শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আকাশে-বতাহে কেৱল জুবিন, দিনটোত আৰু কি কি খবৰ আছে চৰ্চাত? চাওক পলকতে…

স্বাভাৱিকতেই আজি সংবাদ শিৰোনামত কেৱল জুবিন গাৰ্গ। ইফালে প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক সম্বোধন, কাইলৈৰ পৰা কাৰ্যকৰী হ’বলগা নতুন জি এছ টি নীতি, এছিয়া কাপৰ ভাৰত-পাকিস্তান মেচক লৈও দেখা যায় আলোচনা। চাওঁ আহক দিনটোত চৰ্চিত এনে ৯টা বিশেষ খবৰ

আকাশে-বতাহে কেৱল জুবিন, দিনটোত আৰু কি কি খবৰ আছে চৰ্চাত? চাওক পলকতে…
জুবিন গাৰ্গ
monjit-dutta
Monjit Dutta | Published: 21 Sep 2025 22:50 PM

ৰাজ্যৰ আকাশ-বতাহ এতিয়া কেৱল মুখৰিত হৈছে জুবিন গাৰ্গৰ নামেৰে। সকলোতে প্ৰতিধ্বনিত হৈছে কেৱল জুবিনৰ নাম তথা গান। স্বাভাৱিকতেই আজি সংবাদ শিৰোনামত কেৱল জুবিন গাৰ্গ। ইফালে প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক সম্বোধন, কাইলৈৰ পৰা কাৰ্যকৰী হ’বলগা নতুন জি এছ টি নীতি, এছিয়া কাপৰ ভাৰত-পাকিস্তান মেচক লৈও দেখা যায় আলোচনা। চাওঁ আহক দিনটোত চৰ্চিত এনে ৯টা বিশেষ খবৰ-

  1. সৰুসজাইত নীৰৱে শুই আছে অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। লাখ লাখ জনতা ওলাই আহিছে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ। পুৱা বৰঝাৰৰ পৰা পোনে পোনে কাহিলীপাৰাৰা ঘৰলৈ অনা হয় জুবিন গাৰ্গক। তাৰ পৰা অনা হয় সৰুসজাইলৈ।
  2. অনুৰাগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ওৰে নিশা খোলা ৰখা হ’ব সৰুসজাই ষ্টেডিয়াম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা। তেওঁ কয় যে অনুৰাগীয়ে যাতে মনৰ ইচ্ছানুসাৰে শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  3. সোণাপুৰেই হ’ব জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থান। এক সংবাদমেলযোগে এই ঘোষণা কৰিছে মন্ত্ৰী ৰণোজ পেগুৱে। তেওঁ কয় যে গুৱাহাটীৰ আশে-পাশে জুবিন গাৰ্গক ৰখাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে পত্নী গৰিমা গাৰ্গে। সেই অনুসৰিয়েই কমাৰকুছিত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰথম প্লটত ১০ বিঘা মাটি অধিগ্ৰহণ কৰিছে চৰকাৰে।
  4. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্যামকানু মহন্তই। এক পত্ৰত তেওঁ কয় যে জুবিনৰ খবৰটো পোৱাৰ পাছতে তেওঁ হাস্পতালৰ কামত ব্যস্ত হৈ পৰে। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগক এক প্ৰকাৰ অস্বীকাৰ মহন্তৰ।
  5. গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। বিভিন্নজনে উল্লেখ কৰিছে এই কথা। ইতিমধ্যেই দুয়োৰে বিৰুদ্ধে চি আই ডিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্য়মন্ত্ৰীয়ে।
  6. জুবিন গাৰ্গক বৰঝাৰৰ পৰা ঘৰলৈ অনাৰ সময়তেই লুইতৰ বুকুত সংঘটিত হয় এটি শোকাৱহ ঘটনা। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিয়ে এজন যুৱকে। ৰজাদুৱাৰ ঘাট অভিমুখী ফেৰীখনৰ পৰা জাঁপ দিয়া যুৱকজনৰ সন্ধান এতিয়াও লাভ কৰা নাই।
  7. সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব নতুন জি এছ টি। তাৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰে। নৰেন্দ্ৰ মোদীয়ে কয় যে কাইলৈৰ পৰা আৰম্ভ হ’ব GST সঞ্চয় মহোৎসৱ। এই GST সঞ্চয় উৎসৱে দেশবাসীৰ সঞ্চয় বৃদ্ধি কৰিব, যাৰ ফলত মানুহে প্ৰিয় সামগ্ৰীসমূহ অধিক সহজে ক্ৰয় কৰিব পাৰিব।
  8. দেশৰ জনতাক বিদেশী সামগ্ৰী পৰিহাৰ কৰি থলুৱা সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীৰ। তেওঁ কয় যে দেশৰ প্ৰতিখন ঘৰক স্বদেশীৰ প্ৰতীক কৰি তুলিব লাগিব। লগতে প্ৰতিখন দোকান স্বদেশী বস্তুৰে সজাই তুলিলেহে দেশৰ বিকাশ তৰান্বিত হ’ব।
  9. এছিয়া কাপৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ প্ৰথমখন মেচত আজি মুখামুখি হৈছে ভাৰত আৰু পাকিস্তান। যোৱা ১৪ ছেপ্টেম্বৰত দুয়োখন দেশৰ মাজত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ মেচখনক লৈ তীব্ৰ বিতৰ্ক হৈছিল। আজি পুনৰ ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত নামিছে দল দুটা।