শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্ব পৰিৱেশ দিৱস: জানক বিশ্ব মঞ্চত কিদৰে জলবায়ু চেম্পিয়ন হৈ পৰিছে ভাৰত, এইদৰে অৰ্জন কৰিছে বহু অভিলেখ…

World Environment Day 2025: প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত ১১ বছৰে জলবায়ু পৰিৱৰ্তন মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বিশেষকৈ সৌৰ আৰু বায়ু শক্তিৰ নবীকৰণযোগ্য শক্তিৰ অভূতপূৰ্ব বৃদ্ধি হৈছে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (ISA) আৰু ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনৰ দৰে পদক্ষেপে ভাৰতক বিশ্ব জলবায়ু নেতৃত্বত অগ্ৰণী ভূমিকা প্ৰদান কৰিছে।

বিশ্ব পৰিৱেশ দিৱস: জানক বিশ্ব মঞ্চত কিদৰে জলবায়ু চেম্পিয়ন হৈ পৰিছে ভাৰত, এইদৰে অৰ্জন কৰিছে বহু অভিলেখ…
আজি বিশ্ব পৰিৱেশ দিৱস
trishna-kalita
Trishna Kalita | Updated On: 05 Jun 2025 12:10 PM

প্ৰকৃতিৰ প্ৰতি সদায় গভীৰ সমৰ্পন প্ৰকাশ কৰি আহিছে ভাৰতৰ। অথৰ্ববেদত কোৱাৰ দৰে “পৃথিৱী আমাৰ মাতৃ আৰু আমি তেওঁৰ সন্তান।” এই বিশ্বাস যুগ যুগ ধৰি আমাৰ জীৱনশৈলীৰ অংশ হৈ আহিছে। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই প্ৰাচীন জ্ঞান শক্তিশালী আৰু ব্যৱহাৰিক কাৰ্যলৈ ৰূপান্তৰিত হৈছে। বিশ্ব জলবায়ু প্ৰচেষ্টাত অনুগামীৰ পৰা আগশাৰীৰলৈ গতি কৰিছে ভাৰত। স্পষ্ট নীতি, জনসাধাৰণৰ অংশগ্ৰহণ আৰু স্বচ্ছ শক্তি আৰু বহনক্ষমতাৰ বাবে শক্তিশালী স্থিতিৰ জৰিয়তে চৰকাৰে সকলোৰে বাবে এক সেউজ, সুস্থ আৰু অধিক সুৰক্ষিত ভৱিষ্যত সৃষ্টিৰ বাবে কাম কৰি আছে।

বিশ্ব মঞ্চত জলবায়ু চেম্পিয়ন

২০১৪ চনৰ বিশ্ব জলবায়ু আলোচনাত ভাৰতক দ্বিধাগ্ৰস্ত অংশগ্ৰহণকাৰী হিচাপে দেখা গৈছিল। চৰকাৰে জলবায়ু ন্যায় আৰু সমতাৰ ধাৰণা অনাৰ লগে লগে ইয়াৰ পৰিৱৰ্তন ঘটিছিল, যিয়ে বিশ্বজলবায়ুৰ আখ্যানক পুনৰ গঢ় দিছিল। পেৰিছত অনুষ্ঠিত হোৱা চিঅ’পি ২১ ( ২১টা পক্ষৰ সন্মিলন)ত ভাৰতে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা নিজৰ স্থাপন কৰা শক্তি ক্ষমতাৰ ৪০ শতাংশ লাভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, যিটো লক্ষ্য ২০২১ চনৰ নৱেম্বৰ মাহত নিৰ্ধাৰিত সময়ৰ আগতেই লাভ কৰা হৈছিল।

গ্লাছগোত অনুষ্ঠিত হোৱা চিঅ’পি ২৬ত পি এম মোদীয়ে লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী) মুকলি কৰে। যিয়ে ব্যৱহাৰৰ অপচয় সলনি বহনক্ষম অভ্যাস আৰু মননশীল ব্যৱহাৰক উৎসাহিত কৰে। ভাৰতে জলবায়ু কাৰ্যকলাপৰ বাবে পাঁচটা মূল লক্ষ্য পঞ্চামৃত প্ৰৱৰ্তন কৰে।

বাকুত অনুষ্ঠিত হোৱা COP 29 (নৱেম্বৰ ২০২৪)ত ভাৰতে বিশ্ব অংশীদাৰিত্বৰ জৰিয়তে জলবায়ু অভিযোজন আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত নিজৰ অগ্ৰগতি প্ৰদৰ্শন কৰে। ছুইডেন, চিডিআৰআই (ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ), আইএছএ (ইণ্টাৰনেচনেল ছ’লাৰ এলায়েন্স) আৰু এনআৰডিচি (নেচাৰেল ৰিচ’ৰ্ছ ডিফেন্স কাউন্সিল)ৰ সহযোগত দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি, ঔদ্যোগিক ডিকাৰ্বনাইজেচন, সৌৰশক্তি আৰু মহিলাৰ নেতৃত্বত জলবায়ু কাৰ্য্যৰ ওপৰত কেন্দ্ৰীভূত অধিৱশনৰ আয়োজন কৰা হয়।

