Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি ৫ জুন। সমগ্ৰ বিশ্বতেই আজিৰ দিনটোত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World Environment Day)। আমাৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশকো প্ৰয়োজন সুৰক্ষাৰ। প্ৰতি বছৰে বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়।
- পুনৰ চৰ্চাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বাকযুদ্ধ। মুখ্যমন্ত্ৰীয়ে কয়, গৌৰৱ গগৈ আৰু মোৰ মাজত বহুত পাৰ্থক্য আছে। মোৰ ঘৰত এটাও বিদেশী নাই! ৰাজনীতিৰ পথাৰত মই সংঘৰ্ষ কৰি কৰি ইয়ালৈকে আহিছোঁ, মোৰ দেউতা মুখ্যমন্ত্ৰী নাছিল। মই সোণৰ চামুচ লৈ জন্ম হোৱা নাই।
- ৰাজ্যত ধাৰাবাহিক বৰষুণ, ফলত ওফন্দি উঠিছে নৈ-উপনৈসমূহ। বছৰৰ প্ৰথমটো বানত বুৰিছে কাজিৰঙা। বানৰ কবলত পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানো। ওখ ঠাইলৈ ওলাই গৈছে বন্যপ্ৰাণী।
- চিন্নস্বামী ষ্টেডিয়ামৰ সমীপত সংঘটিত পদপিষ্ট ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৩ জন আহত হয়। দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ কৰ্ণাটক মুখ্যমন্ত্ৰীৰ । মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে।
- মধ্যপ্ৰদেশৰ পৰা মেঘালয় ফুৰিব অহা এহাল দম্পতীৰ লগত সংঘটিত হয় এক শোকাবহ ঘটনা। বিয়াৰ মাত্ৰ কেইটামান দিন পাছতে দুয়ো মেঘালয়লৈ ফুৰিব আহিছিল, কিন্তু ২৩ মে’ত দুয়ো নিৰুদ্দেশ হৈ পৰে। কিন্তু দ’ খাৱৈৰ পৰা ৰাজা ৰঘুবংশী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ বিপৰীতে বৰ্তমান সময়তো নিৰুদ্দেশ হৈ আছে পত্নী সোণম ৰঘুবংশী।
- ২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন। তিনি মাহৰো অধিক সময় পাছত অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন। ২১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালীন অধিবেশন ২১ আগষ্টলৈ চলিব।
- ৰাজ্যত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ, অপৰাধীক দিয়া হৈছে ৰক্ষণাবেক্ষণ!ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী আৰু অসম প্ৰদেশ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰাজীৱ ভৱনত সম্বোধন কৰে এই সংবাদমেল ।
- ৪০০ কোটি টকা ব্যয়ৰে শ্বহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰী। এই বিশ্ববিদ্যালয় গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ হ’ব। ইয়াৰ বাবে যিসকল চাহ জনগোষ্ঠী লোকৰ মাটি-বাৰী লোৱা হ’ব তেওঁলোকৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদত স্থায়ী মাটি আৱন্টন কৰা হ’ব। এই সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকত।
- শ্বিলঙলৈ ফুৰিব গৈ মৃত্যুক সাৱতি ল’লে যুৱতীয়ে। জানিব পৰা মতে, ৫ বন্ধু-বান্ধৱীৰ সৈতে মঙলবাৰে নিশা গুৱাহাটীৰ পৰা শ্বিলঙলৈ গৈছিল যুৱতীগৰাকী। মেঘালয়ৰ ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় নম্ৰতা আৰু বন্ধু-বৰ্গই যোৱা বাহনখন । অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মাৰে নম্ৰতাহঁতে যোৱা বাহনখনত। যাৰ ফলত হুন্দাই আলকাজাৰ বাহনখনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে নম্ৰতাই মৃত্যুক সাৱতি লয়।