শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোন কেইটা আক্ৰমণে কঁপাই তুলিছিল পাকিস্তানক? কেনেকৈ বিফল হৈছিল তেওঁলোক? ক’লে ভাৰতীয় সেনাই…

অপাৰেশ্যন সেন্দূৰৰ পাছত ভাৰতীয় সেনাই নিতৌ ন ন তথ্য প্ৰকাশ কৰি আছে। ভাৰতীয় সেনাই জনাই যে , ক'ৰ পৰা তেওঁলোকে শত্ৰুৰ ঘাটি লক্ষ্য কৰি আক্ৰমণ কৰিছিল।

কোন কেইটা আক্ৰমণে কঁপাই তুলিছিল পাকিস্তানক? কেনেকৈ বিফল হৈছিল তেওঁলোক? ক’লে ভাৰতীয় সেনাই…
অপাৰেশ্যন সেন্দূৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 May 2025 14:43 PM

অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত নিতৌ ভাৰতীয় সেনাই ন ন তথ্য প্ৰকাশ কৰিছে। সোমবাৰে সেনাবাহিনীৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, অপাৰেশ্যন সেন্দূৰৰ অধীনত ৯ টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা হৈছিল। ইয়াৰে ৭ টা আক্ৰমণ পীৰ পাঞ্জাল ৰেঞ্জৰ দক্ষিণ অঞ্চলৰ পৰা সংঘটিত কৰা হৈছিল। এই আক্ৰমণ ফলত পাকিস্তানৰ বহু গোপন সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হৈছিল। এই আক্ৰমণৰ পাছতে পাকিস্তান শংকিত হৈ পৰা বুলি সেনা বিষয়াগৰাকীয়ে উল্লেখ কৰে।

সেনাই কয় যে, যদি সীমান্তৰ সিটো পাৰৰ পৰা LOC ত আক্ৰমণ কৰা হয় তেন্তে সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সেনা সম্পূৰ্ণ সাজু আছে। তেওঁলোকৰ দুঃসাহসৰ উত্তৰ আমি তেওঁলোকৰ ভাষাতেই, তেওঁলোকৰ মাটিত দিম। আমাৰ সেনাৰ মনোবল উচ্চ আৰু আমি এনে কাৰ্য সহ্য নকৰো।

পীৰ পঞ্জাল ৰেঞ্জৰ দক্ষিণ অঞ্চলৰ পৰা কৰা আক্ৰমণ

সেনা বিষয়াগৰাকীয়ে কয় যে, পীৰ পঞ্জাল ৰেঞ্জৰ দক্ষিণ অঞ্চলৰ পৰা কৰা আক্ৰমণে পাকিস্তানক কঁপাই তুলিছিল। এই আক্ৰমণক পাকিস্তানী সেনাৰ প্ৰায় ৫০ জন জোৱান নিহত হয়। অৱশ্যে ভাৰতীয় সেনাই চলোৱা এই আক্ৰমণত কোনো সাধাৰণ নাগৰিকৰ ক্ষতি হোৱা নাছিল বুলি সেনাই কয়। লগতে কয় যে, পাকিস্তানী সেনাই ভাৰতৰ সাধাৰণ নাগৰিক আৰু সামৰিক ঘাটিত আক্ৰমণ কৰি প্ৰতিশোধ লোৱাৰ চেষ্টা কৰিছিল যদিও ইয়াৰ ফলত আমাৰ একো ক্ষতি নহ’ল। পাকিস্তানে এটা ডিভিজন মুখ্য কাৰ্যালয় আৰু দুটা ব্ৰিগেড মুখ্য কাৰ্যালয় আক্ৰমণৰ চেষ্টা চলাইছিল যদিও কোনো ক্ষতি সাধন হোৱা নাছিল। তেওঁলোকে কৰা আক্ৰমণ ভাৰতীয় বায়ু সেনাই আকাশতে ধ্বংস কৰি পেলায়।

সেনা হাই এলাৰ্ট

সেনা বিষয়াগৰাকীয়ে লগতে কয় যে, অপাৰেশ্যন সেন্দূৰৰ পাছত ভাৰতীয় সেনা হাই এলাৰ্টত আছে। পাকিস্তানে লোৱা প্ৰতিটো পদক্ষেপৰ ওপৰত চোকা নজৰ ৰখা হৈছে। ইযাৰোপৰি অপাৰেশ্যন সেন্দূৰৰ পাছত সেনাৰ মনোবলো বৃদ্ধি পাইছে। এল অ চিত সৈনিক আৰু মেচিন সম্পূৰ্ণৰূপে সাজু হৈ আছে। নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত এটা ইউনিটৰ কমাণ্ডিং অফিচাৰে কয় যে, “আমি ২৪ ঘণ্টাই হাই এলাৰ্টত আছো আৰু সীমান্তৰ প্ৰতিটো কাৰ্যকলাপ নিৰীক্ষণ কৰি আছো। আমি সম্পূৰ্ণ সাজু।”

উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগাম সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত ২৬ জন পৰ্যটকৰ মৃত্যু হোৱাৰ উপৰি কেইবাজন আহত হৈছিল। এই ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তান আৰু পি অ’ কেৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলাইছিল অপাৰেশ্যন সেন্দূৰ। এই অভিযানৰ অধীনত ভাৰতীয় সেনাই ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ লগতে ১০০ ৰো অধিক সন্ত্ৰাসবাদীক নিহত কৰিছিল। তাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পাইছিল উত্তেজনা। অৱশ্যে ১০ মে’ত হোৱা যুদ্ধ বিৰতিৰ পাছত বৰ্তমান কিছু শান্ত হৈছে পৰিৱেশ।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ সৈতে বন্ধুত্বৰ নাটক! ইফালে বেইজিঙত বহি চীন-পাকিস্তানৰ সৈতে ষড়যন্ত্ৰ ৰচাৰ প্ৰস্তুতি আফগানিস্তানৰ…