শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এইবাৰ পাকিস্তানত হ’ব জলবিস্ফোৰণ! ভাৰতে খুলি দিলে চেনাব নদীৰ বান্ধ…

ধাৰাবাহিকভাৱে হোৱা ড্ৰোন আক্ৰমণ আৰু গুলীচালনাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। পাকিস্তানৰ কৰা এনে সাহসৰ উপযুক্ত উত্তৰ দিছে ভাৰতীয় সেনাই। ইফালে কেতিয়াবা যদি বন্ধ কৰি ৰাখিছে কেতিয়াবা আকৌ এৰি দিছে চেনাব নদীত নিৰ্মিত ছালাল আৰু বাগলীহাৰ বান্ধৰ পানী ।

এইবাৰ পাকিস্তানত হ’ব জলবিস্ফোৰণ! ভাৰতে খুলি দিলে চেনাব নদীৰ বান্ধ…
চেনাব নদীৰ বান্ধ
trishna-kalita
Trishna Kalita | Published: 09 May 2025 09:53 AM

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাইছে উত্তেজনা। বৃহস্পতিবাৰে মাজনিশা সংঘটিত হোৱা এই আক্ৰমণৰ পিছত শুকুৰবাৰে পুৱা পুনৰ ড্ৰ’নেৰে আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে। যাৰ উপযুক্ত উত্তৰ দিছে ভাৰতীয় সেনাই। অস্ত্ৰ-শস্ত্ৰ, কামান, ড্ৰোনৰ ব্যৱহাৰৰ লগতে কূটনৈতিক যুদ্ধৰ জৰিয়তে পাকিস্তানক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছে ভাৰতে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। ইয়াৰ পাছতে ৯ মে’ৰ পুৱাতে চেনাব নদীৰ ওপৰত নিৰ্মিত ছালাল বান্ধৰ তিনিখন দুৱাৰ মুকলি কৰি দিয়া হয়। ৰামবনৰ চেনাব নদীত নিৰ্মিত বাগলীহাৰ জলবিদ্যুৎ প্ৰকল্পৰ মথাউৰিৰ এখন গেট মুকলি কৰা হৈছে।

ইয়াৰ পূৰ্বে বিগত দিনবোৰত ভাৰতে চেনাব নদীৰ জলপৃষ্ঠ হ্ৰাস কৰিছিল। সংবাদ সংস্থা এ এন আইৰ মতে, ভাৰতীয় কৰ্তৃপক্ষই চেনাব নদীৰ বাগলীহাৰ জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ সকলো গেট বন্ধ কৰি দিয়ে। চেনাব নদীত নিৰ্মিত ছালাল বান্ধৰ সকলো দুৱাৰো বন্ধ কৰি দিয়া হয়। অৱশ্যে নিজৰ  দায়িত্ব বুজি সাগৰীয় জীৱৰ যত্ন লৈছে ভাৰতে । সাগৰীয় বন্যপ্ৰাণীৰ ওপৰত কোনো বিশেষ প্ৰভাৱ নপৰিবলৈ ছালাল আৰু বাগলীহাৰ বান্ধৰ এখন গেটৰ পৰা পানী এৰি দিয়া হৈছিল।

উল্লেখ্য যে, সিন্ধু জল চুক্তিৰ অন্তৰ্গত ঝিলাম, চেনাব, ৰবি, বিয়াছ, ছটলেজ। ইয়াৰ ব্যৱহাৰৰ অধিকাৰ ১৯৬০ চনৰ এখন চুক্তিৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মাজত বিভক্ত কৰা হৈছিল। জলসিঞ্চনৰ বাবে পাকিস্তান এই নদী ব্যৱস্থাসমূহৰ ওপৰত নিৰ্ভৰশীল।

পাকিস্তানৰ সিন্ধু নদী ব্যৱস্থা প্ৰাধিকৰণৰ মুখপাত্ৰ মহম্মদ খালিদ ইদ্ৰিছ ৰাণাই ব্লুমবাৰ্গক জনাইছে যে, ভাৰতে পাকিস্তানৰ পৰা লাভ কৰা পানীৰ পৰিমাণ প্ৰায় ৯০ শতাংশ হ্ৰাস কৰিছে। তেওঁ কয় যে, যদিহে এই প্ৰবাহ হ্ৰাস পাই থাকে তেন্তে ইছলামবাদে খেতিলৈ পানী যোগান পঞ্চমাংশ হ্ৰাস কৰিব লাগিব। তেওঁ কয় যে ,ভাৰতে সাধাৰণতে প্ৰতিদিনে কিছু পৰিমাণে পানী বিদ্যুৎ উৎপাদনৰ বাবে সংৰক্ষণ কৰে, কিন্তু কেইঘণ্টামানৰ মূৰে মূৰে পানী এৰি দিয়ে।

পাকিস্তানৰ সিন্ধু নদী ব্যৱস্থা প্ৰাধিকৰণৰ পৰামৰ্শদাতা পেনেলে সোমবাৰে মৰালাত চেনাব নদীৰ প্ৰবাহ হঠাতে হ্ৰাস পোৱাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে কয় যে. ভাৰতৰ এই পদক্ষেপৰ বাবে খৰালি বতৰৰ আৰম্ভণিতে পানীৰ নাটনি হ’ব। পাকিস্তানৰ সৈতে বৰ্ধিত উত্তেজনাৰ মাজতে ভাৰতে পানী এৰি দিয়াৰ ক্ষমতাৰ কৌশলগত সংকেত হিচাপে চেনাব নদীৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰাটো বহুলভাৱে গণ্য কৰা হয়। অৱশ্যে অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বৃদ্ধি পোৱা জলপৃষ্ঠ আৰু বান্ধৰ ওপৰত পৰা চাপ নিয়ন্ত্ৰণৰ বাবে ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলিও কোৱা হৈছে।

লগতে পঢ়ক: সীমান্ত-সাগৰৰ পৰা দেশৰ ভিতৰলৈ… মাত্ৰ ৩৫ মিনিটতে শেষ হৈ গ’ল সকলো! ভাৰতৰ পৰিকল্পনা দেখি নিৰ্বাক পাকিস্তান