শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Operation Sindoor Live: পহলগাম কাণ্ডৰ প্ৰতিশোধ, পাকিস্তানৰ ৯ টা স্থানত এয়াৰ ষ্ট্ৰাইক ভাৰতৰ, অভিযানৰ নাম অপাৰেশ্যন সেন্দূৰ

Operation sindoor live: আৰম্ভ হৈছে অপাৰেশ্যন সেন্দূৰ (Operation Sindoor) । ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ৯টা স্থানত আক্ৰমণ চলাইছে। ভাৰতৰ আক্ৰমণৰ পিছত লাহোৰ আৰু ছিয়ালকোট বিমানবন্দৰ আগন্তুক ৪৮ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিছে।

barasha-sarma
Barasha Sarma | Updated On: 07 May 2025 19:08 PM
Operation Sindoor Live:  পহলগাম কাণ্ডৰ প্ৰতিশোধ, পাকিস্তানৰ ৯ টা স্থানত এয়াৰ ষ্ট্ৰাইক ভাৰতৰ, অভিযানৰ নাম অপাৰেশ্যন সেন্দূৰ
অপাৰেশ্যন সেন্দূৰ

LIVE NEWS & UPDATES

  • 07 May 2025 07:08 PM (IST)

    সীমান্তৰ গাঁওসমূহ খালী কৰা হৈছে

    ভাৰতৰ আক্ৰমণৰ পিছত পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰিছে । গোলাবৰ্ষণৰ মাজতে পাকিস্তানৰ শিয়ালকোটৰ সংলগ্ন সীমান্তত ভাৰতৰ ভূখণ্ডত পাকিস্তানে গুলীচালনা কৰাৰ পিছতো দৃঢ়তাৰে থিয় দিছে ভাৰতীয় সেনা । নিৰাপত্তাজনিত কাৰণত সীমান্ত অঞ্চলৰ গাঁওসমূহ খালী কৰা হৈছে । বাছৰ ব্যৱস্থা কৰিছে চৰকাৰে ।

  • 07 May 2025 06:50 PM (IST)

    সন্ত্ৰাসবাদীৰ বাবে কোনো ৰেহাই নাই: ঋষি সুনাক

    সন্ত্ৰাসবাদক লৈ ভাৰতৰ অপাৰেশ্যন সেন্দূৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাকে। তেওঁ কয়, “সন্ত্ৰাসবাদী আক্ৰমণ মানি ল’ব নালাগে। ভাৰতে সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ কৰাটো উচিত। সন্ত্ৰাসবাদীক কোনো ধৰণেৰে ৰেহাই দিব নোৱাৰি।”

  • 07 May 2025 06:21 PM (IST)

    প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে BSF ৰ DG য়ে

    সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা অপাৰেচন সিন্দূৰৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিছে BSF ৰ DG য়ে। প্ৰায় ১ ঘণ্টা ধৰি পিএমঅ’ত দুয়োৰে মাজত বৈঠক অনুষ্ঠিত হয়। ইয়াৰ মাজতে ডি জি গৰাকীয়ে সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰে।

  • 07 May 2025 05:55 PM (IST)

    বিলোৱাল ভুট্টোৰ হতাশা

    পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলোৱাল ভুট্টোৰ হতাশা পুনৰ এবাৰ দেখা গৈছে । ৯ টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰাৰ পিছত, প্ৰায় ১০০ টা সন্ত্ৰাসবাদীক হত্যা কৰাৰ পিছত বিলোৱালে কয়, “আমি আমাৰ বায়ুসেনাক প্ৰণাম জনাইছো কাৰণ আমাৰ সেনাই ভাৰতৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইছে । এতিয়া আপোনালোকে আক্ৰমণ কৰিছে, পাকিস্তানে প্ৰত্যুত্তৰ দিব ।”

  • 07 May 2025 05:54 PM (IST)

    ভাৰতে কেৱল আক্ৰমণ কৰা নাছিল: শ্বাহবাজ শ্বৰীফ

    ভাৰতৰ অপাৰেচন সেন্দূৰে কঁপাইছে পাকিস্তান । ইফালে সংসদত ভাষণ দিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে । তেওঁ কয়, “ভাৰতে আমাক আক্ৰমণ কৰাই নহয়, আমাক ঠাট্টাও কৰিছিল । ভাৰতৰ ৮০খন জাহাজে আক্ৰমণ চলায়। এই আক্ৰমণৰ ধৰণটো স্মৰণীয় হৈ থাকিব । পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত কথা পাতিলোঁ । মই বিশ্ববাসীক কৈছিলো যে পহলগাম আক্ৰমণৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই, কিন্তু ভাৰতে আমাৰ বক্তব্য মানি লোৱা নাছিল ।”

