শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: দিনটো আৰম্ভ কৰক পুৱাৰ খবৰেৰে, থোৰতে চকু ফুৰাওক কেইটামান চৰ্চিত খবৰত

দেওবাৰে অসম আৰক্ষীয়ে কাছাৰত এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। চোৰাংচোৱা তথ্যৰ ভিত্তিত এই অভিযান চলাই আৰক্ষীয়ে এই সফলতা লাভ কৰা বুলি জানিব পৰা গৈছে।

Morning News: দিনটো আৰম্ভ কৰক পুৱাৰ খবৰেৰে, থোৰতে চকু ফুৰাওক কেইটামান চৰ্চিত খবৰত
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
monjit-dutta
Monjit Dutta | Updated On: 11 Aug 2025 09:07 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক অভিযান। এই অভিযানৰ মাজতে দেওবাৰে অসম আৰক্ষীয়ে কাছাৰত এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। চোৰাংচোৱা তথ্যৰ ভিত্তিত এই অভিযান চলাই আৰক্ষীয়ে এই সফলতা লাভ কৰা বুলি জানিব পৰা গৈছে। অভিযানকালত আৰক্ষীয়ে ৩৬২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
  2. উচ্ছেদ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি পুনৰ এবাৰ স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে বুলি মন্তব্য কৰে। ক্ৰমে জাতি, মাটি, ভেটি হেৰুওৱা সন্দৰ্ভত অখিল গগৈ আৰু গৌৰৱ গগৈৰ উত্তৰ কি হ’ব বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  3. দেওবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। তিৰুৱন্তপুৰমৰ পৰা দিল্লী অভিমুখী এখন বিমান মাজ আকাশত কাৰিকৰী বিজুতিৰ সন্মুখীন হয়। এনে পৰিস্থিতিত বিমানখন জৰুৰীভাৱে চেন্নাই বিমান বন্দৰত অৱতৰণ কৰা হয়। লক্ষণীয়ভাৱে এই বিমানখনত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালসহ পাঁচজন সাংসদো আছিল।
  4. পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে পুনৰ ভাৰতক দিছে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি। আমেৰিকাত এক অনুষ্ঠানৰ সময়ত মুনিৰে পাকিস্তান সংকটৰ সন্মুখীন হ’লে আধা বিশ্ব ধ্বংস কৰিব বুলি সকীয়নি প্ৰদান কৰিছে। কেৱল ইমানেই নহয়, ভাৰতে সিন্ধু নদীত মথাউৰি নিৰ্মাণ কৰিলে পাকিস্তানে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি মথাউৰি ভাঙি পেলাব বুলিও ভাবুকি দিছে পাক সেনাপ্ৰধানগৰাকীয়ে।
  5. তিনিচুকীয়াৰ জাগুনত সৰ্পদংশনত প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই। নিহত মহিলাগৰাকীৰ নাম হেমা ৰাভা বুলি জানিব পৰা গৈছে। দেওবাৰে নিশা মহিলাগৰাকী ঘৰৰ সন্মুখৰে দোকানলৈ যোৱাৰ সময়তে পথত পৰি থকা বিষাক্ত সৰ্পই দংশন কৰে আৰু কিছু সময়ৰ পিছতে মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱায়। জাগুনৰ সোণালী জনজাতি ৰাভা গাঁৱত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে।
  6. ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ উত্তম গগৈ হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ মাজতে বৰবৰুৱা আৰক্ষীয়ে লাভ কৰিছে গুৰুত্বপূৰ্ণ সফলতা। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ বাবে ক্ৰয় কৰা পিষ্টলটো উদ্ধাৰ কৰিছে। উল্লেখ্য যে যোৱা ২৫ জুলাইত বৰবৰুৱাৰ লাহনগাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ড। নিজ পত্নী-কন্যাই ছুপাৰী কিলাৰ নিয়োগ কৰি হত্যা কৰিছিল যুৱ ব্যৱসায়ী উত্তম গগৈক।
  7. চলিত ডুৰাণ্ড কাপ প্ৰতিযোগিতাত আজি অনুষ্ঠিত হ’ব নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ মেচ। আজি নৰ্থইষ্ট ইউনাইটেডে ৰংদাজীড ইউনাইটেডৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব। নিশা ৭ বজাত অনুষ্ঠিত এই মেচখন। তাৰ পূৰ্বে বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব ইণ্ডিয়ান আৰ্মী বনাম লাডাখ ফুটবল ক্লাৱৰ মেচ।