শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাৰিলে বেছি, ক’লে কম…অপাৰেচন সেন্দূৰ সন্দৰ্ভত পাকিস্তানৰ এক ডাঙৰ অভিযোগ

ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰা বুলি জনাইছিল যদিও ড’ছিয়াৰত মানচিত্ৰৰ জৰিয়তে কোৱা হৈছে যে ভাৰতে কেৱল ৯টা নহয়, পাকিস্তানৰ অন্যান্য অঞ্চলতো আক্ৰমণ কৰিছিল ।

মাৰিলে বেছি, ক’লে কম…অপাৰেচন সেন্দূৰ সন্দৰ্ভত পাকিস্তানৰ এক ডাঙৰ অভিযোগ
অপাৰেচন সেন্দূৰ সন্দৰ্ভত পাকিস্তানৰ অভিযোগ
raj-saikia
Raj Saikia | Published: 03 Jun 2025 16:51 PM

অপাৰেচন সেন্দূৰক লৈ ডাঙৰ স্বীকাৰোক্তি দিছে পাকিস্তানে । পাক ড’ছিয়াৰত দাবী কৰা হৈছে যে ভাৰতীয় সেনাই দাবী কৰাতকৈ এই অভিযানে পাকিস্তানৰ অধিক ক্ষতি কৰিছে । আচলতে প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ভাৰতে অধিক হত্যা কৰিছিল যদিও কম ৰিপ’ৰ্ট দিছিল । এই আক্ৰমণৰ পিছত ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰা বুলি জনাইছিল যদিও ড’ছিয়াৰত মানচিত্ৰৰ জৰিয়তে কোৱা হৈছে যে ভাৰতে কেৱল ৯টা নহয়, পাকিস্তানৰ অন্যান্য অঞ্চলতো আক্ৰমণ কৰিছিল ।

মানচিত্ৰখনত সিন্ধুৰ পেছোৱাৰ, ঝাং, হায়দৰাবাদ, গুজৰাণৱালা, ভৱালনগৰ, অটক আৰু পঞ্জাৱৰ ছ’ৰ আদিত আক্ৰমণৰ দৃশ্য দেখুওৱা হৈছে । ভাৰতীয় বায়ুসেনাই যোৱা মাহত সংঘটিত বিমান আক্ৰমণৰ পিছত প্ৰেছ ব্রিফিঙত এই স্থানসমূহৰ নাম উল্লেখ কৰা নাছিল ৷ অপাৰেচন বুনিয়ান উন মাৰ্ছোছৰ ওপৰত পাকিস্তানৰ ড’ছিয়াৰত কোৱা হৈছে যে ভাৰতে উল্লেখ কৰা লক্ষ্যতকৈ কমেও আঠটা অধিক লক্ষ্য স্থানত আক্ৰমণ কৰা হৈছে । ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে পাকিস্তানৰ ভিতৰত ভাৰতৰ আক্ৰমণ কিমান গভীৰ আছিল ।

পাকিস্তানে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হয়
১৮ মে’ত পাকিস্তানে কেইবাখনো দেশলৈ দাখিল কৰা ড’ছিয়াৰত নিজেই প্ৰকাশ পাইছে যে ভাৰতে পাকিস্তানৰ বিস্তৰ ক্ষতিসাধন কৰিছে । অপাৰেচন সেন্দূৰৰ সময়ত ভাৰতীয় ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণৰ ফলত হোৱা বৃহৎ লোকচানৰ কথা এতিয়া স্বীকাৰ কৰিছে পাকিস্তানে নিজেই ।

পাকিস্তানৰ ড’ছিয়াৰ অনুসৰি ভাৰতেও এই অঞ্চলসমূহত আক্ৰমণ চলাইছিল-

  • পেছোৱাৰ
  • ঝাং
  • সিন্ধুৰ হায়দৰাবাদ
  • পঞ্জাৱৰ গুজৰাণৱালা
  • ভৱলনগৰ
  • অটক
  • ছ’ৰ

পাকিস্তানৰ ড’ছিয়াৰত উল্লেখ আছে যে অপাৰেচন সেন্দূৰৰ সময়ত ভাৰতীয় ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নে পাকিস্তানৰ ভিতৰত আৰু বহু ঠাইত আঘাত কৰিছিল । ভাৰতীয় সেনাই প্ৰেছ ব্রিফিঙত ৯টা টার্গেটত আক্রমণ কৰা বুলি স্বীকাৰ কৰিলেও পাকিস্তানী ড’ছিয়াৰত দেখা গৈছে যে ভাৰতে সংঘটিত কৰা এই আক্রমণত ৯টাতকৈও অধিক টার্গেটত আক্রমণ হৈছে ৷ ভাৰতে ৰাজহুৱাভাৱে স্বীকাৰ কৰাতকৈ অধিক টাৰ্গেট আক্ৰমণ কৰা হৈছিল । পাকিস্তানেও সেই অঞ্চলসমূহ মানচিত্ৰত দেখুৱাইছে ।

