TV9 ASSAM
বাস্তু শাস্ত্ৰ মতে ঘৰত বয়বস্তু থোৱাৰ স্থানে ঘৰখনলৈ বা ঘৰৰ লোকসকলৰ জীৱনলৈ শুভ আৰু অশুভ ফল কঢ়িয়াই আনে।
বাস্তু দোষ আৰু পাকঘৰৰ মাজত যথেষ্ট সংযোগ আছে। বাস্তু মতে পাকঘৰত কিছুমান বস্তু ভালদৰে থোৱা নহ’লে জীৱনত অশান্তি বাঢ়ি যায়।
প্ৰায় সকলো লোকে পাকঘৰত নিমখ আৰু হালধি একেলগে থোৱা দেখা যায়। কিন্তু বাস্তু শাস্ত্ৰ মতে এয়া শুভ নহয়।
বাস্তু শাস্ত্ৰ মতে যদি পাকঘৰত নিমখ আৰু হালধি একেলগে ৰাখে, তেতিয়া ঘৰখনত আৰ্থিক অৱনতিৰ আশংকা থাকে।
বাস্তু শাস্ত্ৰ মতে ইয়াৰ ফলত ঘৰত অশান্তিৰ সৃষ্টি হয়। মানসিক চাপত চাপে। লগতে পৰিয়ালৰ ভিতৰত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকে।
হালধি আৰু নিমখ একেলগে ৰাখিলে সেই ঘৰত থকা লোকসকলৰ বৈবাহিক জীৱনত প্ৰভাৱ পৰে আৰু সমস্যাই দেখা দিব পাৰে।
এই অভ্যাসে লগতে আৰ্থিক লোকচানৰো ইংগিত দিয়ে। ইয়াৰ ফলত উপাৰ্জন হ'লেও খৰচ বৃদ্ধি পাব পাৰে।
এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মত প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
এনে লক্ষণ হ'ব পাৰে দেহত পানীৰ অভাৱৰ ইঙ্গিত