4 June 2025
TV9 ASSAM
Photos Credit: Getty Images
ভালদৰে দৈনন্দিন কামবোৰ সম্পাদন কৰিবলৈ নিজকে সতেজ কৰি ৰখাটো অতি প্ৰয়োজন । ইয়াৰ বাবে এখন ৰুটিন প্ৰস্তুত কৰক ।
গ্ৰীষ্মকালত সতেজ, সুস্থ আৰু মানসিক চাপমুক্ত হৈ থাকিবলৈ ৰাতিপুৱা এই ৫ টা অভ্যাস কৰক ।
ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠিবলৈ চেষ্টা কৰক । সূৰ্য্য উদয়ৰ লগে লগে বিচনা ত্যাগ কৰাৰ অভ্যাস গঢ়ক ।
শৰীৰটো হাইড্ৰেট কৰাৰ ওপৰত গুৰুত্ব দিয়ক । শৰীৰত পানী অভাৱ হ’বলৈ নিদিব । পৰ্যাপ্ত পানী খাওক ।
ৰাতিপুৱা ষ্ট্ৰেচিং, যোগাসন বা দ্ৰুত খোজ কঢ়াৰ অভ্যাস কৰক । ই আপোনাৰ শৰীৰটোক সামগ্ৰিকভাৱে সুস্থ ৰখাৰ লগতে কৰ্মশক্তি বৃদ্ধি কৰিব ।
ৰাতিপুৱা অলপ সময় নিজক দিয়ক । মানসিক চাপৰ পৰা উপশম পাবলৈ ধ্যানৰ লগতে উশাহ-নিশাহৰ সৈতে জড়িত প্ৰাণায়ম কৰাৰ অভ্যাস কৰক ।
খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক । খাদ্যৰ তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক । সতেজ ফলমূলৰ লগতে প্ৰটিন সমৃদ্ধ বিকল্প বাছি লওক।
পঢ়িবলৈ ক্লিক কৰক