বেংগালুৰুত কেনেদৰে আৰু কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে ১১ জন লোকে? ৫টা প্ৰধান কাৰণ জানক
Bangalore Stadium Stampede: আৰ চি বিৰ বিজয় উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত বিপুল জনসমাগমৰ ফলত ১১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক আহত হয়। চৰকাৰে ক্ষতিপূৰণ ঘোষণা কৰি তদন্তৰ নিৰ্দেশ দিছে যদিও ঘটনাৰ পিছত ৰাজ্য চৰকাৰৰ ওপৰত ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন হৈছে ।

বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আৰচিবিৰ বিজয় উদযাপনৰ সময়ত হোৱা পদপিষ্টৰ ঘটনাৰ ১১জন লোকৰ মৃত্যু হৈছে। আহত হৈছে বহু লোক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, প্ৰধানমন্ত্ৰী মোদী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াকে ধৰি দেশৰ বহু নেতাই এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই। এই সন্দৰ্ভত দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ইফালে এই দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ পিছতে বিজেপিয়ে বহু অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ অভিযোগ আৰু চৰকাৰৰ এই কাৰ্যৰ মাজতে জানো আহক এই ভয়ংকৰ ঘটনাৰ বাবে দায়ী ৫টা ডাঙৰ কাৰণ কি কি…
চিন্নস্বামী ষ্টেডিয়ামত আই পি এলৰ ফাইনেলত আৰ চি বিৰ জয়ৰ উদযাপন কৰা হয়। এই ইভেণ্টৰ বাবে বেংগালুৰুলৈ আহিছিল আৰ চি বিৰ খেলুৱৈসকল। আৰচিবিৰ খেলুৱৈৰ আভাস পাবলৈ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত হাজাৰ হাজাৰ লোক সমবেত হয়। বিয়লি ৩:০০ বজাত বেংগালুৰুত উপস্থিত হয় খেলুৱৈসকল। সন্ধিয়া ৪:৩০ বজাত খেলুৱৈসকলৰ বাবে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই কথা চাবলৈ বিধান সৌধাৰ সন্মুখত সমবেত হয় হাজাৰ হাজাৰ আৰচিবিৰ অনুৰাগী।
সন্ধিয়া প্ৰায় ৪:৩৫ বজাত মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে খেলুৱৈসকলক সম্বৰ্ধনা জনায়। বৰষুণৰ বাবে কাৰ্যসূচীটো কিছু স্থগিত ৰাখিবলগা হৈছিল। ইফালে চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত সমবেত হয় হাজাৰ হাজাৰ আৰ চি বি অনুৰাগী। অনুৰাগীয়ে ৫ আৰু ৬ নং গেটেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ দাবী জনাইছিল।পিছত ৬ নম্বৰ গেটত উঠি ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল অনুৰাগীসকলে।এই সময়তে এজন যুৱক পৰি যায় আৰু তেওঁৰ ভৰি ভাঙি যায়।
তাৰ পিছত ১৮ নম্বৰ গেটৰ সমীপত সংঘটিত এক ভয়াৱহ ঘটনা। ইয়াৰ ফলত বহু লোক গুৰুতৰভাৱে আহত হয়। অনুৰাগীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠি-চাৰ্জ কৰে। ইফালে ১২ নং গেটত বৃদ্ধি পায় অনুৰাগীৰ সংখ্যা।তাৰ পিছত ষ্টেডিয়ামৰ কৰ্মচাৰীয়ে গেট খুলি অনুৰাগীক প্ৰৱেশ কৰিবলৈ দিয়া হয়। হঠাতে অনুৰাগীয়ে বেৰিকেড ঠেলি ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ ধৰিলে, যাৰ ফলত ঠেলা-হেঁচা আৰম্ভ হয়। এই হুলস্থুলত অজ্ঞান হৈ পৰে এগৰাকী মহিলা। আৰক্ষীয়ে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায়।
