TV9 ASSAM
দেহ সুস্থ-সবল কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অত্যন্ত প্ৰয়োজনীয়। দেহত পানীৰ অভাৱ হ’লে কিছু লক্ষণে দেখা দিয়ে।
পানী কমকৈ খালে কোষ্ঠকাঠিন্য হ’ব পাৰে। শৰীৰত পানীৰ অভাৱত হজম শক্তি হ্ৰাস পায়। শৌচ কৰাৰ সময়ত বাধাৰ সৃষ্টি কৰে।
শৰীৰত পানীৰ অভাৱ হ’লে লেলাৱতিৰ উৎপাদন কমি যায়। যাৰ বাবে ডিঙি আৰু মুখ শুকাই যায়।
পানী কমকৈ সেৱন কৰিলে ছালখন শুকান হৈ অহা দেখিবলৈ পাব। ইয়াৰ অৰ্থ হৈছে আপোনাৰ দেহত পৰ্যাপ্ত পানীৰ অভাৱ।
সাধাৰণতে মূৰৰ বিষ ভিন্ন কাৰণত হ’ব পাৰে। কিন্তু দেহত পানীৰ অভাৱতো মূৰৰ বিষ হ’ব পাৰে।
প্ৰস্ৰাৱৰ স্বাভাৱিক ৰং পাতল হালধীয়া। কিন্তু পানী কমকৈ সেৱন কৰিলে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া বা বাদামী হ’ব পাৰে।
দেহত পানীৰ অভাৱত পেশী সংকোচন হ’ব পাৰে। ইয়াৰ ফলত ক্ৰেম্পৰ দৰে সমস্যা হ’ব পাৰে।
পানীৰ অভাৱত মূৰ ঘূৰোৱা বা ভাগৰুৱাৰ দৰে অনুভৱ হব পাৰে। ইয়াৰ ফলত কামত মনোনিৱেশ কৰাত সমস্যা হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
ছালৰ নানা সমস্যাত এইবিধ তেলে দিব সকাহ