শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক

অপাৰেশ্যন সেন্দূৰত ক্ষুব্ধ হৈ পাকিস্তানে ৮-৯ মে’ৰ নিশা জম্মুত ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলাইছিল, যাক বিফল কৰি পেলাইছিল ভাৰতৰ S-400 ষ্টিষ্টেমে। ভাৰতে তীব্ৰ প্ৰতিহত আক্ৰমণ চলাই কৰাচী বন্দৰক লক্ষ্য কৰি লয়। এই প্ৰতিশোধ সঠিক আৰু ফলপ্ৰসূ আছিল, যাৰ ফলত পাকিস্তানৰ যথেষ্ট ক্ষতি হৈছিল। ইফালে LoC ত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি তীব্ৰ গুলীচালনা কৰে, যাৰ বাবে ভাৰতেও উপযুক্ত উত্তৰ দিলে।

ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 09 May 2025 10:31 AM

ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই ভাৰতে পাকিস্তানৰ আক্ৰমণ বিফল কৰাই নহয়, নিজৰ মাটিতে পাকিস্তানক উপযুক্ত উত্তৰ দিলে। ভাৰতীয় সেনাই জম্মুৰ সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বিফল কৰি কৰাচীলৈকে ইয়াৰ প্ৰতিশোধ ল’লে। এয়া ভাৰতৰ আজিলৈকে দিয়া অন্যতম নিৰ্ণায়ক আৰু সঠিক সামৰিক প্ৰত্যুত্তৰ হিচাপে বিবেচিত হৈছে। ভাৰতে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ বিফল কৰাই নহয়, ভাৰতে আকৌ এবাৰ শক্তিশালী প্ৰত্যুত্তৰো দিছে।

৮ আৰু ৯ মে’ৰ নিশা পাকিস্তানে জম্মু বিমানবন্দৰ (সাতৱাৰী), চাম্বা, আৰ এছ পুৰা আৰু আৰ্নিয়া আদি অঞ্চলক লক্ষ্য কৰি কমেও ৮টা ক্ষেপণাস্ত্ৰ আৰু কেইবাখনো ড্ৰোন নিক্ষেপ কৰে। কিন্তু ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেম, বিশেষকৈ এছ-৪০০ ‘সুদৰ্শন চক্ৰ’ই আটাইকেইটা আক্রমণ আকাশৰ মাজভাগত গুলীয়াই ধ্বংস কৰে৷ পাকিস্তানে সন্ত্ৰাসবাদী সংগঠন হামাছৰ দৰে সস্তীয়া ৰকেট প্ৰযুক্তি ব্যৱহাৰ কৰিছিল যদিও ভাৰতৰ সঠিক আৰু আধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই সকলোবোৰ ভাবুকি সময়মতে নিষ্ক্ৰিয় কৰি পেলায়।

পাথানকোট বিমান ঘাটিকো লক্ষ্য কৰি পাকিস্তানে চেষ্টা কৰিছিল যদিও তাতো নিৰাপত্তা বাহিনী আৰু কাৰিকৰী ব্যৱস্থাৰ সতৰ্কতাই আক্ৰমণ বিফল কৰি পেলালে। ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ তৎপৰতাৰ বাবে কোনো লোকৰ প্ৰাণ বা সম্পত্তিৰ ক্ষতি হোৱা নায়। ৰাজৌৰী আৰু নৌশ্বেৰা খণ্ডতো পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে। ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ যুদ্ধবিৰতিৰ উপযুক্ত উত্তৰ দিয়ে। ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতে কৰাচী বন্দৰক লক্ষ্য কৰি লয়, য’ত কেইবাটাও শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। কোৱা হৈছে যে এই অভিযানৰ বাবে পাকিস্তানে লজিষ্টিক আৰু কৌশলগতভাৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এই অভিযান ভাৰতীয় নৌসেনাই লক্ষ্যস্থানক নিখুঁতভাৱে লক্ষ্য কৰি লৈছিল।

