এজন মানুহ আৰু এখন অৰণ্য… এয়া সাধাৰণ অসমীয়াৰ পৰা ‘ভাৰতৰ অৰণ্য মানৱ’ হোৱা মুলাইৰ কাহিনী
২০১২ চনৰ ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰে। ২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। ২০২০ চনৰ ডিচেম্বৰত যাদৱ পায়েঙে মেক্সিকোৰ 'আজটেকা নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি তেওঁৰ সহযোগিতাত উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি ৰোৱাৰ সিদ্ধান্ত লয়।

প্ৰকৃতিক ভাল পাবলৈ শিকক, সকলো সমস্যা দূৰ হৈ যাব…এই জনপ্ৰিয় উক্তিৰ গৰাকী হয়তো সকলোৰে পৰিচিত। নিস্বাৰ্থ প্ৰকৃতি প্ৰেমী তেওঁ। তেওঁ কৈছিল, “অসমত গছ পুলি ৰুবলৈ নালাগে, অসমৰ বাতা বৰণত গছ নিজে হয়, খালি মানুহে কাটিবলৈ নালাগে”। গছ আমাৰ বাবে কিমান প্ৰয়োজনীয় সেয়া হয়তো কম-বেছি পৰিমাণে সকলোৱে জানে। প্ৰকৃতিক ভাল পাব সকলোৱে জানে। কিন্তু প্ৰকৃতি গঢ় দিয়া মানুহৰ হিচাপ হয়তো আঙুলিৰ মূৰত গণিব পাৰি। তাৰে মাজত এজন অসমীয়া যাদৱ পায়েং। যাক ‘ভাৰতৰ অৰণ্য মানৱ’ বুলি সমগ্ৰ বিশ্বই জানে। মুলাই তেওঁৰ উপনাম।
আজি ৫ জুন। সমগ্ৰ বিশ্বতেই আজিৰ দিনটোত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World Environment Day)। আমাৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশকো প্ৰয়োজন সুৰক্ষাৰ। প্ৰতি বছৰে বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত জানো আহক যাদৱ পায়েঙৰ বিষয়ে কিছু বিশেষ কথা।
এই কাহিনীৰ আৰম্ভণি হৈছিল ১৯৭৯ চনত। যেতিয়া ১৬ বছৰীয়া যাদৱ পায়েঙে বানপানীয়ে উটুৱাই অনা বহু সাপ মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰে আৰু অন্তৰত দুখ পায়। তাৰ পিছত ৯৮০ চনত গোলাঘাট জিলাৰ বন বিভাগে ককিলামুখৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰে। পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত মুলাইও ( যাদৱ পায়েং) আছিল এজন কৰ্মী। প্ৰকল্প শেষ হোৱাৰ পিছত আনবোৰ কৰ্মী গুছি গ’লেও মুলাইয়ে অধিক গছ ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতা কৰা কাম আৰম্ভ কৰে। ১৯৮০ চনত অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰিছিল যাদৱ পায়েঙে।তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে ‘মুলাই কাঠনি’ নামেৰে নামকৰণ কৰা হৈছে।
২০১২ চনৰ ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰে।সেই বৰ্ষতে উইলিয়াম ডগলাছ মেক্ মাষ্টাৰ নামৰ এজন কানাডিয়ান ফটোগ্ৰাফাৰে নিৰ্মাণ কৰিছিল এখন তথ্যচিত্ৰ ‘দ্য ফৰেষ্ট মেন‘ ৷ ২০১৩ চনত সেই তথ্যচিত্ৰখনে কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে ৷ ২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।২০২০ চনত যাদৱ পায়েঙক ১২৮ সংখ্যক “কমনৱেলথ পইণ্টছ্ অৱ লাইট এৱাৰ্ড” বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামূলক অৱদানৰ বাবে ৰাণী এলিজাবেথে তেওঁক এই স্বীকৃতি প্ৰদান কৰে।২০২০ চনৰ ডিচেম্বৰত যাদৱ পায়েঙে মেক্সিকোৰ ‘আজটেকা নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি তেওঁৰ সহযোগিতাত উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি ৰোৱাৰ সিদ্ধান্ত লয়। ২০২১ চনত যাদৱ পায়েঙক মেক্সিকো চৰকাৰে দহবছৰৰ বাবে ভিছা প্ৰদান কৰে।
তেওঁ কৈছিল, “গছৰ অবিহনে পৃথিৱীক বচাবলৈ, বা প্ৰাণীজগতক বচাবলৈ আৰু কোনো উপায় নায়৷ সেয়েহে ‘Environmental Science’ বা পৰিৱেশ বিজ্ঞান বিষয়টো সমগ্ৰ পৃথিৱীতে প্ৰাথমিক শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব লাগে৷ সেই আদিমযুগত গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, তেতিয়াৰ পৰা প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰা হৈছে৷ দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত গোলকীয় উষ্ণতাটো তীব্ৰ ৰূপ বৃদ্ধি পাই আহিছে৷ সেয়েহে মই আশা ৰাখিছোঁ বিশ্ববাসীয়ে পৰিবেশ বিজ্ঞান প্ৰাথমিক শ্ৰেণীত অন্তৰ্ভুক্ত কৰিলে সংস্কাৰ, সংৰক্ষণৰ দায়বদ্ধতা বাঢ়িব৷”
লগতে পঢ়ক: জানক বিশ্ব মঞ্চত কিদৰে জলবায়ু চেম্পিয়ন হৈ পৰিছে ভাৰত, এইদৰে অৰ্জন কৰিছে বহু অভিলেখ…