তাজমহলত তিৰংগা উৰুৱাই দিলে ভাৰত মাতাৰ শ্ল’গান, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তদন্ত ঘোষণা
তাজমহলৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ লগতে সামূহিকভাৱে ৰাষ্ট্ৰগান পৰিৱেশন কৰা হয়। ইয়াৰ লগতে দিয়া হয় ভাৰত মাতাৰ শ্ল’গান। এই সমগ্ৰ কাৰ্যসূচীৰ এক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
তাজনগৰী আগ্ৰাৰ পৰা আজি পোহৰলৈ আহিছে এক অত্যন্ত চাঞ্চল্য্যকৰ খবৰ। গণতন্ত্ৰ দিৱসৰ বিশেষ ক্ষণত বিশ্ববিখ্যাত কীৰ্তিচিহ্ন তাজমহলৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ লগতে সামূহিকভাৱে ৰাষ্ট্ৰগান পৰিৱেশন কৰা হয়। ইয়াৰ লগতে দিয়া হয় ভাৰত মাতাৰ শ্ল’গান। এই সমগ্ৰ কাৰ্যসূচীৰ এক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এনে বিতৰ্কৰ পিছতে প্ৰশাসনে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।
জড়িত অখিল ভাৰত হিন্দু মহাসভা
অখিল ভাৰত হিন্দু মহাসভাৰ একাংশ বিষয়ববীয়া আৰু সদস্যই এই কাৰ্য সম্পন্ন কৰে। সংগঠনটোৰ দাবী অনুসৰি, ১৬৩২ চনত তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পৰা আজিলৈকে ইয়াৰ মূল চৌহদত কেতিয়াও ত্ৰিৰংগা উত্তোলন কৰা হোৱা নাছিল। হিন্দু মহাসভাই ইয়াক এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি এয়া দেশৰ অস্তিত্ব আৰু গৌৰৱৰ প্ৰতীক বুলি উল্লেখ কৰে।
ভাইৰেল ভিডিঅ’
ইণ্টাৰনেটত বিয়পি পৰা ভিডিঅ’টোত সংগঠনটোৰ সদস্যসকলক হাতে হাতে ত্ৰিৰংগা লৈ ‘জন গণ মন’ পৰিৱেশন কৰি থকা দেখা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ (ASI) আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে।
সুৰক্ষা বেষ্টনীক লৈ প্ৰশ্ন
তাজমহলৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ (CISF) হাতত থাকে। উল্লেখ্য যে তাজমহলৰ ভিতৰত যিকোনো ধৰণৰ পতাকা, ধৰ্মীয় বা ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত চৰকাৰীভাৱে কঠোৰ নিষেধাজ্ঞা বলৱৎ থাকে। ইমান তন্নত তন্নকৈ কৰা তালাচী আৰু কটকটীয়া নিৰাপত্তাৰ মাজতো সংগঠনটোৰ সদস্যসকল পতাকা লৈ কেনেকৈ ভিতৰ সোমাল, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।
প্ৰশাসনৰ পদক্ষেপ
প্ৰশাসনে এতিয়া এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ভিডিঅ’টো তাজমহলৰ ঠিক কোনটো অংশত কৰা হৈছিল আৰু ইয়াৰ আঁৰত কাৰ কাৰ হাত আছে, সেই বিষয়ে বিশদ অনুসন্ধান চলি আছে।
হিন্দু মহাসভাৰ প্ৰতিক্ৰিয়া
আনহাতে, হিন্দু মহাসভাৰ বিষয়ববীয়াসকলে স্পষ্টকৈ কৈছে যে ভাৰতৰ সৰ্বোচ্চ কীৰ্তিচিহ্নত ৰাষ্ট্ৰীয় পৰ্বৰ দিনা পতাকা উত্তোলন কৰাটো প্ৰতিজন নাগৰিকৰ অধিকাৰ। তেওঁলোকে এই কাৰ্যক তাজমহলৰ ইতিহাসৰ এক নতুন আৰম্ভণি বুলি আখ্যা দিছে।