শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নতুন ১০ টকীয়া নোট জাৰি, পিছে ভুল হৈ থাকিল বানান...

নতুন ১০ টকীয়া নোট জাৰি, পিছে ভুল হৈ থাকিল বানান…

Barasha Sarma
Barasha Sarma | Published: 04 Jun 2025 19:58 PM

বাংলাদেশে জাৰি কৰিছে নতুন নোট। বাংলাদেশৰ ১০ টকীয়া নোটত দেখা গৈছে বানান ভুুল। যাৰ বাবে বহু জনতাই ইয়াৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰিছে।

বিগত এটা বছৰ ধৰি বাংলাদেশত চৰম অৰাজকতাই বিৰাজ কৰিছে। শ্বেখ হাছিনা চৰকাৰৰ পতন হোৱাৰ পাছত দেশখনত ইটোৰ পাছত সিটো পৰিবৰ্তন হৈছে। দেশখনৰ বহু স্থান ধ্বংস হৈ পৰিছে। আনকি বংগ বন্ধু মুজিবৰ ৰহমানৰ প্ৰতিমূৰ্তিও ভাঙি পেলোৱা হৈছে। দিনক দিনে দেশখনৰ ৰাজপথত ইছলামিক মৌলবাদীৰ হিংসা বৃদ্ধি পাই আহিছে। অন্তৱৰ্তীকালীন চৰকাৰখনে মুজিবৰ ৰহমানৰ সকলো স্মৃতি মচি পেলোৱাৰ চেষ্টা কৰিছে।

ইয়াৰ মাজতে বাংলাদেশে জাৰি কৰিছে নতুন নোট। এই নোটত ফটো নাই মুজিবৰ ৰহমানৰ। ইয়াৰোপৰি বিভিন্ন বিষয়ৰ বাবে এতিয়া এই নতুন নোট চৰ্চাৰ কেন্দ্ৰবিন্দ হৈ পৰিছে। আনকি বাংলাদেশৰ ১০ টকীয়া নোটত দেখা গৈছে বানান ভুুল। যাৰ বাবে বহু জনতাই ইয়াৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰিছে।