চীনৰ বিমানেৰে নিজ দেশৰ নাগৰিকৰ ওপৰতে বোমা পেলালে পাকিস্তানে, থিতাতে প্ৰাণ গ’ল ৩০ জনৰ
চীনৰ জে-১৭ বিমান ব্যৱহাৰ কৰি পাকিস্তান বায়ুসেনাই খাইবাৰ সীমান্তত বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত সাধাৰণ লোকৰ ঘৰৰ ওপৰতো কিছু বোমা নিক্ষেপ কৰা হয়, ইয়াৰ ফলত থিতাতে ৩০ জন লোকৰ মৃত্যু হয়।

পোহৰলৈ আহিছে পাকিস্তানৰ এক চাঞ্চল্যকৰ খবৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ পাকিস্তান বায়ুসেনাই নিজ দেশৰ সাধাৰণ নাগৰিকৰ ওপৰতে ঘটালে বোমা বিস্ফোৰণ। আজি পুৱা খাইবাৰ পাখতুনখোৱাৰ তিৰাহ উপত্যকাত সংঘটিত হয় এই ঘটনা। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এই ঘটনাত ৩০ জন সাধাৰণ নাগৰিক নিহত হৈছে। বোমা বিস্ফোৰণৰ ফলত নিহত লোকসকলৰ ভিতৰত বহুকেইগৰাকী মহিলা আৰু শিশুও আছে বুলি প্ৰকাশ পাইছে। অৱশ্যে পাকিস্তান বায়ুসেনাই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
প্ৰকাশিত খবৰ অনুসৰি, চীনৰ জে-১৭ বিমান ব্যৱহাৰ কৰি পাকিস্তান বায়ুসেনাই খাইবাৰ সীমান্তত বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত সাধাৰণ লোকৰ ঘৰৰ ওপৰতো কিছু বোমা নিক্ষেপ কৰা হয়, ইয়াৰ ফলত থিতাতে ৩০ জন লোকৰ মৃত্যু হয়। ঘটনাত লগতে ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে।
চলিত বৰ্ষৰ আগষ্ট মাহ পৰ্যন্ত খাইবাৰত ৭০০ৰো অধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এনে আক্ৰমণৰ ফলত ২৫৮ জন জোৱানৰ মৃত্যু হৈছে। সন্ত্ৰাসবাদৰ এনে ধাৰাবাহিক আক্ৰমণৰ পিছত পাকিস্তান সেনাই খাইবাৰ সীমান্তত বিশেষ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ অংশ হিচাপে সেনাই ডেৰা ইছমাইল আৰু বাজাউৰ অঞ্চলত বিমান আক্ৰমণ চলাইছে।
আজিও পাকিস্তান সেনাই ডেৰা ইছমাইলত ৭জন সন্ত্ৰাসবাদীক হত্যা কৰা বুলি দাবী কৰে। জানিব পৰা মতে পাকিস্তান সেনাই তিৰাহ উপত্যকাতো একেধৰণৰ অভিযানৰ পৰিকল্পনা কৰিছিল যদিও এই অভিযানৰ সময়ত পাকিস্তান সেনাই এক মাৰাত্মক ভুল কৰে আৰু স্থানীয় লোকৰ ওপৰতে বোমা নিক্ষেপ কৰে।
উল্লেখ্য যে যোৱা সময়ছোৱাত তেহৰিক-ই-তালিবান হৈছে পাকিস্তানৰ আটাইতকৈ বিপজ্জনক সন্ত্ৰাসবাদী সংগঠন হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি এই সন্ত্ৰাসবাদী সংগঠনটোত ৬ হাজাৰৰো অধিক সদস্য আৰু ১০টাতকৈও অধিক প্ৰশিক্ষণ শিবিৰ আছে। আফগানিস্তান সীমান্তত অৱস্থিত খাইবাৰত অধিক সক্ৰিয় হৈ আছে সংগঠনটো।
আফগানিস্তানে খাইবাৰত এই সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলি পাকিস্তানে দাবী কৰিছে। পাকিস্তানত মৌলবাদী মুছলমান শাসন পুনৰ ঘূৰাই অনাই এই তেহৰিক-ই-তালিবানৰ লক্ষ্য। ইফালে আজি সংঘটিত হোৱা ঘটনা ভুলৰ বাবে নে ইচ্ছাকৃত, সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।
শেহতীয়াকৈ খাইবাৰৰ জনসাধাৰণক পাক সেনাবাহিনীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। উল্লেখ্য যে খাইবাৰ প্ৰদেশ দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ৰাজনৈতিক দুৰ্গ। ইমৰান খান আৰু পাকিস্তান সেনাৰ মাজৰ তিক্ত সম্পৰ্ক সততে চৰ্চাত থাকে। পাকিস্তানৰ ভিতৰত কেৱল মাত্ৰ খাইবাৰ প্ৰদেশত ইমৰানৰ দলৰ ক্ষমতা আছে।