  • 07 May 2025 04:56 PM (IST)

    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বক্তব্য

    সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “আপোনালোকে জানে যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আমাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আমাক সকলোকে গৌৰৱান্বিত কৰিছে ।” তেওঁ কয় যে পাকিস্তানত সন্ত্ৰাসবাদীক ভগৱান হনুমানৰ মন্ত্ৰৰে ধ্বংস কৰা হৈছে ।

  • 07 May 2025 04:48 PM (IST)

    বিদেশী ৰাষ্ট্ৰদূতক তথ্য প্ৰদান ভাৰতৰ

    অপাৰেশ্যন সেন্দূৰৰ সন্দৰ্ভত ভাৰত চৰকাৰে বিদেশী ৰাষ্ট্ৰদূতসকলক পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদী শিবিৰত ভাৰতৰ আক্ৰমণৰ বিষয়ে অৱগত কৰি আছে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ জড়িততাৰ প্ৰমাণ বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে শ্বেয়াৰ কৰা হ’ব ।

  • 07 May 2025 04:47 PM (IST)

    অপাৰেশ্যন সেন্দূৰ এতিয়াও শেষ হোৱা নাই

    সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আক্ৰমণ এতিয়াও বন্ধ হোৱা নাই । অপাৰেশ্যন সেন্দূৰ এতিয়াও শেষ হোৱা নাই । ভাৰতীয় সেনাই কয় যে ভাৰতৰ অপাৰেশ্যন সেন্দূৰ এতিয়াও চলি আছে ।

  • 07 May 2025 04:00 PM (IST)

    সাহসী সৈনিক সকলক প্ৰণাম

    কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বুধবাৰে জৰুৰী বৈঠক আহ্বান কৰে । ইয়াৰ মাজতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য নেতাই সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে । এই সময়ত সেনাবাহিনীৰ অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত খাৰ্গেই কয় যে আমি চৰকাৰৰ এই পদক্ষেপৰ সৈতে আছোঁ । আমি বীৰ জোৱানসকলক প্ৰণাম জনাইছোঁ ।

  • 07 May 2025 03:59 PM (IST)

    প্ৰধানমন্ত্ৰী মোদীয়ে যি ক’লে তাকেই কৰিলে

    অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কয়, “মই ভাৰতীয় সেনা, ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনাক ধন্যবাদ জনাইছো। প্ৰধানমন্ত্ৰী মোদীয়ে যি কৈছিল সেয়াই কৰিছে । তেওঁ কৈছিল যে কাকো ৰেহাই দিয়া নহ’ব।”

  • 07 May 2025 03:45 PM (IST)

    ভাৰতে যুদ্ধ নিবিচাৰেে কিন্তু কিবা কৰিলে পাকিস্তানে উত্তৰ পাবঃ অজিত ডোভাল

    অপাৰেশ্যন সেন্দূৰে জোকাৰি গৈছে পাকিস্তান। ইয়াৰ মাজতে ভাৰতৰ এন এছ এ অজিত ডোভালে চীনৰ বৈদেশিক মন্ত্ৰী/এন এছ ই ৱাং য়ীৰ সৈতে কথা পাতিছে। ডোভালে স্পষ্ট কৰি কয় যে, ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধ নিবিচাৰে কিন্তু পাকিস্তানে যদি কিবা কৰিবলৈ সাহস কৰে তেন্তে উপযুক্ত উত্তৰ পাব।

  • 07 May 2025 03:32 PM (IST)

    কাৰ-কাৰ সৈতে কথা পাতিলে অজিত ডোভালে…

    অজিত ডোভালে আমেৰিকা , ব্ৰিটেইন, চৌদি আৰব আৰু জাপানৰ সমকক্ষৰ সৈতে কথা পাতিছে। ৰাছিয়া আৰু ফ্ৰান্সৰ বিষয়াসকলৰ সৈতেও যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে।

  • 07 May 2025 03:18 PM (IST)