ভাৰতে আৰম্ভ কৰিলে অপাৰেচন সেন্দূৰ
পাকিস্তানে জম্মু-কাশ্মীৰৰ পহলগামত আক্ৰমণ কৰিছিল । এই আক্ৰমণত ২৬ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱালে । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত ক্ষুব্ধ হৈ পৰিছিল । ৭ মে’ৰ নিশা ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰে । ভাৰতীয় সেনাই পাকিস্তানক এই আক্ৰমণৰ শিক্ষা দিছিল । পিছত সমগ্ৰ দেশক খবৰ দিয়া হয় যে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছে । অৱশ্যে এতিয়া পোহৰলৈ আহিছে যে ভাৰতে পাকিস্তানক আৰু অধিক গভীৰ আঘাত দিছিল । ভাৰতৰ এনে ভয়াৱহ আক্ৰমণৰ বাবেই পাকিস্তানে যুদ্ধবিৰতিৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে ।

ইয়াৰ সমান্তৰালকৈ পাকিস্তানৰ এই প্ৰতিবেদনে ভাৰতৰ ক্ষতিসাধন কৰা বুলি কৈ থকা সকলো দাবীকো খণ্ডন কৰিছে । প্রতিবেদনত পাকিস্তানে স্পষ্টকৈ উল্লেখ কৰিছে যে ভাৰতৰ আক্রমণৰ ফলত পাকিস্তানে কিমান ক্ষতিৰ সন্মুখীন হৈছে ৷ আনহাতে পাকিস্তানে চলোৱা ব্যৰ্থ আক্ৰমণত পাকিস্তানৰ বহু ক্ষেপণাস্ত্ৰ আকাশতে ধ্বংস কৰা হয় ।

ভাৰতৰ আক্ৰমণৰ পৰিকল্পিত অঞ্চল

৭ মে’ৰ পিছত ভাৰতীয় সামৰিক ব্রিফিঙত আক্ৰমণৰ লক্ষ্যৰ বিষয়ে সযতনে ৰূপৰেখা দাঙি ধৰা হৈছিল – পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰ (PoK)ৰ ৯টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল ৷

সন্ত্ৰাসবাদী কেন্দ্ৰৰ ভিতৰত আছিল

  • বাহাৱালপুৰৰ জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়
  • মুৰিডকেত লস্কৰ-ই-তৈবাৰ ঘাটি
  • মুজাফ্ফৰাবাদ
  • কোটলি
  • ৰাৱালাকোট
  • চাকশ্বৰী
  • ভীম্বাৰ
  • নীলাম উপত্যকা
  • ঝিলাম
  • চকৱালক লক্ষ্য কৰি লোৱা হৈছিল ।

কৌশলগত পদক্ষেপ হ’ব পাৰে
পাকিস্তানৰ নতুন প্ৰতিবেদনৰ পৰা অনুমান কৰিব পাৰি যে প্ৰেছ ব্রিফিঙত ভাৰতে অতিৰিক্ত আক্ৰমণৰ স্থানৰ নাম উল্লেখ নকৰাটো হয়তো এক কৌশলগত পদক্ষেপ আছিল, সম্ভাৱনাময়ভাৱে ইয়াৰ লক্ষ্য আছিল পাকিস্তানক ক্ষতিৰ সম্পূৰ্ণ পৰিসৰ প্ৰকাশ কৰিবলৈ বাধ্য কৰা, যাতে পাকিস্তানে এই আক্ৰমণৰ যিকোনো অস্বীকাৰক দুৰ্বল কৰিব পাৰি ।

৭ মে’ৰ আক্ৰমণৰ পিছত ভাৰতে কেৱল সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লোৱা বুলি জোৰ দিয়াৰ পিছতো পাকিস্তানে ভাৰতৰ পশ্চিম প্ৰান্তত অসামৰিক এলেকা আৰু সামৰিক ইনষ্টলেশ্যনত ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে পাকিস্তানৰ সামৰিক প্ৰতিষ্ঠানসমূহত আক্ৰমণ চলায় । ১১টা বিমানঘাটিক লক্ষ্য কৰি লোৱা হৈছিল । ইয়াৰ ভিতৰত নুৰ খান, ৰফিকী, মুৰিদ, চুক্কুৰ, শিয়ালকোট, পাছৰুৰ, চুনিয়ান, সৰগোধা, স্কুৰু, ভোলাৰী আৰু জেকবাবাদ । এই বৃহৎ ক্ষতিৰ ফলত পাকিস্তানে যুদ্ধবিৰতি আহ্বান কৰাৰ বাহিৰে আন উপায় নাপালে, যাৰ ফলত তিনিদিনীয়া উত্তেজনাৰ অন্ত পৰিল।