কমা নাই বানৰ প্ৰকোপ, এতিয়াও ২১ খন জিলাৰ প্ৰায় ১৫০০ গাঁও প্লাবিত বানত
ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ৰাজ্যৰ প্ৰায় সেইখন নদীয়ে কালৰূপ ধাৰণ কৰি দুকোল টঁকা বানেৰে উপচাইছে ইয়াৰ অৱবাহিকা । বানত বুৰিছে গাঁও-নগৰ, খেতিপথাৰ । ৰাজ্যৰ ২১ খন জিলাৰ ৬৯ টা ৰাজহ চক্ৰৰ অধীনৰ ১৫০৬ খন গাঁও এতিয়া পানীৰ তলত ।
বাৰিষাৰ প্ৰথমটো বানে তাণ্ডৱৰ সৃষ্টি কৰিছে অসমত । ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ৰাজ্যৰ প্ৰায় সেইখন নদীয়ে কালৰূপ ধাৰণ কৰি দুকোল টঁকা বানেৰে উপচাইছে ইয়াৰ অৱবাহিকা । বানত বুৰিছে গাঁও-নগৰ, খেতিপথাৰ । ৰাজ্যৰ ২১ খন জিলাৰ ৬৯ টা ৰাজহ চক্ৰৰ অধীনৰ ১৫০৬ খন গাঁও এতিয়া পানীৰ তলত ।
চৰকাৰী তথ্য মতে, প্ৰায় ৬ লাখ ৩৩ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা । বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে ১২ গৰাকী লোকে । সমগ্ৰ ৰাজ্যৰ প্ৰায় ১৪,৭৩৯ হেক্টৰ কৃষিভূমি বুৰাইছে বাঢ়নী পানীয়ে । ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিৰত দিন কটাইছে ৩৯,৭৪৬ গৰাকী বন্যাৰ্তই । বহুতৰে ঘৰ-বাৰী উটি গৈছে বানত । যাওঁ বুলি উভতি যাবলৈ এতিয়া নাই আপোন ঘৰখনো ।
ইফালে প্ৰায় ৫ লক্ষাধিক পশুধন বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । দুটা মথাউৰি আৰু ৮০ টা ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে বানত । ফোনযোগে বান পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ায়ো লৈছে বানৰ খবৰ । কেন্দ্ৰই সৰ্বতোপ্ৰকাৰে সহায়ৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।