10 AUG 2025
Credits: Getty Images
Credit: Canva, Getty Images
যিসকল লোকে ওজন কমোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকে জিমলৈ যোৱা আৰু ব্যায়াম কৰাৰ উপৰিও খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন।
যদি আপুনি ওজন কমাব বিচাৰে তেন্তে কম কেলৰিযুক্ত, অধিক আঁহযুক্ত শাক-পাচলি খাব লাগে আৰু যাতে পেটটো দীৰ্ঘসময় ধৰি ভৰি থাকে।
ব্ৰকলিত কেলৰি কম আৰু আঁহ বেছি থাকে। যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, চৰ্বি জ্বলোৱাত সহায় কৰে। এন্টিঅক্সিডেন্টৰে সমৃদ্ধ। শৰীৰক বিষমুক্ত কৰে।
পালেঙত কেলৰি অতি কম। কিন্তু ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, কেলচিয়াম, আৰু ফাইবাৰ থাকে। যিয়ে ভোক নিয়ন্ত্ৰণ কৰে। হজম শক্তিত সহায় কৰে।
পানীলাওত ৯০%তকৈ অধিক পানী থাকে। যিয়ে শৰীৰক জলসিঞ্চিত কৰি ৰাখে আৰু বিষমুক্ত কৰে। ইয়াত কেলৰি খুব কম থাকে। যিটো ওজন কমাবলৈ ফলপ্ৰসূ। লগতে ই কোষ্ঠকাঠিন্য দূৰ কৰে।
ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। গাজৰ খালে পেট ভৰি পৰে আৰু ভোক কমি যায়। ইয়াত প্ৰচুৰ পৰিমাণে বিটা-কেৰটিন থাকে। যিটো ছাল আৰু চকুৰ বাবে ভাল।
ইয়াত প্ৰচুৰ পৰিমাণে লাইকোপিন আৰু এন্টিঅক্সিডেন্ট থাকে। যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু চৰ্বি জমা হোৱাটো হ্ৰাস কৰে। বিলাহীত কেলৰি কম আৰু ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে।
চাবলৈ ক্লিক কৰক