শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
গুৱাহাটীৰ আশে-পাশে অন্ত্যেষ্টিক্ৰিয়া হোৱাটো বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে

গুৱাহাটীৰ আশে-পাশে অন্ত্যেষ্টিক্ৰিয়া হোৱাটো বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে

monjit-dutta
Monjit Dutta | Published: 21 Sep 2025 22:33 PM

আলোচনাৰ অন্তত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এক সংবাদ মেল যোগে জুবিন গাৰ্গৰ পৰিয়ালৰ মতামতৰ বিষয়ে সদৰী কৰে। সংবাদ মেলত তেওঁ উল্লেখ কৰা মতে, গুৱাহাটীৰ আশে-পাশে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হোৱাটো বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে।

অসম-অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া কোন স্থানত সম্পন্ন হ’ব, সেই লৈ যথেষ্ট চৰ্চা চলি আছে। এফালে সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে চলি থকা আলোচনাৰ মাজতে যোৰহাটত জুবিনৰ অন্তিম জিৰণি স্থান কৰাৰ মানসেৰে যোৰহাটবাসীয়ে চৰকাৰৰ ওচৰত অনুৰোধ জনাই আহিছে। এই সন্দৰ্ভত অসম চৰকাৰৰ কেইজনমান কেবিনেট মন্ত্ৰী জুবিন গাৰ্গৰ জীৱন সংগী গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালৰ সৈতে আলোচনাত মিলিত হৈছিল।

এই আলোচনাৰ অন্তত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এক সংবাদ মেল যোগে জুবিন গাৰ্গৰ পৰিয়ালৰ মতামতৰ বিষয়ে সদৰী কৰে। সংবাদ মেলত তেওঁ উল্লেখ কৰা মতে, গুৱাহাটীৰ আশে-পাশে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হোৱাটো বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে।