমাণৱিক যুদ্ধ আমি ৰোধ কৰিছো, ইয়াক লৈ মই গৌৰৱান্বিতঃ ট্ৰাম্প