শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাতি ৩ বজাত হাতত কুঠাৰ লৈ আহিল পত্নী, তাৰ পিছতে স্বামীৰ সৈতে ভয়ংকৰ ঘটনা…

নিহত লোকজনৰ নাম আজুৰাম ৰাজপুত (৫১)। তেওঁ গাঁৱতে বাস কৰিছিল আৰু কেইবছৰমান আগতে তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ৰুজেশ্বৰী ৰাজপুতৰ (২৬)ৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়। দম্পতীৰ এটি চাৰি বছৰীয়া পুত্ৰও আছে।

ৰাতি ৩ বজাত হাতত কুঠাৰ লৈ আহিল পত্নী, তাৰ পিছতে স্বামীৰ সৈতে ভয়ংকৰ ঘটনা…
পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ
Trishna Kalita
Trishna Kalita | Published: 26 Jan 2026 14:02 PM

এক চাঞ্চল্যকৰ হত্যাকাণ্ড! পাথাৰিয়াত নিৰ্যাতনত বিৰক্ত হৈ পত্নীয়ে স্বামীৰ নিজৰ প্ৰাণ কাঢ়ি নিয়াৰ অভিযোগ উঠিছে।  ছত্তীশগড়ৰ মুংগেলীৰ গংদ্বাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছে। নিহত লোকজনৰ নাম আজুৰাম ৰাজপুত (৫১)। তেওঁ গাঁৱতে বাস কৰিছিল আৰু কেইবছৰমান আগতে তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ৰুজেশ্বৰী ৰাজপুতৰ (২৬)ৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়। দম্পতীৰ এটি চাৰি বছৰীয়া পুত্ৰও আছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি তেওঁলোকৰ বিবাহৰ প্ৰথম দিনবোৰত সকলো স্বাভাৱিক আছিল যদিও সময়ৰ লগে লগে সৰু সৰু বিষয়ক লৈ স্বামী-স্ত্ৰীৰ মাজত বিবাদ তীব্ৰতৰ হ’বলৈ ধৰিলে। ওচৰ-চুবুৰীয়াৰ মতে তেওঁলোকৰ মাজত সঘনাই কাজিয়া আৰু মাৰপিট হৈছিল।

২৪ জানুৱাৰীত ৰুজেশ্বৰীয়ে অভিযোগ দাখিল কৰি কয় যে, প্ৰায় ৩ বজাত এজন অচিনাকি ব্যক্তিয়ে ঘৰত প্ৰৱেশ কৰি স্বামীক হত্যা কৰি তাৰ পিছত পলায়ন কৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু ফৰেনছিক দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীৰ পৰা তেজ পৰি থকা মাটি আৰু অন্যান্য প্ৰমাণ সংগ্ৰহ কৰা হয়। প্ৰথম অৱস্থাত এজন অচিনাকি সন্দেহযুক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হয়।

অৱশ্যে চুবুৰীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ আৰু ঘটনাস্থলীত পোৱা প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে পত্নীক বিৰুদ্ধে সন্দেহ ওপজে। তাৰ পিছত জিম্মাত লৈ কঠোৰভাৱে জেৰা কৰা হয়। য’ত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। আৰক্ষীৰ মতে, অভিযুক্ত মহিলাগৰাকীয়ে স্বামীৰ নিৰ্যাতনৰ বাবে মানসিকভাৱে অশান্তিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে। তেওঁৰ স্বাস্থ্যও বেয়া আছিল, যাৰ বাবে মানসিক চাপ আৰু অধিক ভয়াৱহ হৈ পৰিছিল।

জেৰাৰ সময়ত তেওঁ কয় যে, ২৩ জানুৱাৰীৰ নিশা ৰাতিৰ আহাৰ খোৱাৰ পিছত আজু ৰাম বাহিৰলৈ গৈছিল আৰু মাজ নিশা ঘৰলৈ উভতি আহি শুই যায়। ৰাতিপুৱা প্ৰায় ৩ বজাত বাথৰুমলৈ যাবলৈ সাৰ উঠিলে। ঠিক সেই মুহূৰ্ততে এটা পুৰণি বিবাদৰ কথা মনত পেলাই তেওঁ স্বামীক হত্যা কৰাৰ সিদ্ধান্ত ল’লে। শুই থকা অৱস্থাত কুঠাৰেৰে আঘাত কৰি মূৰ, মুখ, ডিঙি, বুকু, পেটত একাধিকবাৰ আঘাতত  আজু ৰামৰ মৃত্যু হয়।

ঘটনাৰ পিছতে চুবুৰীয়াক বিপথে পৰিচালিত কৰিবলৈ চুৰিৰ কাহিনী ৰচনা কৰি অচিনাকি আক্ৰমণকাৰী বুলি দাবী কৰে। তাইৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে তেজৰ দাগ পৰা শাৰী আৰু অপৰাধত ব্যৱহৃত কুঠাৰখন। ২৫ জানুৱাৰীত অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয় আৰু তাৰ পৰাই তেওঁক জেললৈ প্ৰেৰণ কৰা হয়। এই গোচৰৰ অধিক তদন্ত অব্যাহত আছে।