চিন্নস্বামী ষ্টেডিয়ামৰ পদপিষ্ট ঘটনাত ১১ জনৰ মৃত্যু, মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা ক্ষতিপূৰণ
চিন্নস্বামী ষ্টেডিয়ামৰ সমীপত সংঘটিত পদপিষ্ট ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৩ জন আহত হয়। দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ কৰ্ণাটক মুখ্যমন্ত্ৰীৰ । মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে।

কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত আৰচিবিৰ বিজয় ৰেলীৰ সময়ত সংঘটিত হোৱা পদপিষ্ট ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কয়, “বিজয় উদযাপনৰ সময়ত এক শোকাৱহ ঘটনা সংঘটিত হয়। চিন্নস্বামী ষ্টেডিয়ামৰ সমীপতে সংঘটিত হয় এই ঘটনা। চৰকাৰে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে চৰকাৰে আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব।” এই ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৩ জন আহত হয়। দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ কৰ্ণাটক মুখ্যমন্ত্ৰীৰ ।
মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কয়, “এই ঘটনা সংঘটিত হ’ব নালাগিছিল। এই ঘটনাক লৈ চৰকাৰে গভীৰ শোক প্ৰকাশ কৰিছে।” কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (আৰ চি বি)ৰ বিজয় উদযাপনৰ সময়ত বেংগালুৰুত হোৱা পদপিষ্ট ঘটনাৰ পিছত সংবাদমেল সম্বোধন কৰি এই কথা কয়। সংবাদমেলত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু গৃহমন্ত্ৰী জি পৰমেশ্বৰো উপস্থিত থাকে।
Bengaluru: On the stampede incident, Karnataka CM Siddaramaiah says, “A major tragedy occurred during the victory celebrations. It happened near the Chinnaswamy Stadium. The government has announced a compensation of Rs 10 lakh for the deceased. The government will provide free… pic.twitter.com/9M5Hrjppmh
— ANI (@ANI) June 4, 2025
মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কয়, “আমি এই ঘটনাৰ পক্ষ ল’ব নিবিচাৰো। আমাৰ চৰকাৰে এই বিষয়ত ৰাজনীতি নকৰে। মই দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দি ১৫ দিনৰ সময় দিছো। মানুহে ষ্টেডিয়ামৰ গেটো ভাঙিলে।” তেওঁ কয় যে, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। ইমান বিশাল জনসমাগম কোনেও আশা কৰা নাছিল। ষ্টেডিয়ামত মাত্ৰ ৩৫ হাজাৰ আসনৰ ক্ষমতা আছে যদিও ২-৩ লাখ লোক আহিছিল ।”
মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কয় যে, “বেংগালুৰু চহৰত উপলব্ধ সমগ্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল। অৱশ্যে এই কাণ্ড হ’ব নালাগিছিল। আমি ভুক্তভোগীৰ সৈতে আছো।”
সিদ্দাৰামাইয়াই সামাদিক মাধ্যমত লিখিছে যে, বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামত আৰ চি বি দলৰ বিজয় উদযাপনৰ সময়ত এই পদপিষ্ট ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাই, বহু লোক গুৰুতৰভাৱে আহত হোৱাৰ কথা শুনি আমি গভীৰভাৱে দুখ প্ৰকাশ কৰিছো । মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু আহত আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সকলৰ আশু আৰোগ্য কামনা কৰিছোঁ বুলি কয় কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।