শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত বানৰ তাণ্ডৱঃ ২১খন জিলাৰ ৬.৭৯ লাখ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ১৪জনলৈ বৃদ্ধি…

Assam Flood: পুনৰ বানে অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰ্তমান সময়ত বানে প্ৰভাৱিত কৰিছে ২১ খনকৈ জিলাৰ ৬.৭৭ লাখ লোকক। আনহাতে ক্ষতিগ্ৰস্ত হৈছে জীৱ-জন্তু আদিও।

অসমত বানৰ তাণ্ডৱঃ ২১খন জিলাৰ ৬.৭৯ লাখ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ১৪জনলৈ বৃদ্ধি…
বান (প্ৰতীকী ফটো)Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Jun 2025 11:15 AM

নেৰানেপেৰা বৰষুণৰ ফলত অসমত বানৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে। ৪ জুনত দুৰ্যোগৰ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা (DRIMS Assam) ই জাৰি কৰা তথ্য অনুসৰি অসমৰ ২১ খন জিলা বানত প্লাবিত হৈ আছে।  এই জিলা কেইখন- হাইলাকান্দি, ডিব্ৰুগড়, মৰিগাঁও, হোজাই, কামৰূপ, নগাঁও, গোলাঘাট, বিশ্বনাথ, কাছাৰ, শ্ৰীভূমি, শোণিতপুৰ, লখিমপুৰ, দৰং, বৰপেটা, গোৱালপাৰা, দক্ষিণ শালমাৰা, কাৰ্বি আংলং (পশ্চিম), ডিমা হাচাও, শিৱসাগৰ, কামৰূপ (ম), ধেমাজি।

তথ্য অনুসৰি বৰ্তমান সময়ত বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৬,৭৯,৪৩২ গৰাকী লোক। ইয়াৰে ২,৩৩,৮৫৬ গৰাকী মহিলা আৰু ১,৬৬,৪৩২ টি শিশু। ইয়াৰোপৰি বৰ্তমান সময়লৈকে চলিত বৰ্ষৰ বানত মৃত্যু হৈছে ১৪ জন লোকৰ। বানে প্লাবিত কৰি ৰাখিছে ৬৬ টা ৰাজহ চক্ৰ আৰু ১৪৯৪ খন গাঁও, লগতে ক্ষতিগ্ৰস্ত হৈছে ১৪৯৭৭.৯৯ হেক্টৰ ভূমি।

ইয়াৰোপৰি এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে কেইবাখনো নদী। তথ্য অনুসৰি, বৰ্তমান বিপদ সীমাৰ ওপৰেৰে বৈ থকা নদীসমূহ হৈছে- ব্ৰহ্মপুত্ৰ (নিমতিঘাট), ব্ৰহ্মপুত্ৰ (তেজপুৰ), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং), কপিলী (কামৰূপ), কপিলী (ধৰমতুল), বৰাক (ফুলেৰতল),সোনাই (আমৰাঘাট), ৰুকনি (ঢলাই), বৰাক (এপি ঘাট), বৰাক (বিপি ঘাট), ধলেশ্বৰী (গড়মূৰা), কুচিয়াৰা (শ্ৰীভূমি)আৰু কাটাখাল নদী (মাতিজুৰি)।

বানৰ ফলত প্ৰভাৱিত হৈ মানুহৰ কৃষিভূমি, ঘৰ-দুৱাৰ, পশুধন আদি সকলো। যাৰ বাবে বন্যাৰ্তসকলে বান শিবিৰত আশ্ৰয় লৈছে। বৰ্তমান বান শিবিৰত থকা বন্যাৰ্তৰ সংখ্যা প্ৰায় ৪১,৩১৭ গৰাকী। ইয়াৰোপৰি প্ৰায় ৪০৫ টা সাহাৰ্য শিবিৰ মুকলি কৰা হৈছে।  এই সাহাৰ্য শিবিৰসমূহে বন্যাৰ্তক সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰাৰ চেষ্টা কৰিছে।

বানে প্ৰভাৱিত কৰিছে জীৱ-জন্তু , পশুধন আদিও। চলিত বানত প্ৰায় ২,৩৯,৬৫০ টা জীৱ-জন্তু ক্ষতিগ্ৰস্ত আছে। ইয়াৰ ভিতৰত ঘৰচীয়া জীৱ-জন্তুও আছে। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি কেইবাখনো বনাঞ্চল প্লাবিত হৈ পৰিছে। যাৰ বাবে কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই।  বানৰ ফলত বৰ্তমান প্ৰায় ৪০ টা ৰাস্তা-পথ ক্ষতিগ্ৰস্ত হৈছে।

বানে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্য নেতা-মন্ত্ৰীসকলে প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে। মুখ্যমন্ত্ৰীয়ে বন্যাৰ্তসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফোনযোগে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লৈছে। লগতে বন্যাৰ্তসকলক সকলো সহায়ৰ আশ্বাস দিছে।

উল্লেখ্য যে, প্ৰতিবছৰে বানে অসমত তাণ্ডৱৰ সৃষ্টি কৰে। এইবাৰো বানৰ দ্বাৰা প্ৰভাৱিত হৈছে লাখ-লাখ লোক। গৃহহীন হৈ পৰিছে বহুতো। এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে চেষ্টা চলাই আছে যদিও পৰৱৰ্তী সময়ত দেখা যাব এই বানে কি ৰূপ লয়।

 

 

অন্য খবৰ পঢ়কঃ অসমত বানৰ প্ৰভাৱঃ ২১ খন জিলাৰ ৬.৩৩ লাখ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি…