শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাস্তৱায়িত ‘এক জাতি, এক কৰ’ৰ সপোনঃ GST সংস্কাৰ সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

২০১৪ চনত যেতিয়া দেশে তেওঁক সুযোগ দিছিল, তেতিয়া তেওঁ ৰাষ্ট্ৰীয় স্বাৰ্থত আৰু জনহিতকৰ বাবে জি এছ টিক অগ্ৰাধিকাৰ দিছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ প্ৰতিখন ৰাজ্যৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি সম্বোধন প্ৰতিটো প্ৰশ্নৰ সমাধান বিচাৰি উলিয়াইছিল বুলিও মন্তব্য কৰে।

বাস্তৱায়িত ‘এক জাতি, এক কৰ’ৰ সপোনঃ GST সংস্কাৰ সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 21 Sep 2025 19:17 PM

কাইলৈৰ পৰা দেশত প্ৰবৰ্তন নতুন জি এছ টি নীতি তাৰ প্ৰাকক্ষণত আজি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে জি এছ টি সংস্কাৰ সন্দৰ্ভত দেশবাসীৰ আগত বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত এক জাতি, এক কৰৰ সপোন বাস্তৱায়িত হোৱা বুলি উল্লেখ কৰে। ভাষণত তেওঁ কয় যে জি এছ টিয়ে এক জাতি, এক কৰৰ সপোন বাস্তৱায়িত কৰিছে। তেওঁ লগতে কৰ আৰু টোলৰ জালে ব্যৱসায়ী আৰু গ্ৰাহকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে বুলিও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত কয় যে দেশৰ ব্যৱসায়সমূহ বিভিন্ন কৰৰ জালত আবদ্ধ হৈ পৰিছে। সমগ্ৰ দেশতে বিভিন্ন প্ৰকাৰৰ কৰ ব্যৱস্থা আছিল। এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত অসংখ্য বাধা আহিছিল, আৰু কৰ নিয়মৰ ভিন্নতা আছিল বুলিও তেওঁ আঙুলিয়াই দিয়ে।

তেওঁ লগতে কয় যে ২০১৪ চনত যেতিয়া দেশে তেওঁক প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল, তেতিয়া এখন বিদেশী বাতৰি কাকতে এটা কোম্পানীৰ অসুবিধাৰ বাতৰি প্ৰকাশ কৰিছিল। কৰ আৰু টোলৰ জটিলতাৰ বাবে সেই সময়ত সমস্যাৰ সৃষ্টি হৈছিল বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে দোহাৰে।

ইফালে ২০১৪ চনত যেতিয়া দেশে তেওঁক সুযোগ দিছিল, তেতিয়া তেওঁ ৰাষ্ট্ৰীয় স্বাৰ্থত আৰু জনহিতকৰ বাবে জি এছ টিক অগ্ৰাধিকাৰ দিছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ প্ৰতিখন ৰাজ্যৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি সম্বোধন প্ৰতিটো প্ৰশ্নৰ সমাধান বিচাৰি উলিয়াইছিল বুলিও মন্তব্য কৰে।

সকলোকে একলগ কৰি তেওঁ স্বাধীন ভাৰতৰ সৰ্ববৃহৎ কৰ সংস্কাৰ সম্ভৱ কৰি তুলিলে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে দেশখন কেইবা ডজনো কৰ ফান্দৰ পৰা মুক্ত হ’ল। এক জাতি, এক কৰৰ সপোন বাস্তৱায়িত হ’ল।”- এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে

জি এছ টি সংস্কাৰৰ দ্বাৰা দৈনন্দিন সামগ্ৰী অধিক সুলভ হ’ব বুলি দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ্য যে জি এছ টি সংস্কাৰৰ পিছত স্বাস্থ্য আৰু জীৱন বীমাৰ লগতে আন বহুতো সেৱা কৰমুক্ত হ’ব বা মাত্ৰ ৫% কৰ থাকিব। পূৰ্বে ১২% কৰ আৰোপ কৰা ৯৯% বস্তুৰ ওপৰত এতিয়া মাত্ৰ ৫% কৰ আৰোপ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত এতিয়া ১২ লাখ টকাৰ আয়কৰ ৰেহাই দিয়া হ’ল বুলি আঙুলিয়াই দিয়ে। তেওঁ কয়, “এতিয়া দুখীয়াৰ পাল, নতুন মধ্যবিত্ত শ্ৰেণীৰ পাল দৰিদ্ৰজনে, নতুন মধ্যবিত্ত শ্ৰেণীয়ে এতিয়াডাবল বানাঞ্জাউপভোগ কৰিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। জি এছ টিৰ হাৰ কম হ’লে নাগৰিকে নিজৰ সপোন পূৰণ কৰাত সহজ হ’ব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

লগতে পঢ়কঃ বিদেশী সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী কিনিবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