হয়, মই হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিলো… আৰক্ষীৰ জেৰাত নিজ মুখে সকলো কৈ গ’ল সোণমে
ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত পোনপটীয়াকৈ জড়িত আছিল তেওঁৰ পত্নী সোণম । আৰক্ষীৰ জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰিছে সোণমে। স্বীকাৰ কৰিছে যে তেওঁ সমগ্ৰ ষড়যন্ত্ৰৰ অংশ আছিল।

ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডত ষড়যন্ত্ৰত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে পত্নী সোণম ৰঘুবংশীয়ে । সদৰ থানাত এছ আই টিৰ জেৰাৰ সময়ত সোণমে কয় যে তেওঁ ৰাজাৰ হত্যাৰ পৰিকল্পনাত জড়িত আছিল। আচলতে গোচৰটোৰ তদন্ত কৰা এছ আই টিৰ দলটোৱে সোণমক তেওঁৰ বিৰুদ্ধে সংগ্ৰহ কৰা প্ৰমাণৰ কথা জনাইছিল। ইয়াৰ পিছতে সোণমে স্বীকাৰ কৰে যে তেওঁ হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিল।
আজি আৰক্ষীয়ে শ্বিলঙত ৰাজা হত্যাকাণ্ডৰ অভিযুক্তক মুখামুখি কৰাইছিল। এই সময়ছোৱাত সোণম আৰু ৰাজৰো মুখামুখি হয়। তেতিয়াই এছ আই টিৰ জেৰাৰ সময়ত সোণমে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। SITয়ে দেখুওৱা প্ৰমাণ দেখি সোণমে কান্দিবলৈ ধৰে। উল্লেখ্য যে মেঘালয় আৰক্ষীয়ে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
ইয়াৰ ভিতৰত ৰাজা ৰঘুবংশীৰ পত্নী সোণম, ৰাজ কুশৱাহা (সোণমৰ প্ৰেমিক) আৰু তিনিজন চুপাৰি কিলাৰ আনন্দ, আকাশ ৰাজপুত আৰু বিশাল ওৰফে বিকি ঠাকুৰ। ইউ পিৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল সোণমক। ইন্দোৰৰ পৰা ৰাজ কুশৱাহা আৰু বিশালক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এমপিৰ সাগৰৰ পৰা আকাশ ৰাজপুত আৰু ইউ পিৰ ললিতপুৰৰ পৰা আনন্দক গ্ৰেপ্তাৰ কৰে। ৰাজাক হত্যা কৰা তিনিজন চুপাৰি কিলাৰ বিশাল, আনন্দ আৰু আকাশেও নিজৰ অপৰাধ স্বীকাৰ কৰিছে।
মেঘালয় আৰক্ষীয়ে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে
ইন্দোৰত তদন্তৰ অন্তত মঙলবাৰে মেঘালয় আৰক্ষী চাৰিজন অভিযুক্ত ৰাজ, বিশাল, আকাশ আৰু আনন্দৰ সৈতে নিশা শ্বিলঙলৈ ৰাওনা হয়। সেই সময়তে মেঘালয় আৰক্ষীৰ এটা দল গাজীপুৰলৈ আহিছিল, যিটো দলে শ্বিলঙলৈ নিছিল সোণমক। এতিয়া সকলো অভিযুক্তক সোধা-পোছা কৰা হৈছে। এই পৰ্যন্ত তদন্ত অনুসৰি সোণমৰ নিজৰ কাৰখানাত কাম কৰা ৰাজ কুশৱাহাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল।
সোণমে ৰাজা ৰঘুবংশীৰ সৈতে বিয়া হলেও তেওঁৰ লগত থাকিবলৈ মন নাছিল। ইফালে প্ৰেমিক ৰাজকো পাহৰিব পৰা নাছিল সোণম। সেইবাবেই তেওঁ ৰাজাক বাটৰ পৰা আঁতৰাবলৈ হত্যাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। ৰাজেও সোণমক এই পৰিকল্পনা কৰাত সহায় কৰিছিল। বিয়াৰ ৯ দিনৰ পাছত ২০ মে’ত ৰাজা আৰু সোণম শ্বিলং অভিমুখে ৰাওনা হয়। ২৩ মে’ত দুয়ো শ্বিলঙত উপস্থিত হয় আৰু সেইদিনা হত্যাকাৰীয়ে ৰাজাক হত্যা কৰে।
লগতে পঢ়ক: অপৰাধ স্বীকাৰ কৰিছোঁ….সোণমৰ সন্মুখতে ৰাজাক হত্যা কৰিছিল চুপাৰি কিলাৰে! ক’লে সমগ্ৰ কাহিনী …