Operation Sindoor: পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি ভাৰতীয় সেনাৰ আক্ৰমণ, কিয় লক্ষ্য কৰি লোৱা হ’ল ৯টা স্থান…
Operation Sindoor: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে প্ৰতিশোধ ল'লে ভাৰতে। ৬-৭ মে'ৰ নিশা প্ৰায় ১.৩০ বজাত ভাৰতে পাকিস্তানৰ সীমান্তৰ ভিতৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ ৯ টা ঘাটিত আক্ৰমণ কৰে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে। অপাৰেশ্যন সেন্দূৰ (Operation sindoor) ৰ অধীনত ৬-৭ মে’ নিশা ভাৰতে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰ (POK)ৰ ৯টা স্থানত বিমান আক্ৰমণ চলায়। এই অভিযানৰ পাছতে ভাৰতে বুধবাৰে আমেৰিকা, ৰাছিয়া, ব্ৰিটেইনৰ লগতে কেইবাখনো দেশক ইয়াৰ বিষয়ে জনায়। ভাৰতে অপাৰেশ্যন সেন্দূৰৰ অধীনত পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰলৈ গৈ আক্ৰমণ কৰি ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি লক্ষ্য কৰি লয়। গতিকে প্ৰশ্ন হয়, ভাৰতে এই স্থানসমূহ কিয় লক্ষ্য কৰি লৈছে?
ভাৰতৰ এই মিছাইল আক্ৰমণ সন্দৰ্ভত সূত্ৰই প্ৰকাশ কৰিছে যে, ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান অধীকৃত কাশ্মীৰ (POK) আৰু পাকিস্তানৰ ৯টা ভিন্ন স্থানত অৱস্থিত প্ৰায় সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলায়। এই স্থানসমূহত বহু সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছিল। এই লক্ষ্যস্থানসমূহ আছিল পাকিস্তান সীমান্তৰ পৰা ১০০ কিলোমিটাৰ ভিতৰ পৰ্যন্ত। সূত্ৰ অনুসৰি, এই আক্ৰমণৰ পূৰ্বে নিশ্চিত কৰা হৈছিল যে তাত বহু সন্ত্ৰাসবাদী আছিল আৰু তাৰ পাছতে নিক্ষেপ কৰিছিল ক্ষেপনাস্ত্ৰ।
জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ধ্বংস
এই আক্ৰমণ কৰে ভাৰতীয় বায়ু সেনাই। ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰি আক্ৰমণ কৰিছিল। সূত্ৰসমূহে জনোৱা মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত বায়ুসেনাই ৪টা জইছ-ই-মহম্মদ, ৩টা লস্কৰ-ই-তৈবা আৰু ২টা হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লৈছিল। ভাৰতে লক্ষ্য কৰি লোৱা সন্ত্ৰাসবাদীৰ স্থানৰ ভিতৰত আছিল জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়।
৯টা স্থান কি কি ?
ভাৰতীয় সেনাই আক্ৰমণ চলোৱা এটা শিবিৰ হ’ল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ ভিতৰত থকা জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়। বাহাৱালপুৰত সংঘটিত হৈছে আটাইতকৈ ডাঙৰ আক্ৰমণৰ ঘটনা।
সমান্তৰালকৈ, ছাম্বা ছেক্টৰৰ সীমান্তৰ ভিতৰত ৩০ কিলোমিটাৰ নিলগত মুৰিদকে নামৰ ঠাইত লস্কৰ-ই-তৈবা শিবিৰ আছিল। সন্ত্ৰাসবাদীৰ এই শিবিৰটোও ধ্বংস কৰে ভাৰতে। এই সন্ত্ৰাসবাদী সংগঠনটোৱে মুম্বাইত ২৬/১১ আক্ৰমণ সংঘটিত কৰিছিল।
সেনাৰ তৃতীয়টো আক্ৰমণ সংঘটিত হয় পুঞ্চ-ৰাজৌৰীৰ LoC ৰ ভিতৰত প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত গুলপুৰত। ২০২৩ চনৰ ২০ এপ্ৰিলত পুঞ্চত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২০২৪ চনৰ জুন মাহত যাত্ৰীৰে ভৰা এখন বাছত হোৱা আক্ৰমণৰ শিপা ইয়াতেই আছিল।
চতুৰ্থটো আক্ৰমণ সংঘটিত হয় POK ত টাংধৰ ছেক্টৰৰ ভিতৰত ৩০ কিলোমিটাৰ ভিতৰত। এই সময়চোৱাত লস্কৰৰ শিবিৰক লক্ষ্য কৰি লোৱা হৈছিল। জানিব পৰা মতে, এই শিবিৰটোৱে ২০২৪ চনৰ ২০ অক্টোবৰত সোণামাৰ্গ, ২০২৪ চনৰ ২৪ অক্টোবৰত গুলমাৰ্গ আৰু ২০২৫ চনৰ ২২ এপ্ৰিলত পহলগাম আক্ৰমণ সংঘটিত কৰিছিল।
সেনাই লক্ষ্য কৰি লোৱা পঞ্চমটো ঠিকনা আছিল বিলাল কেম্প। এইটোত জইছ-ই-মহম্মদৰ লঞ্চপেড বুলি কোৱা হৈছিল। ষষ্ঠটো স্থান আছিল ৰাজৌৰী জিলাৰ LoC ৰ ভিতৰত ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত লস্কৰ কোটলি শিবিৰ। ইয়াত লস্কৰৰ সন্ত্ৰাসবাদীসকলক বিস্ফোৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াত প্ৰায় ৫০ জন সন্ত্ৰাসবাদী আছিল।
সেনাই আক্ৰমণ কৰা সপ্তামটো স্থান আছিল বৰ্ণালা শিবিৰ। ই ৰাজৌৰী জিলাৰ বিপৰীতে LoC ৰ ১০ কিলোমিটাৰ ভিতৰত অৱস্থিত। অষ্টমটো স্থান আছিল সৰজাল কেম্প, যি জইছৰ শিবিৰ আছিল। ই সাম্বা-কথুৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৮ কিলোমিটাৰ ভিতৰত অৱস্থিত।
সেনাই আক্ৰমণ কৰা নৱম তথা শেষ স্থান আছিল মাহমুনা শিবিৰ, ই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ১৫ কিলোমিটাৰ ভিতৰত অৱস্থিত। ই জবুল মুজাহিদীনৰ প্ৰশিক্ষণ কেন্দ্ৰ বুলি জানিব পৰা গৈছে।
অন্য খবৰ পঢ়কঃ Operation Sindoor: অপাৰেশ্যন সেন্দূৰ কি? পাকিস্তানৰ মাটিত ভাৰতৰ মিছাইল আক্ৰমণ…
অন্য খবৰ পঢ়কঃ Operation Sindoor Live: পহলগাম কাণ্ডৰ ভাৰতে ল’লে প্ৰতিশোধ, পাকিস্তানৰ কেইবাটাস্থানত কৰিলে এয়াৰ ষ্ট্ৰাইক