শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কমা নাই বানৰ প্ৰকোপ, এতিয়াও ২১ খন জিলাৰ প্ৰায় ১৫০০ গাঁও প্লাবিত বানত

কমা নাই বানৰ প্ৰকোপ, এতিয়াও ২১ খন জিলাৰ প্ৰায় ১৫০০ গাঁও প্লাবিত বানত

Raj Saikia
Raj Saikia | Published: 04 Jun 2025 21:04 PM

ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ৰাজ্যৰ প্ৰায় সেইখন নদীয়ে কালৰূপ ধাৰণ কৰি দুকোল টঁকা বানেৰে উপচাইছে ইয়াৰ অৱবাহিকা । বানত বুৰিছে গাঁও-নগৰ, খেতিপথাৰ । ৰাজ্যৰ ২১ খন জিলাৰ ৬৯ টা ৰাজহ চক্ৰৰ অধীনৰ ১৫০৬ খন গাঁও এতিয়া পানীৰ তলত ।

বাৰিষাৰ প্ৰথমটো বানে তাণ্ডৱৰ সৃষ্টি কৰিছে অসমত । ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ৰাজ্যৰ প্ৰায় সেইখন নদীয়ে কালৰূপ ধাৰণ কৰি দুকোল টঁকা বানেৰে উপচাইছে ইয়াৰ অৱবাহিকা । বানত বুৰিছে গাঁও-নগৰ, খেতিপথাৰ । ৰাজ্যৰ ২১ খন জিলাৰ ৬৯ টা ৰাজহ চক্ৰৰ অধীনৰ ১৫০৬ খন গাঁও এতিয়া পানীৰ তলত ।

চৰকাৰী তথ্য মতে, প্ৰায় ৬ লাখ ৩৩ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা । বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে ১২ গৰাকী লোকে । সমগ্ৰ ৰাজ্যৰ প্ৰায় ১৪,৭৩৯ হেক্টৰ কৃষিভূমি বুৰাইছে বাঢ়নী পানীয়ে । ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিৰত দিন কটাইছে ৩৯,৭৪৬ গৰাকী বন্যাৰ্তই । বহুতৰে ঘৰ-বাৰী উটি গৈছে বানত । যাওঁ বুলি উভতি যাবলৈ এতিয়া নাই আপোন ঘৰখনো ।

ইফালে প্ৰায় ৫ লক্ষাধিক পশুধন বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । দুটা মথাউৰি আৰু ৮০ টা ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে বানত । ফোনযোগে বান পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ায়ো লৈছে বানৰ খবৰ । কেন্দ্ৰই সৰ্বতোপ্ৰকাৰে সহায়ৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।