আজি শাওনৰ শেষ সোমবাৰ, ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ এই ৫টা কাম কৰক…
আজি ১১ আগষ্টত শাওন মাহৰ অন্তিম সোমবাৰ। ভোলানাথৰ আশীৰ্বাদ লাভ কৰাৰ আটাইতকৈ শুভ দিন। এই দিনটোত আপুনি কিছুমান বিশেষ প্ৰতিকাৰ কৰিলে ভাগ্য আৰু জীৱনৰ প্ৰগতিৰ সমৰ্থন লাভ কৰিব পাৰিব। সেই প্ৰতিকাৰবোৰ কি জানো আহক।

আজি শাওনৰ শেষ সোমবাৰ। এই মাহৰ অন্ত পৰিব ১৭ আগষ্টত আৰু এই সময়ত মহাদেৱক সন্তুষ্ট কৰাৰ বাবে এই দিনটো অতি শুভ। এই সময়ত বিশেষ যোগত যদি কিছুমান প্ৰতিকাৰ কৰে তেন্তে মহাদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু প্ৰতিটো কামতে আপুনি আকাংক্ষিত সফলতা লাভ কৰিব।
শাওনৰ শেষ সোমবাৰে কি কৰিব?
আকাংক্ষিত সফলতা:- বহু প্ৰচেষ্টা সত্ত্বেও যদি আপোনাৰ পৰিয়ালৰ লোকে সফলতা লাভ কৰা নাই, তেন্তে শাওনৰ শেষ সোমবাৰে শিৱ মন্দিৰলৈ গৈ ভগৱান শিৱক বেল অৰ্পণ কৰক। লগতে মন্দিৰত বহি শিৱ চালিছা পাঠ কৰিব লাগে। কোৱা হয় যে এনে কৰিলে পৰিয়ালৰ লোকে নিজৰ আকাংক্ষিত ইচ্ছা লাভ কৰিব পাৰে।
ধন লাভৰ বাবে:- যদি আপুনি আপোনাৰ ধন-সম্পত্তি বৃদ্ধি কৰিব বিচাৰে, তেন্তে শাওনৰ শেষ সোমবাৰে ইন্দ্ৰ যোগৰ সময়ত স্নান কৰাৰ পিছত এটাচকুৰ নাৰিকল এটা নিজৰ ঘৰৰ মন্দিৰত ৰাখি ভগৱান শিৱক পূজা কৰক। তাৰ পিছত একেদৰে এবাৰ নাৰিকলটো পূজা কৰি মন্দিৰত ৰাখক। এই প্ৰতিকাৰ কৰিলে ধন-সম্পত্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।
ব্যৱসায়ত অগ্ৰগতি:- যদি আপুনি আপোনাৰ কেৰিয়াৰ বা ব্যৱসায়ত অগ্ৰগতি বিচাৰে তেন্তে শাওনৰ শেষ সোমবাৰে ১১ টা কৌৰী মন্দিৰত ৰাখি পূজা কৰক। তাৰ পিছত ৰঙা কাপোৰ এখনত বান্ধি অফিচৰ ধনৰ বাকচত থৈ দিব। কৌৰী কেইটা আপোনাৰ ঘৰৰ ধন থোৱা স্থানত ৰাখিব পাৰে। ইয়াৰ দ্বাৰা ব্যৱসায়িক লাভৰ সম্ভাৱনা আছে বুলি ধৰ্মীয় বিশ্বাস আছে।
সন্মান বৃদ্ধি:- যদি আপুনি সমাজত নিজৰ মৰ্যাদা প্ৰতিষ্ঠা কৰিব বিচাৰে বা জনপ্ৰিয়তা লাভ কৰিব বিচাৰে তেন্তে শেষৰ শাওনৰ সোমবাৰে ওম নমহ শিৱায় বুলি কৈ শিৱলিংগত ধতুৰা আৰু বেলপাত আগবঢ়াওক। শাওনৰ শেষ সোমবাৰে এই কাম কৰিলে সমাজত আপোনাৰ সন্মান বাঢ়ে বুলি এটা ধৰ্মীয় বিশ্বাস আছে।
সুখী জীৱন:- যদি আপুনি নিজৰ জীৱনটো সুখী কৰিব বিচাৰে তেন্তে শাওনৰ শেষ সোমবাৰৰ সন্ধিয়া ঘৰৰ নিৰ্জন ঠাইত আসনত বহি শিৱৰ এই মন্ত্ৰটো ১১ বাৰ জপ কৰক। এই মন্ত্ৰটো হ’ল- ‘ওম শিৱয় নম ওম’ এই মন্ত্ৰ জপ কৰাৰ পিছত ভগৱান শিৱৰ ওচৰলৈ গৈ তেওঁৰ আশীৰ্বাদ লওক। কোৱা হয় যে এই কামে মহাদেৱক সন্তুষ্ট কৰে আৰু আশীৰ্বাদ দিয়ে।
লগতে পঢ়ক: শাওনৰ শেষ সোমবাৰে শিৱলিংগত অৰ্পণ কৰক এই বস্তু, লাভ কৰিব মহাদেৱৰ কৃপা…
(অস্বীকাৰ: এই তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিভি৯ অসমে নিশ্চিত কৰা নাই।)