৩০ হাজাৰ কোটি টকাৰ পেকেজ, ৰন্ধন গেছৰ দামক লৈ কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত!
মন্ত্ৰীসভাই তেল আৰু গেছ কোম্পানীসমূহৰ বাবে প্ৰায় ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণা কৰিব পাৰে। অৱশ্যে এই সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই। এই সন্দৰ্ভত আলোচনা চলি আছে। কিন্তু কেন্দ্ৰই কিয় বৃহৎ পৰিমাণৰ ৰাজসাহায্য দিয়াৰ কথা ভাবিছে?
ৰন্ধন গেছৰ ওপৰত বৃহৎ ৰাজসাহায্য ঘোষণা কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বিজনেছ টুডেত প্ৰকাশিত এক বাতৰি অনুসৰি মন্ত্ৰীসভাই তেল আৰু গেছ কোম্পানীসমূহৰ বাবে প্ৰায় ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণা কৰিব পাৰে। অৱশ্যে এই সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই। এই সন্দৰ্ভত আলোচনা চলি আছে। কিন্তু কেন্দ্ৰই কিয় বৃহৎ পৰিমাণৰ ৰাজসাহায্য দিয়াৰ কথা ভাবিছে?
জানিব পৰা মতে এই ৰাজসাহায্য মূলতঃ এল পি জিৰ মূল্যৰ ক্ষেত্ৰত দিয়া হ’ব। যাৰ জৰিয়তে তেল আৰু গেছ উৎপাদনকাৰী কোম্পানীসমূহে নিজৰ আৰ্থিক লোকচান কিছু পৰিমাণে হ্ৰাস কৰিব পাৰিব। সেই উদ্দেশ্য আগত ৰাখিয়ে আগবাঢ়ি আহিছে কেন্দ্ৰ। কিন্তু এনে নহয় যে ৰাজসাহায্যৰ সুবিধা কেৱল কোম্পানীসমূহেহে লাভ কৰিব। একাংশই অনুমান কৰিছে যে যদি কেবিনেটে এই ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যত অনুমোদন দিয়ে তেন্তে গেছৰ মূল্য কমি যাব। যাৰ ফলত উপভোক্তাসকলো লাভৱান হ’ব।