    আটাৰী সীমান্তত বিটিং ৰিট্ৰিটৰ পেৰেড বন্ধ

    আটাৰী সীমান্তত বিটিং ৰিট্ৰিটৰ পেৰেড সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। বি এছ এফে আটাৰী সীমান্তত পেৰেডৰ বন্ধ সন্দৰ্ভত পোষ্টাৰ লগাইছে। ইয়াৰ পাছতে সেই স্থানত পেৰেড চাবলৈ অহা লোকসকল উভতা দেখা গৈছে।

  • 07 May 2025 02:48 PM (IST)

    সেনাক সম্পূৰ্ণ স্বাধীনতা পাকিস্তানৰ

    নিৰাপত্তা বৈঠকৰ অন্তত পাকিস্তানে কয় যে সশস্ত্ৰ বাহিনীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধিকাৰ দিয়া হৈছে। পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত ভাৰতৰ আক্ৰমণৰ পিছত প্ৰথমটো বৃহৎ চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰে দেশখনে। পাকিস্তানে কয় যে, ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেনাত সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে।

  • 07 May 2025 02:30 PM (IST)

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে ৰাষ্ট্ৰপতিক

    Modi-murmu

    মেদী-মুৰ্মূ

  • 07 May 2025 02:11 PM (IST)

    গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক

    দুপৰীয়া ২ বজাৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ জৰুৰী বৈঠকৰ আহ্বান ।  সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰী।

  • 07 May 2025 01:31 PM (IST)

    আজি কংগ্ৰেছৰ CWC ৰ বৈঠক, কাইলৈ ​​সৰ্বদলীয় বৈঠকৰ আয়োজন

    কংগ্ৰেছে আজি বিয়লি ৩ বজাত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্যৰ জৰুৰী বৈঠক আহ্বান কৰিছে। কাইলৈ ​​পুৱা ১১ বজাত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে চৰকাৰে। এই বৈঠকত চৰকাৰী পক্ষৰ পৰা উপস্থিত থাকিব ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কিৰেণ ৰিজিজু।

  • 07 May 2025 12:58 PM (IST)

    সেনাক প্ৰশংসা মোদীৰ

    কেন্দ্ৰীয় কেবিনেট বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  কয় যে,  ভাৰতীয় সেনাই প্ৰস্তুতি অনুসৰি আৰু কোনো ভুল নোহোৱাকৈ এই কাৰ্য সংঘটিত কৰিছে। কেন্দ্ৰীয় কেবিনেটৰ সকলো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বাস প্ৰকাশ কৰি কয় যে সমগ্ৰ দেশ তেওঁৰ লগত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাবাহিনীক প্ৰশংসা কৰে।

  • 07 May 2025 12:31 PM (IST)

    মোদীৰ দেশক সম্বোধন

    অপাৰেশ্যন সেন্দূৰৰ পাছত দেশবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিশ্বব্যাপী মহাকাশ অন্বেষণ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ। এই সময়চোৱাত তেওঁ ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বিষয়ে কয়। এতিয়ালৈকে অপাৰেশ্যন সেন্দূৰত সন্দৰ্ভত কোনো মন্তব্য প্ৰদান  কৰা নাই।

  • 07 May 2025 12:30 PM (IST)

    সাৰি গ’ল সন্ত্ৰাসবাদী মাছুদ আজহাৰ

    সাৰি গ’ল সন্ত্ৰাসবাদী মাছুদ আজহাৰ। এক বিবৃতি দি তেওঁ কয় যে, এটা বিবৃতি জাৰি কৰিছে যে মইও মৰিলোঁহেঁতেন।। উল্লেখ্য যে, এই আক্ৰমণত তেওঁ পৰিয়াল শেষ হৈ যায়।

  • 07 May 2025 11:31 AM (IST)

    মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়ালৰ মৃত্যু

    অপাৰেশ্যন সেন্দূৰত নিঃশেষ হৈছে মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল। পাকিস্তানী সংবাদ মাধ্যমৰ মতে, ভাৰতে মাছুদ আজহাৰৰ ঘৰত আক্ৰমণ চলাইছে, য’ত ১০ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে এই আক্ৰমণত মাছুদ আজহাৰ নিহত হৈছে নে নাই সেয়া স্পষ্ট হোৱা নাই।

  • 07 May 2025 11:09 AM (IST)

