শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মান্তি নহ’ল সম্পৰ্ক স্থাপনত! ভতিজীৰ সৈতে মহিলাৰ ভয়ংকৰ কাণ্ড…

প্ৰেমৰ বাবে এগৰাকী কিশোৰীক হত্যা মহিলাৰ! জানিব পৰা মতে, মহিলাগৰাকীয়ে কিশোৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। কিন্তু মান্তি হোৱা নাছিল কিশোৰীগৰাকী। যাৰ বাবে তেওঁ এই কাণ্ড সংঘটিত কৰে।

মান্তি নহ’ল সম্পৰ্ক স্থাপনত! ভতিজীৰ সৈতে মহিলাৰ ভয়ংকৰ কাণ্ড…
এক ভয়ংকৰ কাণ্ড
Barasha Sarma
Barasha Sarma | Published: 26 Jan 2026 14:56 PM

এটা ঘৰৰ পৰা এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, এগৰাকী মহিলাই কিশোৰীগৰাকীক শাৰীৰিক সম্পৰ্কৰ বাবে হেঁচা প্ৰয়োগ কৰি আছিল। কিশোৰীগৰাকী মান্তি নোহোৱাত ডিঙি চেপি হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ মুংগেৰৰ কুতলপুৰ এলেকাত। প্ৰাপ্ত খবৰ অনুসৰি, অভিযুক্ত মহিলাগৰাকীৰ ঘৰতেই কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। সেই মহিলাগৰাকী সম্বন্ধত কিশোৰীগৰাকীৰ পেহীয়েক আছিল।

মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। তথ্য অনুসৰি, কিশোৰীগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী আছিল। ঘটনাৰ দিনা তেওঁ মহিলাগৰাকীৰ ঘৰলৈ গৈছিল। নিশা বহু পৰলৈকে কিশোৰীগৰাকী ঘৰ আহি নোপোৱাত পৰিয়ালে মহিলাগৰাকীৰ ঘৰত উপস্থিত হয়। সেই ঘৰতেই মৃত অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীক। সোমবাৰে পোহৰলৈ আহিছে এই ঘটনা।

কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰে যে, মহিলাগৰাকীয়ে কিশোৰীগৰাকীক সম্পৰ্কৰ বাবে হেঁচা দি আহিছিল। যেতিয়া কিশোৰীগৰাকীয়ে নাকচ কৰিছিল তেতিয়া খঙতে মহিলাগৰাকীয়ে হত্যা কৰে। অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

স্থানীয় লোকসকলেও মহিলাগৰাকী সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে, মহিলাগৰাকীয়ে ল’ৰাৰ দৰে থাকে, আনকি ল’ৰাৰ দৰে সাজ-পোচাক পৰিধান কৰে। তেওঁ প্ৰায়ভাগ মহিলাক লেচবিয়ান সম্পৰ্কৰ বাবে হেঁচা দিছিল। ইয়াৰ পূৰ্বে আন মহিলাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। মহিলাগৰাকীয়ে বহু যুৱতীক আৰ্থিক দিশৰ পৰা সহায় কৰি আহিছিল আৰু বিনিময়ত সম্পৰ্ক বিচাৰিছিল।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মহিলাগৰাকীক জেৰা চলোৱা হৈছে আৰু ওচৰ চুবুৰীয়াৰো বক্তব্য লিপিবদ্ধ কৰা হৈছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ শাস্তি নহয়…নিৰ্বাচনৰ পূৰ্বে হাছিনা, হিন্দু সুৰক্ষাক লৈ কি ক’লে BNP নেতাই…