শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
হাছিনাক উৎখাত কৰাৰ আঁৰত পাকিস্তান! সন্ত্ৰাসবাদীৰ ডাঙৰ ঘোষণা...

হাছিনাক উৎখাত কৰাৰ আঁৰত পাকিস্তান! সন্ত্ৰাসবাদীৰ ডাঙৰ ঘোষণা…

barasha-sarma
Barasha Sarma | Published: 04 Jun 2025 11:46 AM

বাংলাদেশত শ্বেখ হাছিনাক উৎখাত কৰাৰ আন্দোলনত তেওঁলোকৰ হাত থকা বুলি স্বীকাৰ কৰিছে হাফিজ ছাইদৰ নেতৃত্বত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাত-উদ-দাৱাই।

পাকিস্তানৰ প্ৰতি মোহ বাঢ়িছে বাংলাদেশৰ । পাকিস্তানে বাংলাদেশৰ কিমান ক্ষতিসাধন কৰিছে তাৰ কোনো হিচাপ নাই। এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন এটাই  বিগত বছৰ বাংলাদেশৰ লগত কি কৰিছিল সেই কথা স্বীকাৰ কৰিছে। বাংলাদেশত শ্বেখ হাছিনাক উৎখাত কৰাৰ আন্দোলনত তেওঁলোকৰ হাত থকা বুলি স্বীকাৰ কৰিছে হাফিজ ছাইদৰ নেতৃত্বত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাত-উদ-দাৱাই।

সন্ত্ৰাসবাদী সংগঠনটোৰ নেতা তথা ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত সন্ত্ৰাসবাদী ছাইফুল্লাহ কছুৰী আৰু মুজাম্মিল হাছমীয়ে এই ক্ষেত্ৰত ডাঙৰ মত প্ৰদান কৰে। কছুৰীয়ে ৰাজহুৱা সভাত ভাষণ দি  কয়, “১৯৭১ চনত পাকিস্তান দ্বিখণ্ডিত হোৱাৰ সময়ত মোৰ বয়স চাৰি বছৰ আছিল। তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কৈছিল যে তেওঁ দুয়োখন দেশৰ মতক উপসাগৰত (বংগ উপসাগৰ) ডুবাই পেলাইছে। ১৯৭১ চনৰ প্ৰতিশোধ আমি ১০ মে’ত লৈছিলো ।”