    ২৫ মিনিট চলিছিল আক্ৰমণ

    কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে, পুৱতি নিশা ১:০৫ বজাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰা হয়। এই অভিযানত ৯ টা স্থানত আক্ৰমণ কৰা হয়।১.০৫ বজাৰ পৰা ১.৩০ বজালৈ চলিছিল এই অভিযান। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত লক্ষ্য কৰি আক্ৰমণ কৰা হয়। সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰীক আক্ৰমণ কৰা হপ্ৰথমতে টাৰ্গেট কৰা হৈছিল ছাৱাই নালা শিবিৰ। জইছ আৰু লস্কৰৰ শিবিৰো লক্ষ্য কৰি লোৱা হৈছিল। ৯ টা টাৰ্গেটত আক্ৰমণ। ইয়াত হিজবুল কেম্পো আছিল।

  • 07 May 2025 10:59 AM (IST)

    বৈদেশিক সচিবে ক’লে

    বৈদেশিক সচিবগৰাকীয়ে কয় যে আজি ভাৰতে নিজৰ অধিকাৰ প্ৰয়োগ কৰিছো। আমি সকলো জোখ-মাখ কৰি সিদ্ধান্ত গ্ৰহণ কৰিছো। সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰাৰ লক্ষ্যৰে এই অভিযান আছিল।

  • 07 May 2025 10:48 AM (IST)

    সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল পাকিস্তান

    বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ বৰ্বৰ আছিল। পৰিয়ালৰ সন্মুখতে আপোনজনক গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। আক্ৰমণকাৰী টি আৰ এফ লস্কৰৰ সৈতে জড়িত আছিল।  সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিছে পাকিস্তান। বিশ্বক বিপথে পৰিচালিত কৰে পাকিস্তানে। সন্ত্ৰাসবাদীক লৈ তেওঁ মিছা কথা কয়।

  • 07 May 2025 10:26 AM (IST)

    ভাৰতৰ আক্ৰমণত চীনৰ দুখ প্ৰকাশ

    ভাৰতে কৰা আক্ৰমণ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চীনে। ভাৰতৰ এই কাৰ্যক লৈ দুখ প্ৰকাশ কৰিছে চীনে। লগতে কয়, বৰ্তমানৰ পৰিস্থিতিক লৈ চিন্তিত । ভাৰত আৰু পাকিস্তান সদায় চুবুৰীয়া ৰাষ্ট্ৰ হৈ থাকিব। চীনে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে। আৰু শান্তি আৰু স্থিতিশীলতাৰ বৃহত্তৰ স্বাৰ্থত শান্তি বজাই ৰাখিবলৈ আৰু এনে পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থাকিবলৈ আমি দুয়োপক্ষক আহ্বান জনায়।

  • 07 May 2025 10:14 AM (IST)

    ভাৰতীয় সেনা আৰু মোদীক ধন্যবাদ

    ভাৰতীয় সেনাৰ অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত হাৰিয়ানাৰ কৰ্ণালৰ লেফটেনেণ্ট বিনয় নৰৱালৰ পৰিয়ালৰ সদস্যই ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে। মাতৃয়ে কয় যে, মোদী চৰকাৰে প্ৰতিশোধ লৈছে আৰু সমগ্ৰ ভাৰত আজি চৰকাৰৰ লগত আছে।

  • 07 May 2025 09:53 AM (IST)

    ক্লেল্প মিছাইলেৰে চলালে ‘অপাৰেশ্যন সেন্দূৰ’

    পহলগাম আক্ৰমণৰ ১৫ দিনৰ পাছত ভাৰতে চলালে প্ৰতিশোধমূলক অভিযান ‘অপাৰেশ্যন সেন্দূৰ’ । যোৱা নিশা ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমানেৰে আক্ৰমণ চলায় । ভাৰতে বিমান আক্ৰমণ সংঘটিত কৰা ৯ টা স্থানৰ পৰাই জৈছ-ই-মহম্মদে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । এই আক্ৰমণত ব্যৱহাৰ কৰা হৈছে স্কেল্প মিছাইল । মঙলবাৰে গভীৰ নিশা ভাৰতীয় বায়ুসেনাই ৰাফেলৰ পৰা স্কেল্প মিছাইল নিক্ষেপ কৰে । স্কেল্প মিছাইলে ৫৬০ কিলোমিটাৰ দূৰত্বলৈকে লক্ষ্য অনুসৰণ কৰিব পাৰে । ইয়াৰ বিশেষত্ব হ’ল ইয়াক বহু বিমানৰ প্লেটফৰ্মৰ পৰা নিক্ষেপ কৰিব পাৰি । ইয়াৰ ভিতৰত আছে ৰাফেল, মিৰাজ ২০০০, ইউৰোফাইটাৰ টাইফুন, টৰ্নেডো জি আৰ ৪ । ভাৰতে ৰাফেল ব্যৱহাৰ কৰি বিমান আক্ৰমণ চলাই স্কেল্প মিছাইল নিক্ষেপ কৰিছে ।