নবীকৰণযোগ্য শক্তি: প্ৰতিশ্ৰুতিৰ পৰা কৰ্মক্ষমতালৈকে

ভাৰতে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত নবীকৰণযোগ্য শক্তি খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বাৰ্ষিক ক্ষমতা সংযোজনৰ ক্ষেত্ৰত সৰ্বোচ্চ স্থান লাভ কৰিছে ভাৰতে। এই অগ্ৰগতিয়ে স্বচ্ছ, সেউজ ভৱিষ্যতৰ প্ৰতি দেশৰ দৃঢ় দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

ভাৰতৰ স্বচ্ছ শক্তিৰ অগ্ৰগতি

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে অভিলেখ সৃষ্টি কৰি ২৯.৫২ গিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা সংযোজন কৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৯৮.৭৫ গিগাৱাটৰ পৰা মুঠ স্থাপন ক্ষমতা ২২০.১০ গিগাৱাটলৈ লৈ যায়। ইয়াৰ দ্বাৰা ২০৩০ চনৰ ভিতৰত ৫০০ জিৱাট অজীৱাশ্ম ইন্ধনৰ লক্ষ্যৰ দিশত শক্তিশালী অগ্ৰগতি প্ৰতিফলিত হয়।

সৌৰশক্তি

ভাৰতৰ সৌৰশক্তিৰ স্থাপন ক্ষমতা ২৫.৪৬গুণ বৃদ্ধি পাইছে, ২০১৪ চনত ২.৮২ জিৱাটৰ পৰা ২০২৫ চনৰ এপ্ৰিল মাহত ৭১.৭৮ গিগাৱাটত উপনীত হৈছে। সৌৰশক্তিৰ শুল্ক ৬৫% হ্ৰাস পাই ২০১৪-১৫ চনত ৬.১৭ টকা প্ৰতি কিলোৱাট ঘণ্টাৰ পৰা ২০২৪-২৫ চনত ২.১৫ টকা প্ৰতি কিলোৱাট ঘণ্টালৈ হ্ৰাস পাইছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বনিম্ন।

বায়ু শক্তি

২০১৪ চনৰ মাৰ্চ মাহত বায়ু শক্তি ক্ষমতা ২১.০৪ গিগাৱাটৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহত ৫০.০৪ গিগাৱাটলৈ ২.৩৮ গুণ বৃদ্ধি পাইছে । ২০৩০ চনৰ ভিতৰত ১৪০ গিগাৱাট বায়ু শক্তি ক্ষমতা লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে।

পাৰমাণৱিক শক্তি

২০১৪ চনৰ পৰা পাৰমাণৱিক শক্তিৰ ক্ষমতা ৮৪% বৃদ্ধি পাইছে, ২০২৫ চনত ৪.৭৮ গিগাৱাটৰ পৰা ৮.৭৮ গিগাৱাটলৈ বৃদ্ধি পাইছে । ২০৪৭ চনৰ ভিতৰত চৰকাৰে ১০০ গিগাৱাট পাৰমাণৱিক শক্তি ক্ষমতাৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে।

বিশ্বব্যাপী স্বীকৃতি

নবীকৰণযোগ্য শক্তি দেশৰ আকৰ্ষণ সূচকাংকত ৭ম স্থানত আছে ভাৰত। ইয়াৰ দ্বাৰা স্বচ্ছ শক্তিৰ ক্ষেত্ৰত ইয়াৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী নেতৃত্বৰ প্ৰতিফলন ঘটিছে।

বহনক্ষম ভৱিষ্যতৰ বাবে মূল পদক্ষেপ

সৌৰশক্তি আৰু সেউজ হাইড্ৰজেনক কেন্দ্ৰ কৰি সাহসী স্বচ্ছ শক্তিৰ পদক্ষেপৰ জৰিয়তে ভাৰতে বহনক্ষম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে। এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা, শক্তিৰ সুবিধা বৃদ্ধি কৰা, আৰু গ্ৰাম্য আৰু অৰ্থনৈতিক সবলীকৰণক প্ৰসাৰ কৰা।

আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা

ভাৰত আৰু ফ্ৰান্সে ২০১৫ চনত COP 21 ত আৰম্ভ কৰা আইএছএ (ISA) হৈছে শক্তিৰ প্ৰৱেশ আৰু জলবায়ু কাৰ্য্যৰ বাবে সৌৰশক্তিৰ প্ৰচাৰ কৰা এক বিশ্বব্যাপী মঞ্চ। ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতত অৱস্থিত। য’ত সদস্য হিচাপে আছে ১০৫খন  দেশ আছে আৰু ২০৩০ চনৰ ভিতৰত সৌৰশক্তিত ১ ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ সংগঠিত কৰাৰ লক্ষ্য ৰাখিছে।

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান

২০২৩ চনৰ জানুৱাৰী মাহত আৰম্ভ হোৱা এই অভিযানৰ লক্ষ্য হৈছে ভাৰতক সেউজ হাইড্ৰজেন উৎপাদন আৰু ৰপ্তানিৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলা। ইয়াৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ৫ এম এম টি বাৰ্ষিক ক্ষমতা লাভ কৰা, য’ত ৮ লাখ কোটি টকাতকৈ অধিক বিনিয়োগ, ৬ লাখ চাকৰিৰ সৃষ্টি আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আদি কাম জড়িত হৈ আছে।