শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Trump, US-Russia News: আলাস্কাত অনুষ্ঠিত হ'বলগীয়া আমেৰিকা-ৰাছিয়াৰ বৈঠকক আদৰণি জনাইছে ভাৰতে

Trump, US-Russia News: আলাস্কাত অনুষ্ঠিত হ’বলগীয়া আমেৰিকা-ৰাছিয়াৰ বৈঠকক আদৰণি জনাইছে ভাৰতে

Manas Borah
Manas Borah | Published: 10 Aug 2025 21:19 PM

আলাস্কাত ১৫ আগষ্টত ৰাছিয়া আৰু আমেৰিকাৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। লগতে দুই দেশৰ এই বৈঠকক আদৰণি জনাইছে ভাৰতে।

ৰাছিয়া-আমেৰিকাৰ বৈঠকক আদৰণি জনাইছে ভাৰতে। শনিবাৰে এই কথা সদৰী কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে। আলাস্কাত ১৫ আগষ্টত ৰাছিয়া আৰু আমেৰিকাৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। লগতে দুই দেশৰ এই বৈঠকক আদৰণি জনাইছে ভাৰতে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ বছৰ বছৰ ধৰি চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ বাবে এই বৈঠক প্ৰয়োজনীয়। ইয়াৰ উপৰিও ইয়াৰ লক্ষ্য হৈছে শান্তিৰ বাবে সকলো সম্ভাৱ্য পথ মুকলি কৰা। বিগত সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বাৰে বাৰে কৈছিল যে, ‘এয়া যুদ্ধৰ সময় নহয়’।

ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত আমেৰিকা আৰু ৰাছিয়া তুলাচালনীৰ দৰে। এফালে বোজা বাঢ়িলে আনটো ফাল দ্ৰুতগতিত ওপৰলৈ উঠি যায় । উদাহৰণস্বৰূপে, আমেৰিকাৰ শুল্কৰ বাবে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কই গুৰুত্ব লাভ কৰিছে। আৰু সেই পৰিৱেশত নতুন দিল্লীয়ে বৈঠকৰ সমৰ্থনত এক বিবৃতি প্ৰকাশ কৰে।