  • 07 May 2025 09:28 AM (IST)

    ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে কি ক’লে…

    ভাৰতে অপাৰেশ্যন সেন্দূৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধীকৃৃত কাশ্মীৰ (পি অ’ কে) ত আক্ৰমণ চলায়। এই স্থানসমূহত সন্ত্ৰাসবাদী আত্মগোপন কৰি আছিল। ইয়াৰ পাছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চ চিন্তিত হৈ পৰিছে। ইফালে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ভাৰত-পাক যুদ্ধৰ দৰে পৰিস্থিতি সহ্য কৰিব পৰা অৱস্থাত নাই বুলি এক ডাঙৰ বিবৃতি দিছে। তেওঁ দুয়োখন দেশক সামৰিক সংযম প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে।

  • 07 May 2025 09:15 AM (IST)

    কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেৰ টুইট

  • 07 May 2025 09:06 AM (IST)

    সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱা সুভম দ্বিবেদীৰ পত্নীৰ মন্তব্য

  • 07 May 2025 08:57 AM (IST)

    ১০ বজাত সেনাৰ সংবাদ মেল

    অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত ১০ বজাত সেনাৰ সংবাদ মেল। ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াই সম্বোধন কৰিব সংবাদমেল। ইতিমধ্যে সেনাই প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে।

  • 07 May 2025 08:36 AM (IST)

    ৰাহুল গান্ধীৰ পোষ্ট

  • 07 May 2025 08:28 AM (IST)

    ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি

    ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি। জানিব পৰা মতে, পাকিস্তানী সেনাই LOC ত গুলীচালনা কৰি আছে।

  • 07 May 2025 08:15 AM (IST)

    সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস

    বায়ুসেনাই ৪টা জইছ-ই-মহম্মদ, ৩টা লস্কৰ-ই-তৈবা আৰু ২টা হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লৈছিল। এই ঘটনাত ১০০ জনৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

  • 07 May 2025 07:58 AM (IST)

    ১০০তকৈ অধিক সন্ত্ৰাসবাদীৰ মৃত্যু

    ভাৰতে পাকিস্তান আৰু PoK ৰ ৯ টা স্থানত আক্ৰমণ কৰিছে। এই আক্ৰমণত লস্কৰ আৰু জইছৰ ১০০ তকৈ অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

  • 07 May 2025 07:52 AM (IST)

    হিমন্ত বিশ্বৰ পোষ্ট

  • 07 May 2025 07:38 AM (IST)

    শ্ৰীনগৰ বিমান বন্দৰ বায়ু সেনাৰ নিয়ন্ত্ৰণত

    শ্ৰীনগৰ বিমানবন্দৰ নিয়ন্ত্ৰণ কৰিছে ভাৰতীয় বায়ুসেনাই। পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে।

  • 07 May 2025 07:30 AM (IST)

    ৩ সেনা মুৰব্বীৰ সৈতে ৰাজনাথ সিঙৰ আলোচনা

    সূত্ৰ অনুসৰি অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত মঙলবাৰে গভীৰ নিশা সেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীসকলৰ সৈতে কথা পাতিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ইয়াৰ সময়ত তেওঁলোকে সমগ্ৰ অভিযানৰ স্থিতি আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰা বুলি জানিব পৰা যায়।

  • 07 May 2025 07:26 AM (IST)

    ৩ জনৰ মৃত্যু

    শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি পাকিস্তানৰ আক্ৰমণত ৩ জনৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত এগৰাকী মহিলা আছে।

  • 07 May 2025 07:21 AM (IST)

    অপাৰেচন সেন্দূৰৰ বিষয়ে কিছু কথা

    বুধবাৰে পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায় । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ চলোৱা হয়, য’ত ২৬ জন লোক নিহত হৈছিল । অপাৰেচন সেন্দূৰৰ বিষয়ে বৰ্তমানলৈকে লাভ কৰা কেইটামান তথ্য

