20 Sept 2025
TV9 ASSAM
বৰ্তমান শোকস্তব্ধ ৰাজ্য। জুবিন গাৰ্গক হেৰুৱাই ভাগি পৰিছে ৰাজ্যৰ লাখ লাখ লোক। সকলোৰে এটাই অপেক্ষো, কেতিয়া অসম পাবহি জুবিনৰ নশ্বৰ দেহ।
সকলোৰে মৰমৰ জুবিনে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লয়। জুবিনৰ মৃত্যুক লৈ সৃষ্টি হৈছে বহু ৰহস্যৰ। দেওবাৰে পুৱা সৰুসজাইত জুবিনক শেষ দৰ্শন কৰিব পাৰিব অনুৰাগীয়ে।
জুবিনে সকলো পশু-পক্ষীকে মৰম কৰিছিল। কোৱা হয়, এবাৰ জুবিনৰ ঘৰলৈ এটা বান্দৰ আহিছিল। পাছলৈ সেই বান্দৰটোৰ নাম জুবিনে দিছিল মধুসূদন গাৰ্গ। গৰিমা গাৰ্গে প্ৰকাশ কৰিছিল এই কথা।
কুকুৰৰ প্ৰতিও জুবিনৰ আছিল অগাধ প্ৰেম। ঘৰত কেইবাটাও কুকুৰ পুহিছিল জুবিনে।মুঠতে জুবিন আছিল প্ৰেমৰ অন্য এটা নাম। জুবিনে কেৱ মৰম কৰিব জানিছিল।
এবাৰ এজনী বগলীয়ে আঘাত পোৱা দেখি সেই বগলীটোৰো চিকিৎসা কৰিছিল জুবিনে। সেই বগলীজনীৰ নাম দিছিল উদাসীনী গাৰ্গী। ইমানেই নহয় সদায় কাউৰীক খাদ্য দিছিল জুবিনে।
সেই বগলীজনী আহি জুবিনৰ কান্ধ উঠিছিল। তেওঁ গাত বহি হাতত থকা পাত্ৰৰ পৰা মাছ খাইছিল। এয়া আছিল জুবিন। সকলোৰে প্ৰিয়, সকলোৰে আপোন জুবিন।
জুবিনৰ সৈতে পিতৃৰো আছিল ভাল সম্পৰ্ক। প্ৰায়ে জুবিনৰ ফটো লৈছিল পিতৃয়ে আৰু এলবাম ভৰ্তি কৰিছিল। জুবিন কি, সেয়া কৈ শেষ কৰা সম্ভৱ নহয়। জুবিন আমাৰ, জুবিন প্ৰতিগৰাকী অসমীয়াৰ আপোন।
পঢ়িবলৈ ক্লিক কৰক