শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বেয়া খবৰ! দ’ খাৱৈত পৰিল সেনাৰ ট্ৰাক, জম্মু-কাশ্মীৰত শ্বহীদ ৩ জোৱান…

পহলগাম কাণ্ডক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে জম্মু-কাশ্মীৰৰ পৰা আহিছে আন এক বেয়া খবৰ। দেওবাৰে দিনৰ ভাগত সেনাৰ ট্ৰাক দ' খাৱৈত পৰে। যাৰ ফলত মৃত্যু হয় ৩ জন জোৱানৰ।

বেয়া খবৰ! দ’ খাৱৈত পৰিল সেনাৰ ট্ৰাক, জম্মু-কাশ্মীৰত শ্বহীদ ৩ জোৱান…
সেনাImage Credit source: PTI
barasha-sarma
Barasha Sarma | Updated On: 04 May 2025 15:25 PM

জম্মু-কাশ্মীৰৰ পৰা আহিছে এক দুঃখবৰ। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩ গৰাকীকৈ জোৱানে। তথ্য অনুসৰি ৰামবান জিলাৰ বেটাৰী চাছমাৰ ওচৰেৰে সেনাৰ ট্ৰাক এখন গৈ থকা অৱস্থাত ২০০-৩০০ মিটাৰ দ’ খাৱৈত পৰি যায়। যাৰ ফলত  এই ঘটনাত ৩ জন জোৱান শ্বহীদ হয়। লগে লগে আৰক্ষী, এছ ডি আৰ এফ, সেনা আৰু স্থানীয়লোকে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আৰু আহতসকলক উদ্ধাৰ কৰে। সেনাভৰ্তি ট্ৰাকখন জম্মুৰ পৰা শ্ৰীনগৰলৈ গৈ আছিল। ইতিমধ্যে সেনাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰি সেনাৰ বিষয়াসকলে কয় যে, ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ বেটাৰী চাছমাৰ সমীপত দেওবাৰে  পুৱা ১১:৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। সেনাবাহিনীৰ ট্ৰাকখন জম্মুৰ পৰা শ্ৰীনগৰলৈ গৈ থকা কনভয়ৰ এটা অংশ আছিল। সেই সময়চোৱাতে ট্ৰাকখনত দুৰ্ঘটনাতপতিত হয়। লগে লগে এছডিআৰএফ, আৰক্ষী, সেনা আৰু স্থানীয়লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

 

সেনা বিষয়াসকলে কয় যে, এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকখন ভাঙি চিঙি চুৰমাৰ হয়। ট্ৰাকৰ অৱস্থা ইমানেই বেয়া গৈ পৰিছিল যে বহু চেষ্টাৰ অন্তত শ্বহীদ জোৱানসকলৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন দ’ খাৱৈত পৰে। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ জাৰি হৈছে। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব কি কাৰণে এই দুৰ্ঘটনা সংঘটিত হ’ল।

শ্বহীদ তিনিজন জোৱানৰ বলিদানক সন্মান জনাই সেনাই এক শোকসভাৰ আয়োজন কৰে। শ্বহীদ জোৱানকেইজনৰ নাম অমিত কুমাৰ, সুজিত কুমাৰ আৰু মন বাহাদুৰ। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰসবাদী আক্ৰমণৰ ঘটনা। এই নৃশংস ঘটনাত ২৬ জন লোকে প্ৰাণ হেৰুৱাৰ উপৰি ১৪ জন লোক আহত হৈছিল। এই ঘটনাৰ পাছতে জম্মু-কাশ্মীৰত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি আছে। প্ৰায় প্ৰতিদিনে জম্মু-কাশ্মীৰৰ পৰা বিভিন্ন ধৰণৰ অনাকাংক্ষিত ঘটনা পোহৰলৈ আহে। ইয়াৰ মাজতে দুৰ্ঘটনাত সেনা শ্বহীদ হোৱা খবৰে দুখিত কৰিছে বিভিন্নজনক।

 

অন্য খবৰ পঢ়কঃ এয়া কোনো ৰহস্য নহয়…পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে থকা সংযোগ সন্দৰ্ভত বিলাৱল ভুট্টোৰ মন্তব্য…