    • নিশা ১.৪৪ বজাত ‘অপাৰেচন সেন্দূৰ’ৰ অধীনত সামৰিক আক্ৰমণ ।
    • ‘এই অভিযানৰ অধীনত সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত আঘাত হানে, য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশ দি আহিছিল ।’- সেনাই এক প্ৰেছ বিজ্ঞপ্তিযোগে এইদৰে কয় ।
    • এই আক্ৰমণত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনা তিনিওটা বাহিনীৰ প্ৰিচিচন ষ্ট্ৰাইক ৱেপন চিষ্টেম ব্যৱহাৰ কৰা হৈছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে ।
    • বাহিনীসমূহে কামিকাজে ড্ৰোন ব্যৱহাৰ কৰিছিল – যাক ল’টাৰিং গোলাবাৰুদ বুলিও কোৱা হয় । ই সাধাৰণতে ৱাৰহেড কঢ়িয়াই নিয়া আৰু লক্ষ্যত খুন্দা মাৰিব পৰাকৈ ডিজাইন কৰা অস্ত্ৰ ।
    • সেনাই কয় যে বাহিনীসমূহে ৯টা স্থানক লক্ষ্য কৰি লৈছে । সেনাই দাবী কৰে যে “পাকিস্তানৰ কোনো সামৰিক সুবিধাক লক্ষ্য কৰি লোৱা হোৱা নাই” । সেনাই কয় যে ভাৰতে লক্ষ্য বাছনি আৰু আক্ৰমণৰ ক্ষেত্ৰত যথেষ্ট সংযম প্ৰদৰ্শন কৰিছে ।
    • সূত্ৰই জনোৱা মতে, লক্ষ্য কৰি লোৱা ৯টা স্থানৰ ভিতৰত বাহাৱালপুৰৰ জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আৰু মুৰিডকেত লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী থাকে ।
    • পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত এই অভিযান চলোৱা হৈছে । সেই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয় ।
    • পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশোধ লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশাটোৰ ভিতৰতে এই অভিযানৰ ওপৰত নজৰ ৰাখিছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে ।
    • অভিযানৰ কিছু সময়ৰ পিছতে এন এছ এ অজিত ডোভালে আমেৰিকাৰ এন এছ এ আৰু বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে কথা পাতিছিল আৰু গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে ।
    • ‘অপাৰেচন সেন্দূৰ’ৰ ওপৰত এক বিশদ বিৱৰণ দিয়া হ’ব বুলি সেনাই জনায় ।
  • 07 May 2025 07:16 AM (IST)

    ক’ত, ক’ত হৈছে আক্ৰমণ…

    Air Strike

    Air Strike

  • 07 May 2025 07:15 AM (IST)

    পাকিস্তানৰ আকাশমাৰ্গ বন্ধ

    ভাৰতৰ আক্ৰমণৰ পিছত পাকিস্তানত জৰুৰীকালীন সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৪৮ ঘণ্টা ধৰি ইয়াৰ আকাশমাৰ্গ বন্ধ কৰি ৰাখিছে।

  • 07 May 2025 06:59 AM (IST)

    সেনাই কি কয়…

    অভিযান সন্দৰ্ভত ভাৰতীয় সেনাই কয় যে আমাৰ কাম-কাজ কেন্দ্ৰীভূত আৰু জোখ-মাখ কৰা হৈছে। কোনো পাকিস্তানী সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হোৱা নাই। আনহাতে পাকিস্তানেও আক্ৰমণ আৰম্ভ কৰিছে। উৰিত পাকিস্তানৰ গুলীচালনা আৰম্ভ হৈছে।

  • 07 May 2025 06:54 AM (IST)

    সকলো পাইলট সুকলমে ঘূৰি আহিল

    অপাৰেচন সেন্দূৰৰ লগত জড়িত আটাইকেইজন পাইলট নিৰাপদে উভতি আহিছে । সকলোৱে নিজৰ নিজৰ ঘাটিত উপনীত হৈছে ।

  • 07 May 2025 06:50 AM (IST)

    ৫০ টা সন্ত্ৰাসবাদীক হত্যা

    পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া ভাৰতীয় সেনাৰ । বুধবাৰে মাজনিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ একাধিক স্থানত ভাৰতীয় সৈন্যই আক্ৰমণ কৰে। ভাৰতীয় সেনাই কয় যে এই আক্ৰমণত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লোৱা হৈছে । পাকিস্তানৰ সামৰিক আন্তঃগাঁথনিৰ ওপৰত কোনো আক্ৰমণ কৰা নাই । খবৰ অনুসৰি ভাৰতীয় সেনাৰ এই অভিযানত ৫০ জন সন্ত্ৰাসবাদী নিহত হৈছে ।

