ছ’চিয়েল মিডিয়াত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি পাকিস্তানী যুৱতীৰে গোপন বিবাহ ! চাকৰি হেৰুৱালে এগৰাকী CRPF জোৱানে…
পাকিস্তানী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি বিপদ পৰিছে এগৰাকী ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান । আনকি চাকিৰৰ পৰাও বৰ্খাস্ত কৰা হৈছে জোৱানজনক । জানিব পৰা মতে, পাকিস্তানী যুৱতীগৰাকীৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হৈছিল জোৱানজন ।

পাকিস্তানী যুৱতীৰে গোপন বিবাহ ! পাকিস্তানী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি বিপদ পৰিছে এগৰাকী ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান । আনকি চাকিৰৰ পৰাও বৰ্খাস্ত কৰা হৈছে জোৱানজনক । উল্লেখ্য যে, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়লৈ উঠিছিল অনলাইনত । সেনাৰ সূত্ৰ অনুসৰি, চি আৰ পি এফ জোৱানজনৰ নাম মুনীৰ আহমেদ। জম্মু-কাশ্মীৰত কৰ্তব্যৰত হৈ আছিল জোৱানজন । ইফালে পাকিস্তানী যুৱতীগৰাকীৰ নাম হৈছে-মিনাল খান । পাকিস্তানী যুৱতীগৰাকীৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হৈছিল জোৱানজন ।
জানিব পৰা মতে, ভাৰতীয় জোৱান মুনীৰ আৰু পাকিস্তানী যুৱতী মিনালৰ মাজত যোৱা বছৰ ছ’চিয়েল মিডিয়াত হোৱা বাৰ্তালাপৰ অন্তত এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ইয়াৰ পাছত বিবাহ পৰ্যায়লৈকে গতি কৰিছিল তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক । এই সকলোবোৰ ঘটিছিল অনলাইনত।
চলিত বৰ্ষৰ মাৰ্চ মাহত ভিছা লৈ ভাৰতলৈ আহিছিল মিনাল। কিন্তু যুৱতীগৰাকীৰ সেই ভিজা আছিল হ্ৰস্বম্যাদী । সেয়েহে সেই মাহৰ ২২ তাৰিখে ইয়াৰ ম্যাদ উকলি গৈছিল। কিন্তু তেতিয়াও পাকিস্তানৰ ঘৰলৈ উভতি যোৱা নাছিল যুৱতীগৰাকী । চি আৰ পি এফ জোৱানজনৰ সাহসত ভাৰতৰ স্বামীৰ ঘৰতে আছিল মিনাল খান । অৱশ্যে তেওঁৰ অধিবক্তাই কয় যে, সেই সময়ছোৱাত মিনালে দীৰ্ঘম্যাদী ভিছাৰ বাবে কৰিছিল আবেদন।
শেহতীয়াকৈ পহলগাম আক্ৰমণৰ পিছত পুনৰবাৰ ভাৰত-পাকিস্তানৰ মাজত উত্তেজনাই বিৰাজ কৰিছে । সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ভাৰত-পাকিস্তানৰ সীমান্ত। ভাৰতলৈ অহা পাকিস্তানী নাগৰিকক ঘূৰি যাবলৈ কোৱা হৈছে। তাৰ পিছতে মিনালেও ঘৰলৈ উভতি যাবলৈ নিজেই ৱাঘা সীমান্তত উপস্থিত হৈছিল । কিন্তু শেষ মুহূৰ্তত আদালতে তেওঁক ভাৰতত থাকিবলৈ অনুমতি দিয়ে বুলি জানিবলৈ পৰা গৈছে ।
মিনালে আদালতত সকাহ পালেও বিপদ বাঢ়িল স্বামী মুনীৰ আহমেদৰ। কিয়নো মুনীৰৰ বিৰুদ্ধে সেনাই আৰম্ভ কৰে তদন্ত। তদন্তত পোহৰলৈ আহিল যে, কাকো নোকোৱাকৈয়ে পাকিস্তানী যুৱতীগৰাকীক গোপনে বিয়া কৰাইছিল মুনীৰ আহমেদে । এগৰাকী পাকিস্তানী যুৱতীক এজন ভাৰতীয় জোৱানে গোপনে বিয়া কৰাটো দেশৰ নিৰাপত্তাক লৈ উদ্বেগ সৃষ্টি কৰিব পৰা বিষয় ! এই উদ্বেগ প্ৰকাশ কৰিয়ে জোৱানজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে সেনাই ।