জাতিবাদক বিশ্বাস নকৰো, সংৰক্ষণ পালে আজি মই বেংকৰ কেৰাণী হৈ থাকিলোহেতেনঃ নীতিন গাডকাৰী
শেহতীয়াকৈ সংৰক্ষণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে নীতিন গাডকাৰীয়ে। তেওঁ কয় যে, মই জাতিবাদত বিশ্বাস নকৰো। জাতি, ধৰ্ম বা ভাষাৰ দ্বাৰা কোনো মহান নহয়। এই মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ সংৰক্ষণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নাগপুৰৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি তেওঁ কয় যে, মই ব্ৰাহ্মণ সম্প্ৰদায়ৰ। ধেমেলিয়া সুৰত মন্ত্ৰীগৰাকীয়ে কয় যে, ভগৱানে তেওঁৰ ওপৰত যথেষ্ঠ কৃপা কৰিছে তেওঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ আৰু ব্ৰাহ্মণৰ কোনো সংৰক্ষণ নাই।
তেওঁ কয়, মই সদায় এই ক্ষেত্ৰত ধেমালি কৰো যে মই ব্ৰাহ্মণ জাতিৰ আৰু ইশ্বৰে আমাৰ ওপৰত কৰা আটাইতকৈ ডাঙৰ কৃপা এয়াই যে আমাৰ কোনো সংৰক্ষণ নাই। সংৰক্ষণৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মহাৰাষ্ট্ৰত ব্ৰাহ্মণৰ কোনো গুৰুত্ব নাই, কিন্তু উত্তৰ প্ৰদেশ আৰু বিহাৰত ব্ৰাহ্মণৰ গুৰুত্ব অধিক। মহাৰাষ্ট্ৰত মাৰাঠাৰ গুৰুত্ব আছে, উত্তৰ প্ৰদেশ আৰু বিহাৰত ব্ৰাহ্মণৰ গুৰুত্ব অধিক। মই যেতিয়া তালৈ যাওঁ ডুবে, ত্ৰিপাঠী, মিশ্ৰ শক্তিশালী হয়। মই তেওঁলোকক কওঁ যে, মই কেতিয়াও জাতিবাদত বিশ্বাস নকৰো। মানুহে কেতিয়াও জাতি, ধৰ্ম, ভাষাৰ দ্বাৰা মহান হ’ব নোৱাৰে। গুণৰ দ্বাৰা হ’ব পাৰে।
সংৰক্ষণ লাভ নকৰা সন্দৰ্ভত তেওঁ কয় যে, সংৰক্ষণ লাভ নকৰা বাবে মই উদ্যমী হ’বলৈ অনুপ্ৰাণিত হৈছিলো। মই প্ৰায়ে কওঁ সংৰক্ষণ নোপোৱাটো ইশ্বৰে মোক দিয়া আটাইতকৈ ডাঙৰ আশীৰ্বাদ। নহ’লে মই বেংকৰ কেৰণী বা কোন প্ৰথম শ্ৰেণীৰ বিষয়া হ’লোহেতেন। মই আগতে মা-দেউতাক কৈছিলো যে মই চাকৰি নকৰো, মই চাকৰি সৃষ্টিকৰ্তা হ’ব। পাছত মই ব্যৱসায়ত যোগদান কৰি ১৫,০০০ লোকক নিযুক্তি দিছিলো।
গাডকাৰীৰ এই মন্তব্যই শেহতীয়াকৈ তীব্ৰ চৰ্চা লাভ কৰিছে। কিয়নো এয়াই নহয়, পূৰ্বেও মন্ত্ৰীগৰাকীয়ে জাতিবাদৰ বিৰুদ্ধে থিয় দিছিল। ২০২৫ চনৰ মাৰ্চ মাহত নাগপুৰত তেওঁ জাতিভিত্তিক ৰাজনীতিক গৰিহণা দি কৈছিল, জাতিৰ কথা কলে মই সকলো লাঠ মাৰিম। ইয়াৰ পূৰ্বে ২০১৯ চনত তেওঁ কৈছিল যে কেৱল সংৰক্ষণে কোনো এটা সম্প্ৰদায়ৰ উন্নতিৰ নিশ্চিয়তা প্ৰদান নকৰে।
অন্য খবৰ পঢ়কঃ Amul Price Cut: গাখীৰৰ পৰা আইচক্ৰীমলৈ, ৭০০ বিধ সামগ্ৰীৰ দাম হ্ৰাস, জানক নতুন মূল্য