  • 07 May 2025 06:48 AM (IST)

    স্পাইচজেটৰ সিদ্ধান্ত

    পাকিস্তানত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আক্ৰমণৰ পিছত স্পাইচজেট এয়াৰলাইন্সে লৈছে এক ডাঙৰ সিদ্ধান্ত। বিমান সংস্থাটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মশালা, লেহ, জম্মু, শ্ৰীনগৰ, অমৃতসৰকে ধৰি উত্তৰ ভাৰতৰ একাংশ অঞ্চলৰ বিমানবন্দৰসমূহ পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত বন্ধ থাকিব।

  • 07 May 2025 06:46 AM (IST)

    প্ৰধানমন্ত্ৰী মোদীয়ে গোটেই নিশা চকু ৰাখিছে অপাৰেচন সেন্দূৰৰ ওপৰত

    পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইছে ভাৰতীয় সেনাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই নিশা ভাৰতীয় সেনাৰ অপাৰেচন সেন্দূৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁ তীব্ৰ বাৰ্তা প্ৰদান কৰে । আক্ৰমণকাৰী আৰু ষড়যন্ত্ৰকাৰীক শাস্তি নিদিয়াকৈ নাথাকে বুলি হুংকাৰ দিছিল প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে । বিগত কিছুদিনত প্ৰধানমন্ত্ৰীয়ে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে । ইয়াৰ পিছত বুধবাৰে মাজনিশা ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ একাধিক স্থানত আক্ৰমণ কৰে । সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি অপাৰেচন সেন্দূৰ আৰম্ভ কৰা হৈছিল । প্ৰধানমন্ত্ৰীয়ে গোটেই ৰাতি সেই অভিযানৰ ওপৰত চকু ৰাখিছিল ।

  • 07 May 2025 06:39 AM (IST)

    ভাৰতে কি ক’লে

    Operation Sindoor সন্দৰ্ভত ভাৰতীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, মুঠ ৯টা স্থানক লক্ষ্য কৰি লোৱা হৈছে। এই সিদ্ধান্ত কেন্দ্ৰিত আৰু অহিংস প্ৰকৃতিৰ। পাকিস্তানৰ কোনো সামৰিক দিশক লক্ষ্য কৰি লোৱা হোৱা নাই। লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰতে যথেষ্ঠ সংযম দেখুৱাইছে। পহলগামত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক নিহত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব বুলি আমি আমাৰ প্ৰতিশ্ৰুতি পালন কৰিছো।

  • 07 May 2025 06:26 AM (IST)

    প্ৰতিৰক্ষা মন্ত্ৰীয়ে কি ক’লে…

    অপাৰেশ্যন সিন্দূৰৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, , ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লৈছে। এই স্থানসমূহৰ পৰাই ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশ দিয়া হৈছিল।

  • 07 May 2025 06:25 AM (IST)

    মিছাইল আক্ৰমণ

    পাকিস্তানৰ ডন নিউজৰ প্ৰতিবেদন অনুসৰি, আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কয় যে, ভাৰতে কোটলী, বহাবলপুৰ আৰু মুজফ্ফাৰবাদত মিছাইল আক্ৰমণ কৰিছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতৰ প্ৰতিশোধ। আৰম্ভ হৈছে অপাৰেশ্যন সেন্দূৰ (Operation Sindoor) ।ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ৯টা স্থানত আক্ৰমণ চলাইছে। ভাৰতৰ আক্ৰমণৰ পিছত লাহোৰ আৰু ছিয়ালকোট বিমানবন্দৰ আগন্তুক ৪৮ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিছে। ইয়াৰ লগে লগে পাকিস্তানে জম্মু-কাশ্মীৰৰ পুঞ্চ-ৰাজৌৰী অঞ্চলৰ ভীম্বাৰ গলিত গুলীচালনা কৰি যুদ্ধ বিৰতি চুক্তি উলংঘা কৰিছে। ভাৰত-পাকিস্তানৰ মাজত চলি থকা এই সংঘাতৰ প্ৰতিটো আপডেট এই লেখাটোত উল্লেখ কৰা হ’ল-

Published On - May 07,2025 6:21 AM