পাকিস্তানৰ কুৎসিত কাৰ্যকলাপ আৰু ভাৰতৰ প্ৰত্যুত্তৰক ২৫ পইণ্টত বুজক

  1. ভাৰতে পুনৰবাৰ পাকিস্তানৰ কুৎসিত পৰিকল্পনাক সম্পূৰ্ণৰূপে বিফল কৰি।
  2. ৮ আৰু ৯ মে’ৰ নিশা পাকিস্তানে জম্মুৰ সীমান্তৱৰ্তী অঞ্চলত ড্ৰ’নেৰে আক্ৰমণৰ চেষ্টা চলাইছিল।
  3. ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সজাগতা দেখুৱাই পাকিস্তানে মধ্য বায়ুৰ দ্বাৰা নিক্ষেপ কৰা কমেও ৮টা ক্ষেপণাস্ত্ৰ ধ্বংস কৰে।
  4. জম্মু বিমানবন্দৰ (সাতৱৰী), সাম্বা, আৰ এছ পুৰা আৰু অৰ্ণিয়া অঞ্চল পাকিস্তানী ড্ৰোনৰ লক্ষ্য হৈ পৰিছিল।
  5. সন্ত্ৰাসবাদী সংগঠন হামাছৰ দৰে পাকিস্তানে ব্যৱহাৰ কৰিছিল সস্তীয়া ৰকেট প্ৰযুক্তি।
  6. ভাৰতীয় সেনাই সময়মতে ভাবুকি চিনাক্ত কৰি আকাশত থকা ক্ষেপণাস্ত্ৰসমূহ লক্ষ্যত উপনীত হোৱাৰ আগতেই ধ্বংস কৰি পেলায়।
  7. ভাৰতৰ এছ-৪০০ ‘সুদৰ্শন চক্ৰ’ এয়াৰ ডিফেন্স চিষ্টেমে আকাশত থকা মিছাইল আৰু ড্ৰ’ন দুয়োটাকে ধ্বংস কৰি নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে।
  8. পাথানকোট বিমান ঘাটিতো আক্রমণ কৰাৰ ব্যর্থ প্রয়াস পাকিস্তানে চলাইছিল, যিটো সম্পূর্ণৰূপে বিফল হৈছিল৷
  9. ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ তৎপৰতাৰ বাবে কোনো প্ৰাণ বা সম্পত্তিৰ ক্ষতি হোৱা নায়।
  10. পাকিস্তানে ৰাজৌৰী আৰু নৌশ্বেৰা খণ্ডতো যুদ্ধবিৰতি উলংঘা কৰিলে, ভাৰতে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিলে।
  11. নিয়ন্ত্ৰণ ৰেখা (LoC)ত  উচ্চ পৰ্যায়ৰ সতৰ্কতা ঘোষণা কৰা হৈছে।
  12. আকাশত ফ্লেয়াৰ আৰু ড্ৰোনৰ কাৰ্যকলাপৰ বাবে গোটেই নিশা জম্মু চহৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
  13. এই আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধ লয় আৰু কৰাচী বন্দৰক লক্ষ্য কৰি লয়।
  14. কৰাচী বন্দৰত কেইবাটাও বৃহৎ বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত বৃহৎ ক্ষতি হোৱা বুলি কোৱা হৈছে।
  15. ভাৰতীয় নৌসেনাই চলোৱা এই অভিযানক অতি নিখুঁত আৰু লক্ষ্য নিৰ্ধাৰণ কৰা বুলি অভিহিত কৰা হৈছে।
  16. লাহোৰ, ইছলামবাদ, বাহাৱালপুৰ, শিয়ালকোট আৰু পিঅ’কেৰ কোটলীতো ভাৰতে ব্যৱস্থা গ্ৰহণ কৰে।
  17. পাকিস্তানৰ পৰা উচটনিমূলক কার্য আৰু ভাৰতৰ প্রতিশোধৰ মাজতে দিল্লীত বৃহৎ বৈঠক অনুষ্ঠিত হয়৷
  18. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়।
  19. আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিওজন সেনা প্ৰধানৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ বৰ্তমানৰ প্ৰস্তুতিৰ তথ্য গ্ৰহণ কৰে।
  20. কোৱা হৈছে যে বৈঠকত সীমান্তৰ পৰিস্থিতি, সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু সেনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়।
  21. আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে কথা পাতিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে।
  22. ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকাৰ সমৰ্থনৰ শলাগ লৈ নিজৰ স্থিতি স্পষ্ট কৰে।
  23. জয়শংকৰে কয় যে, ভাৰতৰ প্ৰত্যুত্তৰ সুষম যদিও সঠিক। উত্তেজনা বৃদ্ধিৰ প্ৰতিটো প্ৰচেষ্টাৰ উপযুক্ত উত্তৰ দিব ভাৰতে।
  24. আনহাতে বিমান পৰিবহণ কোম্পানী ইণ্ডিগো, আকাছা আদিয়ে যাত্ৰীসকলৰ সুৰক্ষাৰ পৰামৰ্শ জাৰি কৰা হৈছে।
  25. কতৃপক্ষই কয় যে ,যাত্ৰীসকলে বহু আগতেই বিমানবন্দৰত উপস্থিত হ’ব লাগে আৰু বিমান পথৰ সম্ভাৱ্য পৰিৱৰ্তনৰ বাবে সজাগ হ’ব লাগে।

পাকিস্তানী যুদ্ধ বিমান গুলীয়াই ধ্বংস কৰে ভাৰতে

পাঠানকোট ছেক্টৰত পাকিস্তানী যুদ্ধ বিমান গুলীয়াই ধ্বংস কৰিছে ভাৰতীয় বায়ুসেনাই । প্ৰতিৰক্ষা সূত্ৰ অনুসৰি এই পাকিস্তানী যুদ্ধ বিমানখনে ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, যিটো ভাৰতীয় বায়ুসেনাই সময়মতে চিনাক্ত কৰি গুলীয়াই। এই অভিযানত পাথানকোট ছেক্টৰত পাকিস্তানী জেট বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। পাকিস্তানে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰা নাই যদিও ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াক পাকিস্তানৰ প্ৰৰোচনামূলক কাৰ্য বুলি অভিহিত কৰিছে। এই আক্ৰমণৰ পিছত ভাৰতে সমগ্ৰ নিয়ন্ত্ৰণ ৰেখাত হাই এলাৰ্ট ঘোষণা কৰিছে।