শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বেংক একাউণ্ট ধন নাথাকিলেও ATMৰে উলিয়াব পাৰিব হাজাৰ হাজাৰ টকা! এয়া কেনেকৈ সম্ভৱ?

বেংক একাউণ্ট ধন নাথাকিলেও ATMৰে উলিয়াব পাৰিব হাজাৰ হাজাৰ টকা! এয়া কেনেকৈ সম্ভৱ?

trishna-kalita
Trishna Kalita | Published: 04 Jun 2025 20:44 PM

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এজন ব্যক্তিৰ একাউণ্টত এটকাও নাথাকিলে কি হ’ব? এই ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম মানি ডেবিট কাৰ্ড ব্যৱহাৰ কৰি যিকোনো ব্যক্তিয়ে ধন উলিয়াব পাৰে। HDFC বেংকৰ দৰে কিছুমান বেংকে এটিএমৰ জৰিয়তে গ্ৰাহকক ব্যক্তিগত ঋণৰ সুবিধা প্ৰদান কৰে।

বৰ্তমান সময়ত বেংক একাউণ্ট থকা প্ৰায়ভাগ লোকে ডেবিট কাৰ্ড ব্যৱহাৰ কৰে। কাৰণ, ডেবিট কাৰ্ড অবিহনে UPIৰ সুবিধা পোৱা নাযায়। প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰু UPIৰ প্ৰসাৰৰ বাবে এতিয়া সকলোৰে হাতে হাতে তুলি দিয়া হৈছে ডেবিট কাৰ্ড। যাৰ বাবেই নগদ ধনৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা কমি আহিছে। বিশ্বজুৰি অনলাইন লেনদেনৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে মানুহ। সৰু চাহৰ দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ শ্বপিং মললৈকে সকলোতে এতিয়া UPI পেমেণ্টৰ সুবিধা উপলব্ধ।

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এজন ব্যক্তিৰ একাউণ্টত এটকাও নাথাকিলে কি হ’ব? এই ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম মানি ডেবিট কাৰ্ড ব্যৱহাৰ কৰি যিকোনো ব্যক্তিয়ে ধন উলিয়াব পাৰে। HDFC বেংকৰ দৰে কিছুমান বেংকে এটিএমৰ জৰিয়তে গ্ৰাহকক ব্যক্তিগত ঋণৰ সুবিধা প্ৰদান কৰে। এই সুবিধাৰ দ্বাৰা একাউণ্টত বেলেঞ্চ নাথাকিলেও কেইমুহূৰ্তৰ ভিতৰতে বেংকৰ পৰা ধন উলিয়াব পৰা যায়।