এই পদপিষ্টৰ ঘটনাৰ ফলত ৫০ জনতকৈ অধিক লোকৰ অৱস্থা অৱনতি ঘটে আৰু তেওঁলোকক বেংগালুৰুৰ ভিট্টাল মাল্যা ৰোডৰ বৈদেহী হাস্পতাল, শিৱজিনগৰৰ বৰিং আৰু লেডী কাৰ্জন হাস্পতালত ভৰ্তি কৰোৱা হয়। শিৱজিনগৰৰ ব’ৰিং হাস্পতালত ভৰ্তি কৰোৱা ৬ জন আৰু বৈদেহী ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা ৪ জন লোকৰ মৃত্যু হয়। এই পৰ্যন্ত ১১ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।ইফালে AIMIMৰ মুৰব্বী ওৱাইচিয়ে কয় যে এই ঘটনাত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে।
এনে পৰিস্থিতিত ৫টা ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে । প্ৰথম – বিপুল ভিৰ আৰু পূৰ্বাভাসৰ অভাৱ। দ্বিতীয়তে – ভিৰ ব্যৱস্থাপনাত ব্যৰ্থতা। তৃতীয়তে – সময়ৰ পৰিৱৰ্তন। চতুৰ্থ – প্ৰশ্নবোধক নেতৃত্ব। পঞ্চম – আয়োজকৰ ভূমিকা।
- খোদ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয় যে ষ্টেডিয়ামৰ বাহিৰত ৩ লাখৰো অধিক লোক সমবেত হৈছিল। আনহাতে ষ্টেডিয়ামৰ ক্ষমতা মাত্ৰ ৩৫ হাজাৰ। ইয়াৰ অৰ্থ এইটো নেকি যে চৰকাৰ অজ্ঞাত আছিল ইমান বৃহৎ জনসমাগমৰ সম্ভাৱনাৰ বিষয়ে?
- ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰে। ইয়াৰ ফলত বিশৃংখলতাৰ সৃষ্টি হৈছিল। ভিৰৰ বাবে জৰুৰীকালীন সেৱাই সেই স্থানত উপস্থিত হোৱাত সমস্যা হৈছিল।
- নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হয় বিজয় শোভাযাত্ৰা। তথাপিও ষ্টেডিয়ামৰ বাহিৰত বৃহৎ সংখ্যক আৰচিবিৰ অনুৰাগী গোট খাইছিল। যাৰ ফলত সেই স্থানত ভিৰ বাঢ়ি যায়।
- বিৰোধীৰ মতে, ৰাজ্যৰ কংগ্ৰেছ চৰকাৰে খৰখেদাকৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল। কেৱল এয়াই নহয়, খৰখেদাকৈ চৰকাৰে পৰ্যাপ্ত আৰু সঠিক প্ৰস্তুতি নকৰিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে কয় যে চৰকাৰে এই শোকাৱহ ঘটনাৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগে।
- কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ (KSCA) উদ্যোগত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। চৰকাৰে অনুমতি প্ৰদান কৰি আৰক্ষী মোতায়েন কৰিছিল। ইয়াৰ ফলত অনুষ্ঠানটোৰ দায়িত্ব সম্পৰ্কে বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।
দুৰ্ঘটনাৰ পিছত চৰকাৰে কি ক’লে আৰু কি কৰিলে?
মুখ্যমন্ত্ৰীয়ে প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। লগতে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে। সিদ্ধাৰমাইয়াই কয়, “মই ৰাজনীতি কৰিব নিবিচাৰো, বিজেপিয়ে ৰাজনীতি কৰিব। বহু হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। পদপিষ্টৰ ঘটনাক সমৰ্থন কৰা নাই। কুম্ভ মেলাৰ সময়তো পদপিষ্টৰ ঘটনা হৈছিল। বেংগালুৰুত জনতাৰ ভিৰে ষ্টেডিয়ামৰ সৰু সৰু গেট ভাঙি পেলাইছিল। এই উদযাপন কাৰ্যসূচী ৰাজ্য চৰকাৰে নহয়, কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই আয়োজন কৰিছিল। আমি কেৱল অনুমতি দিলোঁ। ষ্টেডিয়ামত চৰকাৰে অনুষ্ঠানৰ আয়োজন নকৰে।”